
কাইলৈ তৃতীয় বৰ্গৰ ফলাফল
আমাৰ অসম, ৫ নৱেম্বৰ: বহু প্ৰত্যাশিত অসম চৰকাৰৰ তৃতীয়বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল দেওবাৰে ঘোষণা হ’ব৷ ৰাজ্যৰ ৯ লাখ নিবনুৱা প্ৰাৰ্থীয়ে অৱতীৰ্ণ হোৱ তৃতীয়বৰ্গৰ ১৩,৩০০টা পদৰ ফলাফল ঘোষণাা কৰাৰ তথ্য টুইটযোগে সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত তৃতীয়বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল দেওবাৰে প্ৰকাশ পাব৷ ২৮ আগষ্টত দুয়োবেলা অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৮ লাখ ৫২ হাজাৰ ১৮১জন প্ৰাৰ্থী৷ আনহতে, ১১ ছেপ্টেম্বৰত অনুষ্ঠিত গাড়ী চালকৰ পদৰ পৰীক্ষাতো ৬৯ হাজাৰ ৪৫৩জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল৷ তৃতীয় বৰ্গৰ প্ৰথম দিনাৰ পৰীক্ষাৰ বাবে মোবাইল ইণ্টাৰনেটৰ ডাটা সেৱা কৰ্তন কৰাৰ লগতে জিলাই জিলাই ১৪৪ ধাৰা জাৰি কৰিছিল৷ ইফালে গাড়ী চালকৰ পদৰ পৰীক্ষাত গাড়ী চালনা সম্পৰ্কীয় কোনো প্ৰশ্ন অহা নাছিল বুলিও পৰীক্ষাৰ্থীসকলে অভিযোগ কৰিছিল৷ অৱশ্যে বহু প্ৰতীক্ষাৰ অন্তত ছেবাই অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ ওলোৱাত উৎকণ্ঠিত হৈ পৰিছে প্ৰাৰ্থীসকলে৷ মেধাৰ ভিত্তিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আশা ব্যক্ত কৰিছে নিবনুৱা প্ৰাৰ্থীসকলে৷ পৰীক্ষাৰ ফলাফলৰ লগতে প্ৰাপ্ত নম্বৰৰ আৰু এনছাৰ কী ৰাজহুৱা কৰাৰ বাবেও আহ৩ান জনাইছে প্ৰাৰ্থীসকলে৷ কিয়নো চতুৰ্থবৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা এপষেক অতিক্ৰম কৰাৰ পাছতো ছেবাই প্ৰাপ্ত নম্বৰ আৰু এনছাৰ কী ৰাজহুৱা কৰা নাই৷ ছেবাৰ এই কাৰ্যত একাংশ প্ৰাৰ্থীয়ে ফলাফলৰ স্বচ্ছতাক লৈও সন্দেহ প্ৰকাশ কৰিছে৷ যদিহে ফলাফলত কোনো বিসংগতি নাই, তেনেহ’লে নম্বৰ তালিকা ৰাজহুৱা কৰাত ছেবা তথা চৰকাৰৰ আপত্তি ক’ত বু্লিও প্ৰশ্ন কৰিছে৷ আনহাতে, চতুৰ্থ বৰ্গৰ চাকৰিত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে যদিও ৰাজ্য চৰকাৰে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ লোৱাত নিযুক্তিৰ ফলাফলক লৈও একাংশই স্বজন-তোষণৰ আশংকা কৰিছে৷