Logo
image

মৃত্যুৰ মাথোঁ ১১ বছৰ, প্ৰায় বিস্মৃতিৰ গৰ্ভত সুধাকণ্ঠ : সমাধিক্ষেত্ৰলৈ নাহিল কোনো মন্ত্ৰী-নেতা

আমাৰ অসম, ৬ নৱেম্বৰ: এক বিকল্পহীন ব্যক্তিত্বৰ নামেই সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা৷ সুধাকণ্ঠক বাদ দি অসম আৰু অসমীয়াৰ নক্সা আঁকিব নোৱাৰি৷ শনিবাৰে সুধাকণ্ঠ নোহোৱা হোৱা ১১ বছৰ হ’ল৷ এই মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ কৰা হ’ল জনতাৰ শিল্পীগৰাকীক৷ কৰ’বাত যদি প্ৰভাত ফেৰী অনুষ্ঠিত হ’ল, কৰ’বাত গীত-মাতেৰে স্মৰণ কৰা হ’ল হিয়াৰ আমঠু ভূপেনদাক৷ ‘আই মোৰ সোণৰে অসমৰ, আই মোৰ সোণৰে মন্দিৰ’– সুধাকণ্ঠৰ এই অমৰকণ্ঠত যেন পুনৰবাৰ প্ৰাণ পালে অসম, অসমীয়াই৷ ৰাজ্যৰ অৰঙে দৰঙে অসংখ্যজনৰ চকুৰ লোতকেৰে আজিৰ পৰা ১১ বছৰ পূৰ্বে জালুকবাৰীৰ সমাধিক্ষেত্ৰত চিতাৰ জুইত চিৰদিনৰ বাবে শুই পৰিছিল সুধাকণ্ঠই৷ যোৱা এঘাৰটা বছৰত ৰাজ্যত বহুতখিনি সলনি হ’ল, কিন্তু কোনো সলনি নহ’ল সুধাকণ্ঠৰ সমাধিস্থলীৰ৷ একাংশ মৃত্যুবাৰ্ষিকীৰ দিনটোতো পিক পৰি কদৰ্যময় হৈ থাকিল সুধাকণ্ঠৰ সমাধি৷ মকৰাজাল লাগিল বৰমূধচত৷ প্ৰহসনত পৰিণত হ’ল প্ৰস্তাৱিত সংগ্ৰহালয়৷ ‘নালাগে মোৰ সোঁৱৰণী সভা, নালাগে মিছা নাম’ শীৰ্ষক গীত গাই যোৱা সুধাকণ্ঠক মৃত্যুৰ ১১ বছৰৰ পাছত ৰজাঘৰ-প্ৰজাঘৰে পাহৰিলে নেকি৷ সৰ্বত্ৰ এতিয়া এই প্ৰশ্নই উত্থাপিত হৈছে৷ সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমাধিক্ষেত্ৰলৈ নাহিল মুখ্যমন্ত্ৰীকে ধৰি এজনো মন্ত্ৰী-নেতা৷ সকলো ব্যস্ত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত৷ পূৰ্বৰ তুলনাত সমাধীস্থলীলৈ নাহিল অনুৰাগী৷ প্ৰায় যেন বিস্মৃতিৰ গৰ্ভত সোমাল সুধাকণ্ঠ৷ নাহিল জাতীয় দল-সংগঠনৰ নেতৃত্ব৷ অৱশ্যে আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত আছুৰ এটা দল জালুকবাৰীৰ সমাধিস্থলীত উপস্থিত হৈ সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সমাধিক্ষেত্ৰৰ কাম আগনবঢ়াত ক্ষোভ প্ৰকাশ কৰি ড॰ ভট্টাচাৰ্যই কয় যে নিৰ্মাণকাৰ্যত গুৰুত্ব দিয়া চৰকাৰে অগ্ৰাধিকাৰ দি সমাধিক্ষেত্ৰৰ কাম আগবঢ়াব লাগে৷ সমাধিক্ষেত্ৰত লাইটৰ ব্যৱস্থা নোহোৱাটো লজ্জাজনক৷ সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকায়ো উজাৰিলে ক্ষোভ৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে এঘণ্টাতে নিয়মমাফিক অনুষ্ঠান পালনেৰে সামৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ মন্ত্ৰীৰ কথা বাদেই, অনুষ্ঠানত উপস্থিত নাথাকিল চৰকাৰৰ কোনো এজন প্ৰতিনিধি৷ একাদশ মৃত্যুবাৰ্ষিকীৰ দিনটোতো উকা হৈ ৰ’ল সুধাকণ্ঠৰ কলিয়াবৰৰ কুঠৰীৰ বাসগৃহ৷ ইফালে, বিশ্ববন্দিত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই আমেৰিকাৰ পৰা সামাজিক মাধ্যমত আজি পোষ্ট কৰিলে এক দীঘলীয়া আৱেগিক বাৰ্তা৷

দীঘলীপুখুৰীপাৰত দহ হাজাৰগছি বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠলৈ আছুৰ শ্ৰদ্ধাঞ্জলি
