Logo
image

শনিবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ সামগ্ৰী

ডিজিটেল ডেস্ক : শনি গ্ৰহক লৈ বহুতৰে ভয়। শাস্ত্ৰমতে, শনিৰ ৰোষত পৰিলে জীৱনত ঋণাত্মক প্ৰভাৱ পৰে। আনহাতে শনি দেৱতা সন্তুষ্ট হ’লে জীৱনত সাফলতা লাভ কৰাটো সহজ হৈ পৰে৷

কিছুমান সামগ্ৰী শনিবাৰে ক্ৰয় কৰাটো অশুভ বুলি গণ্য কৰা হয়৷ সেই সামগ্ৰীসমূহৰ ভিতৰত আছে :
শনিবাৰে লোহাৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে। যদি লোহাৰ ব্যৱসায় কৰে, তেন্তে শনিবাৰে লোহাৰ বস্তু কিনা-বেচা নকৰিব। তদুপৰি কোনো ধৰণৰ যান-বাহনো ক্ৰয় কৰিব নালাগে শনিবাৰে। ইয়াৰ উপৰি শনিবাৰে ক’লা ৰঙৰ জোতা, বৈদ্যুতিক সামগ্ৰী, ছাটি, সৰিয়হ বা সৰিয়হৰ তেল ক্ৰয় কৰিব নালাগে।