Logo
image

কেজৰিৱালে মিছা কথা কৈছে : কেজৰিৱালৰ দাবী নসাৎ বিজেপিৰ

ডিজিটেল ডেস্ক : আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দাবী নসাৎ কৰিছে বিজেপিয়ে৷ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা দাবী সম্পূৰ্ণ মিছা বুলি অভিহিত কৰিছে দলৰ মুখপাত্ৰ ছৈয়দ জাফৰ ইছলামে৷ তেওঁ কয় যে কেজৰিৱালৰ দাবী মানুহক বিপথে পৰিচালিত কৰা আৰু বিজেপিৰ প্ৰতিচ্ছবি কলুষিত কৰা এটা মন্তব্য। লগতে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে কেজৰিৱালে দেশৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। তেওঁ ক্ষমতালৈ আহিবলৈ আন্না হাজাৰেক ব্যৱহাৰ কৰিছিল আৰু পিছত তেওঁৰ সংগ ত্যাগ কৰিছিল। 

অলপতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দাবী কৰিছিল যে গুজৰাট নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিব বাবে বিজেপিয়ে বিশেষ প্ৰস্তাৱ দিছিল কেজৰিৱালক৷ কেজৰিৱালৰ দাবী অনুসৰি গুজৰাট নিৰ্বাচনত আম আদমী পাৰ্টীয়ে প্ৰতিদ্বন্দিতা নকৰিলে সত্যেন্দ্ৰ জৈন আৰু মনীষ চিছোদিয়াৰ বিৰুদ্ধে থকা সকলো অভিযোগ প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিছিল বিজেপিয়ে৷

উল্লেখ্য, মনীষ চিছোদিয়াৰ বিৰুদ্ধে দিল্লীত আবকাৰী নীতিৰ অনিয়মৰ গোচৰ আৰু জৈনৰ বিৰুদ্ধে "হাৱালা" লেনদেনৰ গোচৰ ৰুজু কৰা হৈছে। বিত্তীয় অনিয়মৰ অভিযোগত সত্যেন্দ্ৰ জৈন মে মাহত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা কাৰাগাৰত আছে। দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত ২০১৭ চনত আপ নেতাজনৰ বিৰুদ্ধে পঞ্জীয়ন কৰা চিবিআইৰ এজাহাৰৰ ভিত্তিত ইডিয়ে জৈন আৰু আন দুজনক গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে এই সকলো অভিযোগ আপ নেতাগৰাকীয়ে অস্বীকাৰ কৰিছে।