অসমৰ চিৰবৰেণ্য ব্যক্তি ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ মৃত্যুদিনটোত সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত প্ৰতি প্ৰতিমূৰ্তিস্থলীত কেন্দ্ৰীয়ভাৱে আৰু সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ গোটসমূহে ৰাইজৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ পুৱা ১০.৩০ বজাত দীঘলীপুখুৰী পাৰত থকা ড॰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে৷ ইয়াৰ পাছত ছাত্ৰ সন্থাৰ নেতৃবৰ্গই জালুকবাৰীত থকা ড॰ ভূপেন হাজৰিকাৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনায়৷ দীঘলীপুখুৰী পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত দিনজুৰি ৰাইজে, ছাত্ৰ-ছাত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ লকডাউনৰ বছৰটো বাদ দি প্ৰতিবছৰৰ দৰে এইবছৰো দীঘলীপুখুৰী পাৰত সুধাকণ্ঠই নিজেই উন্মোচন কৰা প্ৰতিমূৰ্তিস্থলীত আৰু দীঘলীপুখুৰীৰ চাৰিওফালে সন্ধিয়া দহ হাজাৰ বন্তি প্ৰজ্বলন কৰি ছাত্ৰসন্থাৰ আহ৩ানত বিশিষ্ট নাগৰিক, শিল্পী, সাহিত্যিক, মহিলা, ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীয়ে সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনায়৷ সন্ধিয়াৰ লগে লগে ৰাইজ দীঘলীপুখুৰী পাৰত সমবেত হৈ একোগছি বন্তি প্ৰজ্বলন কৰি হিয়াৰ আমঠু শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়৷ ছাত্ৰ সন্থাৰ নেতৃবৰ্গই শ্ৰদ্ধাঞ্জলি জনায় কয়– সুধাকণ্ঠৰ সৃষ্টিৰাজীক বিদ্যালয় স্তৰৰ পৰা পাঠক্ৰমত অন্তৰ্ভুক্ত কৰক৷ অসমত ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিস্থান স্থাপন কৰক৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী ৰে’ল ষ্টেচন, ৰে’ল টাৰ্মিনাছ ড॰ ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰক৷ গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি অসমৰ বিশ্ববিদ্যালয়ত ড॰ ভূপেন হাজৰিকাৰ নামত আসন স্থাপন কৰক৷ চৰকাৰে কৰিব বুলি কৈছিল৷ কেতিয়া কৰিব ঘোষণা কৰক৷ ভাৰতবৰ্ষৰ মূল মূল বিশ্ববিদ্যালয়ত আসন স্থাপনৰ ব্যৱস্থা কৰা হওক৷ টাইম কেপচুলৰ জৰিয়তে সুধাকণ্ঠৰ সৃষ্টিৰাজীক সংৰক্ষণ কৰক৷ সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰক৷ অসম চৰকাৰে এই বিষয়ত কাৰ্যব্যৱস্থা কৰক৷

সমাধিক্ষেত্ৰত অনুষ্টুপীয়াকৈ সোঁৱৰণ সুধাকণ্ঠক 
ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুতিথি শনিবাৰে বিশ্ববৰেণ্য শিল্পী গৰাকীৰ শেষ ঠিকনা জালুকবাৰীস্থিত সমাধিক্ষেত্ৰ চৌহদত গীতে - মাতে অনুষ্টুপীয়াকৈ পালন কৰা হয়৷ পুৱাৰ ভাগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়৷ অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মিনাক্ষী নাথকে ধৰি কেবাজনো চৰকাৰী বিষয়া আৰু সুধাকণ্ঠৰ অনুগামী উপস্থিত থাকি শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ আনহাতে দুপৰীয়াৰ পৰা সন্ধিয়ালৈ বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকা সমন্বয় সত্ৰ আৰু স্বৰ্ণ শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত দুদিনীয়াকৈ পালন কৰা কাৰ্যসূচীৰ অংশ হিচাপে সুৰেশ মেধি সোঁৱৰণী