Logo
image

‘অৰ্জুন বঁটা’ৰ বাবে নয়নমণিৰ নাম প্ৰস্তাৱ

আমাৰ অসম, ৬ নৱেম্বৰ: বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্‌থ গেমছত স্বৰ্ণপদক লাভ কৰা ভাৰতৰ মহিলা ল’নবল দলটোৰ সদস্য অসমৰ নয়নমণি শইকীয়াৰ নাম সন্মানীয় ‘অৰ্জুন’ বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ  এ এম খানৱিলকাৰ নেতৃত্বাধীন বাৰজনীয়া নিৰ্বাচক কমিটীয়ে ‘অৰ্জুন’ বঁটাৰ বাবে প্ৰস্তাৱ কৰা ২৫জনীয়া তালিকাত থকা অসমৰ একমাত্ৰ খেলুৱৈগৰাকী হৈছে নয়নমণি৷ তেওঁৰ লগতে সেই তালিকাখনত আছে মণিপুৰৰ জুডো খেলুৱৈ সুশীলা দেৱীও৷ ‘অৰ্জুন’ বঁটাৰ বাবে যিসকল খেলুৱৈৰ নাম প্ৰস্তাৱ কৰা হৈছে, তেওঁলোকৰ অন্যতম হৈছে মহিলা বক্সাৰ নিখট জাৰিন, মহিলা মল্লযোদ্ধা অঞ্চু মালিক, বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন আৰু দবা খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দা৷ আনহাতে, দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান ‘মেজৰ ধ্যান চান্দ খেলৰত্ন’ৰ বাবে প্ৰস্তাৱ কৰা হৈছে অভিজ্ঞ টেবল টেনিছ খেলুৱৈ অশান্ত শৰৎ কমলৰ নাম৷