Logo
image

‘টুইটাৰ’ত ভাৰতীয় কৰ্মচাৰীৰ চাটাই আৰম্ভ

আমাৰ অসম, ৫ নৱেম্বৰ: টুইটাৰ অধিগ্ৰহণ কৰাৰ নৱম দিনৰ পৰা ভাৰতীয় কৰ্মচাৰীৰ ছাটাই অভিযান আৰম্ভ কৰিলে নতুন মালিক ধনকুবেৰ এলন মাস্কে৷ শুকুৰবাৰে নিশা ৯ বজাত ভাৰতীয় কৰ্মচাৰীৰ ছাটাইৰ বাবে এলন মাস্কৰ পৰা জাননী আহিব বুলি খবৰ পাইছিল কৰ্মচাৰীসকলে৷ সেই লৈ সকলো উদ্বিগ্নও হৈ আছিল৷ অৱশেষত সেই খবৰ সঁচা হ’ল আৰু ভাৰতত থকা টুইটাৰৰ কৰ্মচাৰীৰ ছাটাই অভিযান আৰম্ভ হ’ল৷ শুকুৰবাৰে মুঠতে কিমানজন  কৰ্মচাৰীক ছাটাই কৰিছে সেই সন্দৰ্ভত এতিয়াও নিৰ্দিষ্ট তথ্য প্ৰকাশ পোৱা নাই৷ প্ৰাথমিকভাৱে জানিব পৰা অনুসৰি ছেলছ, ইঞ্জিনীয়াৰিং আৰু পাৰ্টনাৰশ্বিপ বিভাগৰ কৰ্মচাৰীক ছাটাই কৰা হৈছে৷ জানিব পৰা অনুসৰি মাৰ্কেটিং শাখাৰ সকলো কৰ্মচাৰীকে আজি শুকুৰবাৰে একেলগে ছাটাই কৰিছে এলন মাস্কে৷ মুখ্যকাৰ্যালয়ৰ নিৰ্দেশত শুকুৰবাৰে ভাৰতত থকা টুইটাৰৰ সকলো কাৰ্যালয় বন্ধ ৰখা হৈছিল৷ এদিন পূৰ্বে দিয়া জাননীৰে  ভাৰতৰ কাৰ্যালয়সমূহ আজি বন্ধ ৰাখিবলৈ কোৱা হৈছিল আৰু কোন কোন শনিবাৰৰ পৰা কাৰ্যালয়লৈ আহিব লাগিব তেওঁলোকলৈ শুকুৰবাৰে নিশা ৯ বজাৰ ভিতৰত জাননী প্ৰেৰণ কৰিব বুলি জনোৱা হৈছিল৷ পিছে ৯ বজাৰ পূৰ্বেই এলন মাস্কৰ টুইটাৰৰ মুখ্য কাৰ্যালয়ৰ পৰা চাকৰিৰ ছাটাইৰ জাননী আহি পাইছে৷ প্ৰাথমিকভাৱে আহৰণ কৰা তথ্য অনুসৰি ভাৰতত থকা মুঠ কৰ্মচাৰীৰ অৰ্ধেকক চাকৰিৰ পৰা এলন মাস্কে বৰ্খাস্ত কৰিছে৷ অৱশ্যে এতিয়াও সমৰ্থিত সূত্ৰৰ পৰা নিৰ্দিষ্ট সংখ্যা জানিব পৰা হোৱা নাই৷ পিছে প্ৰায় অৰ্ধেক কৰ্মচাৰী যে ছাটাই কৰা হৈছে সেয়া টুইটাৰৰ ভাৰতীয় কাৰ্যালয়ৰ সূত্ৰৰ পৰা প্ৰকাশ পাইছে৷ উল্লেখ্য বিশ্বজুৰি টুইটাৰৰ ৭৫০০ স্থায়ী কৰ্মচাৰী আছিল৷ ইয়াৰে ৩৭০০ কৰ্মচাৰীক এলন মাস্কে বৰ্খাস্ত কৰিব বুলি প্ৰকাশ কৰিছে৷ প্ৰথম দিনাই অৰ্থাৎ যোৱা বৃহস্পতিবাৰে এলন মাস্কে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ অধিগ্ৰহণ কৰিছিল আৰু সেইদিনা সন্ধিয়াই টুইটাৰৰ চিইঅ’ ভাৰতীয় বংশোদ্ভৱ পৰাগ আগৰৱালক বৰ্খাস্ত কৰি প্ৰায় খেদি পঠিওৱাৰ দৰে ছানফ্ৰান্সিকোৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিয়াই পঠিয়াইছিল৷ একেলগে ছিফ ফাইনেন্সিয়েল অফিচাৰ নেড ছাগাল আৰু মুখ্য আইনী বিষয়া বিজয়া গাদ্দেকো বৰ্খাস্ত কৰিছিল৷ তেওঁলোক দুজনো আছিল ভাৰতীয় বংশোদ্ভৱ৷ ইপিনে কেইদিনমান পাছতে নতুন মালিক এলন মাস্কে ঘোষণা কৰে, যিসংখ্যক কৰ্মচাৰীক তেওঁ বৰ্খাস্ত নকৰে, তেওঁলোকে ১২ ঘণ্টাকৈ সপ্তাহৰ সাত দিনেই কাম কৰিব লাগিব৷ তেওঁলোকে কোনো ছুটী নাপাব৷ অৱশ্যে তেওঁলোকে ১২ ঘণ্টাকৈ সপ্তাহৰ সাত দিনেই কাম কৰিলেই যে চাকৰি থাকিব তাৰ কোনো নিশ্চয়তা নাই৷ সেই জাননী পোৱাৰ পাছতে বিজ্ঞাপন শাখা, বিক্ৰয় শাখা, আভিযান্ত্ৰিক শাখা আৰু কেইবাটাও শাখাৰ মুৰব্বী তথা তেওঁলোকৰ অধীনস্থ শীৰ্ষ বিষয়াসকলে নিজৰ সন্মান অটুট ৰাখি আগতীয়াকৈ পদত্যাগপত্ৰ দাখিল কৰে৷