Logo
image

অসমত চৰকাৰী আতিথ্যত চিনেমা কৰিবলৈ আহিব কংগনা

আমাৰ অসম, ৭ নৱেম্বৰ: অসমৰ চৰকাৰী আতিথ্যত এইবাৰ চিনেমা কৰিবলৈ আহিব কংগনা ৰাণাৱট৷ শনিবাৰে নিশা জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি দেওবাৰে অসমৰ পৰা উভতি যোৱাৰ সময়ত নিজৰ ভৱিষ্যত পৰিকল্পনা সদৰি কৰে বিজেপিৰ অতি ঘনিষ্ট অভিনেত্ৰীগৰাকীয়ে৷  উল্লেখ্য বিগত সপ্তাহটোত চানডুবি, কাজিৰঙা, কাৰ্বি পাহাৰৰ বিভিন্ন অঞ্চল, বোকাখাতৰ ভিতৰুৱা চহৰৰ, নিকৰী আদি ঠাই ভ্ৰমণ কৰি ‘ইমাৰজেঞ্চী’ ছবিৰ শ্বুটিঙৰ লোকেশ্বন বিচৰাত ব্যস্ত আছিল বলিউডৰ মহোময়ী অভিনেত্ৰীগৰাকী৷ বোকাপানী খচকি শ্বুটিঙৰ স্পট বিচাৰে ৰাণাৱটে৷ দেওবাৰে অসমৰ পৰা উভতি যোৱাৰ পূৰ্বে শনিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে অভিনেত্ৰীগৰাকী৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে যথেষ্ট উল্লাসিত কংগণাই সংবাদ মাধ্যমৰ আগত কয়–হিমন্ত বিশ্ব শৰ্মাক লগ পাই বহুত ভাল লাগিলে৷ মই এনেও তেওঁৰ কামৰ এজন প্ৰশংসক৷ তেওঁ মোক শ্বুটিঙৰ কাৰণে সকলো ধৰণৰ সহায় কৰাৰ কথা কৈছে৷ আমি অসমৰ বহু ঠাইত শ্বুটিং কৰিম৷ তেওঁৰ সহযোগিতাৰ আশ্বাস পাই যথেষ্ট ভাল লাগিছে৷ বহুত ধুনীয়া ধুনীয়া লোকেশ্বন বিচাৰি পাইছো৷ অসমৰ সৌন্দৰ্যৰ লগত ‘ইমাৰজেন্সি’ মিলব৷ আনহাতে আজি অসমৰ পৰা আজি উভতি যোৱাৰ সময়ত বিমানবন্দৰত সংবাদ মাধ্যমৰ আগত নিজৰ ভৱিষ্যত পৰিকল্পনা সদৰি কৰি অভিনেত্ৰীগৰাকীয়ে কয়–অসমত শ্বুটিং কৰিবলৈ মই যথেষ্ট উৎসুক৷ অতি শীঘ্ৰে আমি অসমলৈ আহি আছো শ্বুটিঙৰ বাবে৷ ইতিমধ্যে ইখনৰ পিছত সিখনকৈ ফ্লপ ছবি উপহাৰ দিয়া কংগণা ৰাণাৱট শেহতীয়াভাৱে বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ বাবেও মুকলিভাৱে নিজৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ বিজেপিৰ যথেষ্ট ঘনিষ্ট হোৱাৰ সুবাদতে অসমত নিজৰ চিনেমাৰ শ্বুটিং কৰিলে শাসনাধিস্থ দল আৰু চৰকাৰৰ পৰা সকলো প্ৰয়োজনীয় সহায়-সহযোগিতা লাভ কৰিব বুলি ইতিমধ্যে নিশ্চিত হৈছে অভিনেত্ৰীগৰাকী৷ আনকি মুখ্যমন্ত্ৰীৰ পৰাও সহযোগিতাৰ আশ্বাস পোৱা বুলি নিজে প্ৰকাশ কৰিছে  ৰাণাৱতে৷ যাৰ বাবে হয়তো সকলো সমীকৰণ মিলি যোৱাত অসমকে নিজৰ পৰৱৰ্তী ‘ডেষ্টিনেশ্বন’ হিচাপে বাচি লৈছে কংগণাই৷ উল্লেখ্য যে অসমত থকাৰ সময়ছোৱাত কংকণাই অসমৰ জনগোষ্ঠীয় শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা কাপোৰ পিন্ধাৰ লগতে ছ’চিয়েল মিডিয়াত অসমৰ শিপিনীৰ কাৰকৰী দক্ষতাক উচ্ছ প্ৰশংসা কৰে৷