Logo
image

কেজৰিৱালৰ বিস্ফোৰণ : নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিবলৈ বিজেপিয়ে দিছে অফাৰ

ডিজিটেল ডেস্ক :ঘোষণা কৰা  হ'ল গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন৷ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন৷ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বাকযুদ্ধ তুঙ্গত দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিক তীব্ৰ সমালোচনা কৰিছে৷ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাক্ষাৎকাৰ দি কেজৰিৱালে কয় যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিবলৈ কেজৰিৱালক বিশেষ প্ৰস্তাৱ আগবঢ়াইছে বিজেপিয়ে৷ 

কেজৰিৱালে কয় যে বিজেপিয়ে মোক প্ৰস্তাৱ দিছে, গুজৰাট নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিলে সতীন্দ্ৰ জৈন আৰু মনীষ চিছোদিয়া এৰি দিব। লগতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চিবিআইয়ে মনীষ চিছোদিয়াক জেৰা চলোৱাৰ সময়ত চিছোদিয়াক কেজৰিৱালৰ লগ এৰিবলৈ কৈ মুখ্যমন্ত্ৰী বনোৱাৰ প্ৰলোভন দিছিল৷

উল্লেখ্য, ১ ডিচেম্বৰ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ৷ নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ এই মন্তব্যই এতিয়া তোলপাৰ লগাইছে দেশৰ ৰাজনীতি৷