Logo
image

ডেংগুৰ আগ্ৰাসন ডিফুত স্কুল বন্ধ

আমাৰ অসম, ৭ নৱেম্বৰ: ডিফু চহৰত ডেংগু আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগ সচকিত হৈ পৰিছে৷ উল্লেখ্য যে ছেপ্টেম্বৰ মাহৰ পৰা ডিফু চহৰত ডেংগু আক্ৰান্ত ধৰা পৰিছিল যদিও কেৱল স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই ডেংগুৱে চহৰখনত এতিয়া মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ ডেংগুৰ ফলত এতিয়ালৈকে চৰকাৰীভাৱে চাৰিগৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে যদিও এই সংখ্যা অধিক বুলি এক বিশেষ সূত্ৰই দাবী কৰিছে৷ আনহাতে, শেহতীয়াকৈ চহৰখনত ডেংগুৱে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাত ৰাষ্ট্ৰীয়  স্বাস্থ্য মিছন সঞ্চালক আই এ এছ ডাঃ এম এছ লক্ষীপ্ৰিয়াই কালি ডিফুলৈ আহি বাহৰ পাতিছেহি৷ দেওবাৰে সন্ধিয়া মিছন সঞ্চালকগৰাকীয়ে কাৰ্বি আংলং জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত প্ৰায় ৩ ঘণ্টা ধৰি এক উচ্ছস্তৰীয় ৰুদ্ধদ্বাৰ বৈঠকত অংশ গ্ৰহণ কৰে৷ এই বৈঠকত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক বি এছ ৰংপি, ডিফু মেডিকেল কলেজৰ অধ্যক্ষা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শীৰ্ষ বিষয়া, ডিফু পৌৰ সভাৰ প্ৰতিনিধিসহ বহু বিষয়া উপস্থিত থাকে৷ নিশা প্ৰায় ১০ বজাত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত মিছন সঞ্চালকগৰাকীয়ে চহৰখনত ডেংগু প্ৰতিৰোধৰ বাবে এই বৈঠকত পৰিকল্পনা যুগুত কৰা বুলি প্ৰকাশ কৰে৷ তেওঁ কয় যে সোমবাৰে পুৱা ৫.৩০ বজাৰ পৰা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ডিফু চহৰৰ ১৪টা ৱাৰ্ডৰ বাবে একোজন দণ্ডাধীশ, এগৰাকী চিকিৎসক, ১০১ পৰা ৩০গৰাকী নাৰ্ছ, আশা কৰ্মীসহ ৯টা দলে  ঘৰে ঘৰে গৈ কোনোৱা ব্যক্তি জ্বৰত আক্ৰান্ত হৈ আছে নেকি তাৰ তদাৰক কৰিব৷ বিষয়াগৰাকী লগতে কয় যে ডেংগু প্ৰতিৰোধৰ বাবে ৰাজ্যৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলো ডিফুত উপস্থিত হ’ব৷ চৰকাৰী হিচাপ অনুসৰি কালি নিশালৈকে ডেংগুত ৩০৮জন আক্ৰান্ত হোৱাৰ লগতে ৩গৰাকী লোকৰ মৃত্যু হোৱা বুলি তেওঁ প্ৰকাশ কৰে৷ ডিফু চিকিৎসা মহাবিদ্যালয়ত ডেংগু ৰোগীৰ চিকিৎসাৰ বাবে সকলো ব্যৱস্থা কৰাৰ লগতে তেজ পৰীক্ষা কৰাৰ বাবেও তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত ১৮খন আইচিইউ বিচনা আছে বুলি উল্লেখ কৰি এই সংখ্যা ৫১খনলৈ বৃদ্ধি কৰিব পৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ ইয়াৰোপৰি ওচৰৰ সকলো চৰকাৰী, বেচৰকাৰী চিকিৎসালয়ৰ লগতে চিকিৎসক আৰু চিকিৎসা কৰ্মী ডেংগু ৰোগীৰ চিকিৎসাৰ বাবে সাজু কৰি ৰখা বুলি জানিবলৈ দিয়ে৷ ডেংগু ৰোগ প্ৰতিৰোধৰ বাবে মূলতঃ প্ৰতিটো অঞ্চল, ৱাৰ্ড, চুবুৰী পৰিস্কাৰ কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে চহৰবাসীয়ে পৰিস্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিলেহে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰিব৷ সকলো চহৰবাসীক আগন্তুক দিনকেইটাত পৰিস্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ লগতে সাধাৰণ জ্বৰ হ’লেও ফাৰ্মাচীৰ পৰা ঔষধ ব্যৱহাৰ নকৰি চিকিৎসকৰ কাষ চাপিবলৈ বিষয়াগৰাকীয়ে অনুৰোধ জনায়৷ আনহাতে, ৰুদ্ধদ্বাৰ বৈঠকত বিষয়াগৰাকীয়ে জিলাখনৰ স্বাস্থ্য খণ্ডৰ বিষয়া-চিকিৎসক সকলক ককৰ্থনা কৰি ডিফু মেডিকেল কলেজত তেজ পৰীক্ষাৰ সুব্যৱস্থা নথকাৰ বাবে কটু সমালোচনা কৰে৷ জিলাখনৰ লগতে ডিফু চহৰত ডেংগু প্ৰতিৰোধৰ বাবে কি কি স্বাস্থ্য সামগ্ৰীৰ অভাৱ আছে বুলি উল্লেখ কৰি তালিকা তুৰন্তে জমা দিবলৈ নিৰ্দেশ দি অতি শীঘ্ৰে এই অভাৱ দূৰ কৰিব বুলিও বিষয়াগৰাকীয়ে কয় বুলি এক উচ্ছস্তৰীয় সূত্ৰই জানিবলৈ দিয়ে৷ আনহাতে, ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আগন্তুক পাঁচদিনৰ বাবে ৭, ৯, ১০, ১১ আৰু ১২ নৱেম্বৰত ডিফু সভাৰ অধীনৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰে৷ উল্লেখনীয় যে স্বাস্থ্য বিভাগে সময় থাকোতেই এই ৰোগ প্ৰতিৰোধৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা হ’লে ডেংগু ৰোগ চহৰখনত এইদৰে বিয়পিবলৈ সক্ষম নহ’ল হয় বুলি সমগ্ৰ চহৰখনত এতিয়া চৰ্চা চলিছে৷ লক্ষণীয় যে কেৱল কাৰ্বি  আংলঙতে নহয় কামৰূপকে ধৰি ৰাজ্যৰ আন কেইবাখনো জিলাতো বহুলোক ডেংগুজ্বৰত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ কামৰূপ মহানগৰ জিলাতো বৰ্তমান পৰ্যন্ত ৩০জন লোক ডেংগুত আক্ৰন্ত হোৱা বুলি জানিব পৰা গৈছে৷