প্ৰাইজমানি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ এই উপলক্ষে সমন্বয় সত্ৰৰ সাধাৰণ সম্পাদক চাদিক আহমেদে আঁত ধৰা অনুষ্ঠানত প্ৰতিযোগিতাখন উদ্বোধন কৰে সত্ৰৰ সভাপতি প্ৰভাস কুমাৰ শৰ্মাই৷ অনুষ্ঠানত স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি অধ্যাপক হাচমত আলী, সম্পাদক ঋষিকেশ দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা, গুৱাহাটী পৌৰ নিগমৰ ১, নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷ আনহাতে সন্ধিয়ালৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩০জন প্ৰতিযোগীয়ে ভাগ লয়৷ তেনেদৰে সন্ধিয়াৰ পৰা নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাগৰাকী নবীন - প্ৰবীণ শিল্পীয়ে ডঃ ভূপেন হাজৰিকাৰ কেবাটাও কালজয়ী গীত পৰিৱেশন কৰি গীতে - মাতে মহান শিল্পীজনক সোঁৱৰণ কৰে৷ লক্ষণীয়ভাবে প্ৰথম বাৰৰ বাবে সুধাকণ্ঠৰ মৃত্যুতিথিত উপস্থিত নাথাকিল মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ কোনো মন্ত্ৰী, শাসক - বিৰোধী দলৰ কোনো সাংসদ - বিধায়ক, কিম্বা কোনো উচ্ছপদস্থ চৰকাৰী বিষয়া৷ উল্লেখযোগ্য যে কাইলৈ সমন্বয় সত্ৰ আৰু শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হব চিত্ৰাংকণ প্ৰতিযোগিতা আৰু মহিলাৰ মাজত অনুষ্ঠিত হব দিহানাম প্ৰতিযোগিতা৷ 

তেজপুৰত ভূপেন্দ্ৰ স্মৰণ
বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ একাদশ মৃত্যুবাৰ্ষিকীৰ আজিৰ দিনটোত পুৱাৰে পৰা শিল্পীগৰাকীৰ সাধনাৰস্থলী ঊষানগৰী তেজপুৰৰ বিভিন্ন অনুষ্ঠানে গীতে-মাতে সাংগীতিক আৰু সুৰীয়াভাৱে স্মৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ পুৱাই তেজপুৰ সাহিত্য সভা ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড॰ ভূপেন শইকীয়াই৷ ইয়াৰ পিছতেই তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মা আৰু প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ বেণুধৰ কাকতি, প্ৰবীণ কণ্ঠশিল্পী সচ্ছিদানন্দ বৰা, অজিৎ দাস, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, শিল্পী কল্পনা বৰুৱা, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, লেখক নবীন চন্দ্ৰ লহকৰ, আবৃত্তিকাৰ বিকাশজ্যোতি কলিতা, অঞ্জু দত্ত বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানত প্ৰবীণ কণ্ঠশিল্পী সচ্ছিদানন্দ বৰা আৰু ৰূপম দাসে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে৷ আনহাতে, পুৰোধা শিল্পীগৰাকীৰ একাদশ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰৰ মিলনপুৰৰ ‘মাধৱদেৱ কলা নিকেতন’ৰ সহযোগত তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ‘আমি একেখন নাৱৰে যাত্ৰী’ শীৰ্ষক কাৰ্যসূচী সুধাকণ্ঠৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু সুধাকণ্ঠৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে৷ ইয়াৰ পিছতেই বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ নাগবংশী, অসমীয়া ক্লাবৰ উপ-সভাপতি, বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰা, প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মা, মাধৱদেৱ কলা নিকেতনৰ সভাপতি ময়ূৰ কাঞ্চন বৰা, জংগমৰ তৰফৰ পৰা শান্তনু মহন্ত, অলক নাথ, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড॰ ভূপেন শইকীয়া, প্ৰাক্তন সভাপতি ড॰ সুৰেশ কুমাৰ আৰ্য, এনভাইৰণমেণ্ট ছ’চাইটীৰ কোষাধক্ষ সুৰেশ চিৰোহীয়া, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিণ্টু বৰঠাকুৰ আদিকে ধৰি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানৰ প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ মাজতে মাধৱদেৱ কলা নিকেতনৰ শিক্ষাৰ্থীসকলে সুধাকণ্ঠৰ কালজয়ী গীত ‘কাজিৰঙা কাজিৰঙা’ সমবেতভাৱে পৰিৱেশ সুৰক্ষাৰ প্ৰতীকি বাণীৰে পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে৷ অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সুধাকণ্ঠগৰাকীক স্মৃতিচাৰণ কৰি অকল অসমৰেই নহয় সমগ্ৰ দেশৰ লগতে দেশৰ বাহিৰতো পুৰোধা শিল্পী অতি জনপ্ৰিয় আছিল তাৰ প্ৰমাণ নিজৰ কৰ্ম জীৱনৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ তথ্যৰে সদিৰ কৰে৷  সুধাকণ্ঠৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে সান্নিধ্যৰ বহু স্মৃতি ৰোমন্থন কৰি বহুতে নজনা বহু কথা সদৰি কৰি ৰাইজক এনেদৰে আপ্লুত কৰে৷ নিজৰ ঘৰত বিভিন্ন সময়ত থকাৰ সময়ত কেনেদৰে থলুৱা অসমীয়া খাদ্যৰ বাবে ৰান্ধনীৰ লগত নিজে জড়িত হৈ পৰিছিল, কাপোৰ কিনিবলৈ বজাৰলৈ যোৱাৰ মুহূৰ্তৰ পৰিৱেশ, হেজাৰ টকীয়া নোট আছে বুলি নজনা আদি বহু আমোদজনক কথাৰে স্মৃতিচাৰণ কৰি শিল্পীগৰাকীৰ মহান দিশসমূহৰ ওপৰত আলোকপাত কৰে৷ আনহাতে, কলাভূমিৰ আজিৰ এই অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সুধাকণ্ঠৰ স্মৃতিচাৰণ কৰি পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে থকা সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰা অনুষ্ঠানটিত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, কণ্ঠশিল্পী কামাল ৰচিদ আহমেদ আৰু অণ্বেষাকাঞ্চন বৰাই একোটিকৈ কালজয়ী গীত পৰিৱেশন কৰে৷ বিয়লি ‘আমি একেখন নাৱৰে যাত্ৰী’ শীৰ্ষক সুৰীয়া আৰু সাংগীতিক অনুষ্ঠানটোত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ওড়িশাৰ সন্তান বিশ্বৰঞ্জন চামালে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰাৰ লগতে তেজপুৰৰ কণ্ঠশিল্পী পৱন দাস, বিতোপন বৰা, প্ৰাঞ্জল শইকীয়া, দিক্ষীত মহন্ত, ভাস্কৰ মৌনস, ৰাজশ্ৰী বৰুৱা, দ্বিপান্বিতা শৰ্মা, প্ৰীতম নাথ, হীৰামণি লহকৰ আদিয়ে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰাৰ লগতে প্ৰবীণ নৃত্যশিল্পী তথা অভিনেত্ৰী কৃষ্ণা দাস নাথ পৰিচালিত ভূপেন্দ্ৰ সঙ্গীতৰ আধাৰত এটি আকৰ্ষণীয় সমবেত নৃত্য পৰিৱেশন কৰে কৰুণাময়ী কলা নিকেতনৰ শিক্ষাৰ্থীসকলে৷ আনহাতে, সংগীতশিল্পী প্ৰাঞ্জল বৰুৱা আৰু মঞ্জিল কুমাৰ গগৈয়ে যন্ত্ৰ সংগীতত ভূপেন্দ্ৰ সঙ্গীতৰ মূ২৬১্না তোলা অনুষ্ঠানত সুধাকণ্ঠৰ মহাপ্ৰয়াণৰ পিছতেই মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা বিখ্যাত কবিতা ‘তোমাৰ কণ্ঠ অবিহনে মই’ আবৃত্তি কৰি সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলাৰ লগতে তেজপুৰৰ একাংশ শিল্পীয়ে বিশেষ নান্দনিক দৃশ্যৰ প্ৰতীকি বাণী লৈ ‘আমি একেখন নাৱৰে যাত্ৰী’ শীৰ্ষক সমবেত গীত পৰিৱেশন কৰি এক বিশেষ বাৰ্তা দিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, এই সমবেত সংগীতৰ সময়ত বিশিষ্ট চিত্ৰশিল্পী হৰেশ্বৰ শইকীয়া, ৰাতুমণি দাস আৰু ৰাজু মণি দাসে বিশেষ চিত্ৰ অংকন কৰে৷ আনহাতে, শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মিলনপুৰৰ মাধৱদেৱ কলা নিকেতনৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পূৰ্ণেশ্বৰ নাথে ড॰ ভূপেন হাজৰিকাৰ সৃষ্টিশীল সত্ত্বাত সামাজিক দৰ্শন তথা সমাজবাদী চিন্তা প্ৰতিফলিত হৈছে বুলি কয়৷ উল্লেখ্য, আজিৰ এই দিনটোতে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই ২০০৩চনৰ ১৭ ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত নৱ-নিৰ্মিত বাণ থিয়েটাৰৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ সংৰক্ষণ কৰি ৰখা ড॰ ভূপেন হাজৰিকাৰ চিতাভষ্ম সংৰক্ষণৰ গৃহটোৰ আজিৰ দিনটোতে মাংগলিক পৰিৱেশত আধাৰশিলাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, ওড়িশাৰ সন্তান বিশ্বৰঞ্জন চামলে৷ উল্লেখ্য, সুধাকণ্ঠৰ গীত চৰ্চা কৰি পৰিৱেশন কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবজনে ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ মঞ্চত শুভাৰম্ভণিৰ ভাষণ প্ৰদান কৰি ড॰ ভূপেন হাজৰিকাৰ গীতৰ মহত্ত্ব ব্যখ্যা কৰি ‘চিত্ৰলেখা চিত্ৰলেখা’ শীৰ্ষক গীতটিও পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে৷ অতিৰিক্ত মুখ্য সচিব চামলে ড॰ ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গীতৰে এক বিশেষ দৰ্শন আৰু বাৰ্তা আছে বুলি মন্তব্য কৰি বহুকেইটা গীতৰ উৰ্ধৃতিৰে সৰ্বকালৰ বাবেই মহান শিল্পী বুলি মন্তব্য কৰে৷ বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ পৌৰোহিত্যত কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে দিনজোৰা কাৰ্যসূচীৰ প্ৰাৰম্ভিক ভাষণেৰে সুধাকণ্ঠগৰাকীক স্মৰণ কৰাৰ উপৰি বাণ থিয়েটাৰৰ আজীৱন সদস্য তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইও স্মৃতিচাৰণ কৰে৷ বিয়লিৰ পৰা বাণ থিয়েটাৰত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা৷ বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ জে পি দাস আৰু আলেখ্য চক্ৰৱৰ্তীয়ে বিচাৰকৰ আসন গ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দুকুৰি দলে অংশগ্ৰহণ কৰে৷ তদুপৰি, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী, ত্ৰিমূৰ্তি উদ্যান, তৰুণ অসম সংঘ, জয়মতী সংঘ, তেজপুৰ লেখিকা সমাৰোহ সমিতি, প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন আদি অনুষ্ঠানেও বিশ্ববৰেণ্য শিল্পীগৰাকীৰ একাদশ মৃত্যুবাৰ্ষিকীৰ দিনটোত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণৰে স্মৰণ কৰে৷