ৰাসোৎসৱৰ মাজতে ৫টা গঁড়ে কঁপাইছে মাজুলী
আমাৰ অসম, ৬ নৱেম্বৰ : সাত নৱেম্বৰৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ৷ মাজুলীবাসীৰ এই ব্যস্ততাপূৰ্ণ সময়ৰ মাজতে কাজিৰঙাৰ পাঁচটাকৈ গড়ে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ একপ্ৰকাৰ বন্য জীৱ-জন্তুৰ বিচৰণভূমিলৈ পৰিণত মাজুলী৷ মাজুলীৰ মচুৱা চাপৰিত পাঁচটাকৈ গঁড়ৰ মুক্ত বিচৰণৰ বিপৰীতে উজনি মাজুলীত ডেৰ শতাধিক বন্য হস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ৷ এফালে ৰাসোৎসৱক লৈ উখল-মাখল, আনফালে গঁড় আৰু হাতীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে উজনি আৰু মাজুলীৰ চাপৰিবাসী৷ মাজুলীৰ বন বিভাগৰ সতৰ্কৰ জাননী প্ৰেৰণ কৰিছে৷ কোনো লোকেই ৰাতি ঘৰৰ পৰা যাতে বাহিৰলৈ ওলাই নাহে তাৰ বাবে সাৱধান কৰি দিছে৷ মাজুলীৰ বন বিভাগত বনকৰ্মীৰ সংখ্যা ক’ম হোৱাৰ বাবে গঁড় আৰু হাতীৰ জাকটোৰ পৰা ৰাইজক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মাজুলীৰ বন কৰ্মীসকল৷ মাজুলীৰ চৰ চাপৰিসমূহলৈ কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীজাক আৰু এই পাঁচটাকৈ গঁড়ে কৃষকৰ ধাননি আৰু মাটি মাহ, মগুমাহৰ খেতি খাই তহিলং কৰিছে৷ দিনৰ ভাগত মাজুলীৰ পথাৰে পথাৰে বিচৰণ অসম গৌৰৱক লৈ চিন্তিত হৈ পৰিছে চাপৰিবাসী৷ উল্লেখ্য, মাজুলীত বিগত দুটা মাহে তিনিটা গঁড় মুক্ত বিচৰণ কৰি আছে৷ এসপ্তাহ পূৰ্বে আৰু দুটা গঁড়ে কাজিৰঙাৰ পৰা ওলাই আহি লগ লগাত উপায়হীন হৈ পৰিছে কৃষক ৰাইজ৷ মাজুলীৰ মচুৱা, কেৰেলা, কাৰি, অজুৰ্ন, পেজাব, ভেলৌ আদি চৰ চাপৰিত পাঁচটা গঁড়ৰ মুক্ত বিচৰণ কৰি ফুৰা পাঁচটাকৈ গড়ে ৰাস উৎসৱৰ আনন্দও ম্লান কৰি তুলিছে চাপৰি অঞ্চলৰ ৰাইজৰ৷
ওদালগুৰিত হাতী পোৱালি মৃত্যুৰ গোচৰত এজনক গ্ৰেপ্তাৰ
ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত গৰুৱাঝাৰত কালি ডেৰ বছৰীয়া এটি হাতী পোৱালিৰ কৰুণভাৱে মৃত্যু হোৱা ঘটনাই সমগ্ৰ জিলাখনক জোকাৰি গৈছিল৷ জানিব পৰা মতে, উক্ত হাতী পোৱালিটো গৰুৱাঝাৰৰ ছয়াবস্তিৰ অনিল এক্কাই ধাননি পথাৰত অবৈধভাৱে বৈদ্যুতিক তাঁৰ সংযোগ কৰি ৰখাত উক্ত বৈদ্যুতিক তাঁৰত লাগি পোৱালি হাতীটো বিদ্যুস্পৃষ্ট হৈ মৃত্যু ঘটে৷ তাৰ পাছতে বন বিভাগে ঘটনাৰ তদন্ত কৰি ঘটনাৰ সৈতে জড়িত ছয়াবস্তিৰ অনিল এক্কাক কালি সন্ধিয়া পানেৰী বিট অফিচাৰ মৃন্ময় হাজৰিকাৰ নেতৃত্বত আৰক্ষী আৰু জিলা বন বিভাগৰ সহযোগত অভিযান চলাই আটক কৰি আজি বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত অনিল এক্কাক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷






