
আন এক বিপদ! এইবাৰ হ’ব গ্ৰীচ-তুৰস্কৰ যুদ্ধ
আমাৰ অসম, ৫ নৱেম্বৰ: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি থকাৰ মাজতে এইবাৰ নাটোৰ [উত্তৰ আটলাণ্টিক সন্ধি সংস্থা] দুই শক্তিশালী দেশ তুৰস্ক আৰু গ্ৰীচৰ মাজত যুদ্ধৰ আশংকাই দেখা দিছে৷ দুয়োখন দেশৰ মাজত চলি থকা বিবাদে চূড়ান্ত পৰ্যায় পাইছেগৈ৷ গ্ৰীচ আৰু তুৰস্ক হৈছে নাটোৰ আটাইতকৈ পুৰণি সদস্যৰ অন্যতম৷ ১৯৫২ চনত দুয়োখন দেশ একেলগে নাটোৰ সদস্য হৈছিল৷ কিন্তু নাটোৰ সদস্য হোৱাৰ আগৰে পৰাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বেয়া আছিল৷ নাটোৰ সদস্য হোৱাৰ পাছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে যথেষ্ট চেষ্টা চলোৱা হৈছিল৷ কিন্তু একো কামত নাহিল৷ গতিকে প্ৰথমবাৰলৈ নটোৰ দুখন দেশৰ মাজত যুদ্ধ হোৱাৰ আশংকাই দেখা দিছে৷ দক্ষিণ-পূব ইউৰোপৰ দেশ তুৰস্ক আৰু গ্ৰীচৰ মাজত চলি অহা শত্ৰুতাৰ বাবেই দুয়োখন দেশে নিজ নিজ সৈন্য শক্তি বৃদ্ধি কৰি আহিছে৷ গ্ৰীচৰ বায়সেনা আৰু নৌসেনাৰ শক্তি অধিক বেছি৷ গ্ৰীচৰ হাতত আছে ফ্ৰান্সৰ অত্যাধুনিক ৰাফাল বিমান৷ লগতে আছে অত্যাধুনিক এফ-১৬৷ তুৰস্কৰ হাততো আছে যথেষ্ট অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ৷ মুঠতে গ্ৰীচক প্ৰত্যাহ্বান জনাবলৈ তুৰস্ক সম্পূৰ্ণ সাজু৷ দুয়োখন দেশৰ মাজত চাইপ্ৰাচৰ বিভাজনক লৈ মনোমালিন্য চলি থকাৰ সময়তে এজিয়েন আৰু পূব ভূমধ্য সাগৰৰ দ্বীপক লৈ দুয়োখন দেশৰ মাজৰ বিবাদ আৰু অধিক ভয়াৱহ হৈ পৰে৷ তুৰস্কৰ মতে এই দ্বীপত তেওঁলোকৰ অধিকাৰ আছে, কিন্তু গ্ৰীচেও দাবী কৰিছে যে এই দ্বীপ তেওঁলোকৰো৷ গ্ৰীচে ইউএনক্লছৰ দোহাই দি দাবী কৰি আহিছে যে এই দ্বীপসমূহৰ বিশেষ আৰ্থিক ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ আছে৷ তুৰস্কই গ্ৰীচক এনে দাবী নকৰিবলৈ সকীয়াই দিছে৷ নহ’লে যুদ্ধ অনিবাৰ্য বুলিও স্পষ্ট কৰি দিছে তুৰস্কই৷