Logo
image

তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ! ২ জন উত্তীৰ্ণৰ এজনে পাব চাকৰি

আমাৰ অসম, ৭ নৱেম্বৰসকলো প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল৷ দেওবাৰে দিনৰ ১১ বজাত ছেবাৰ ৱেবচাইটত প্ৰকাশ পালে তৃতীয়বৰ্গৰ মুঠ ১৩,৩০০ টা পদৰ ফলাফল৷ ৰাজ্যৰ প্ৰায় ৯ লাখ নিবনুৱাই অৱতীৰ্ণ হোৱা  তীব্ৰ প্ৰতিযোগিতামূলক এই পৰীক্ষাৰ ফলাফলত অসংৰক্ষিত আসনত ১০০ টা প্ৰশ্নৰ বিপৰীতে নূন্যতম ৮৪ টাতকৈ অধিক প্ৰশ্নৰ শুদ্ধ উত্তৰ লিখা সকলহে বাছনি হ’বলৈ সক্ষম হৈছে৷ তৃতীয়বৰ্গৰ স্নাতক শিক্ষাগত অৰ্হতাৰ  পদৰ ১৭৫ নম্বৰৰ বিপৰীতে কাট অৱ মাৰ্ক ১৪৭ স্পৰ্শ কৰিছে৷ তৃতীয় বৰ্গৰ ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত গাড়ী চালক, কনিষ্ঠ সহায়ককে ধৰি সকলো পদৰে দেওবাৰে ফলাফল ঘোষণা কৰা হৈছে৷ এই ফলাফলক ভিত্তি কৰি এটা পদৰ বিপৰীতে দুজনকৈ বাছনিকৃত প্ৰাৰ্থীক মৌখিক পৰীক্ষা তথা কম্পিউটাৰ আৰু ষ্টেন’গ্ৰাফীৰ দক্ষতা পৰীক্ষাৰ বাবে আমন্ত্ৰণ জনাব৷ অৰ্থাৎ ১৩,৩০০ টা পদৰ বিপৰীতে চূড়ান্ত বাছনিৰ বাবে ১:২ অনুপাতত ২৬,৬০০ জন প্ৰাৰ্থীক সাক্ষাৎকাৰ তথা দক্ষতাৰ পৰীক্ষাত বহাৰ অনুমতি দিব৷ পৰৱৰ্তী সময়ত এই সকল প্ৰাৰ্থীৰ মাজৰ পৰা প্ৰতিটো পদৰ বিপৰীতে এজনকৈ প্ৰাৰ্থীক চূড়ান্ত বাছনি কৰি নিযুক্তি দিব৷ সাক্ষাৎকাৰ তথা দক্ষতা পৰীক্ষাত প্ত নম্বৰকৈ থাকিব বুলি ৰাজ্যিক পৰ্যায়ৰ তৃতীয় বৰ্গ নিযুক্তি আয়োগৰ সূত্ৰই সদৰী কৰিছে৷ তৃতীয় বৰ্গৰ পদৰ চাকৰিৰ ক্ষেত্ৰত ছয়টা শ্ৰেণীত বিভক্ত কৰি ফলাফল ঘোষণা কৰা হৈছে৷ সেই শ্ৰেণী কেইটা হৈছে–সাধাৰণ স্নাতক উত্তীৰ্ণ, কম্পিউটাৰ অৰ্হতাসহ স্নাতক উত্তীৰ্ণ, কম্পিউটাৰ আৰু ষ্টেন’গ্ৰাফী অৰ্হতাসহ স্নাতক উত্তীৰ্ণ, উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ, উচ্ছতৰ মাধ্যমিক [বিজ্ঞান] উত্তীৰ্ণ আৰু গাড়ী চালনাৰ অৰ্হতা৷ তৃতীয়বৰ্গৰ ফলাফলত কোনো বিসংগতিৰ অভিযোগ এই পৰ্যন্ত ৰাজহুৱা হোৱা নাই যদিও সামাজিক মাধ্যমত একাংশ প্ৰাৰ্থীয়ে আবেদন প্ৰ-পত্ৰত বাছনি নকৰা পদতো অনুতীৰ্ণ হোৱা দেখুওৱা বুলি অভিযোগ কৰা দেখা গৈছে৷ সামাজিক মাধ্যমত চন্দন কলিতা নামৰ এজন প্ৰাৰ্থীয়ে অভিযোগ কৰি লিখিছে যে প্ৰাৰ্থীজনে আবেদনৰ সময়ত কেৱল কম্পিউটাৰ অৰ্হতাসহ স্নাতক উত্তীৰ্ণ পদৰ বাবেহে প-পত্ৰ পূৰণ কৰিছিল৷ ফলাফল তালিকাত তেওঁক সাধাৰণ স্নাতক উত্তীৰ্ণ পদতো অনুতীৰ্ণ বুলি দেখুওৱাত এনে কিয় হ’ল তাক লৈ প্ৰশ্ন কৰিছে প্ৰাৰ্থীজনে৷ ৰাজ্যিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ নিযুক্তি ব’ৰ্ডে ফলাফল ঘোষণাৰ লগত কাট অফ মাৰ্ক ঘোষণা কৰিছে৷ তৃতীয় বৰ্গৰ অসংৰক্ষিত পদৰ বিপৰীতে কাকত-৩ পৰীক্ষাৰ  কলা আৰু বাণিজ্য শাখাৰ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১২৩ আৰু বিজ্ঞান শাখাৰ কাট অফ মাৰ্ক হৈছে ১১৮.৫৷ আনহাতে অসংৰক্ষিত পদৰ কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৪৭ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকা সকলৰ কাট অফ মাৰ্ক হৈছে ১২৬৷ আনহাতে মহিলাৰ বাবে সংৰক্ষিত আসনৰ বাবে কাকত-৩ ৰ কলা আৰু বাণিজ্য শাখাৰ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১২.৫০ আৰু বিজ্ঞান শাখাৰ কাট অফ মাৰ্ক হৈছে ১০৮৷ আনহাতে কাকত- ৪ পৰীক্ষাত মহিলাৰ বাবে সংৰক্ষিত আসনৰ উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৩৪.৭৫ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থ কা সকলৰ কাট অফ মাৰ্ক হৈছে ১১৩.৭৫৷ আনহাত অ’বিচি যএমঅ’বিচিৰ কাকত-৩ ৰ পৰীক্ষাৰ  কলা আৰু বাণিজ্য শাখাৰ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১৭আৰু বিজ্ঞান শাখাৰ কাট অফ মাৰ্ক হৈছে ১১১৷ আনহাতে অ’বিচিৰ  কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৪৩.৫০ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকা সকলৰ কাট অফ মাৰ্ক হৈছে ১১৩.৭৫৷ অ’বিচিৰ মহিলাৰ সংৰক্ষিত আসনৰ বাবে কাকত-৩ ৰ পৰীক্ষাৰ  কলা আৰু বাণিজ্য শাখাৰ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১০৬.৫০আৰু বিজ্ঞান শাখাৰ কাট অফ মাৰ্ক হৈছে ১০০.৫০৷ আনহাতে অ’বিচিৰ  কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১২৭.৭৫ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকা সকলৰ কাট অফ মাৰ্ক হৈছে ১০৫৷ নুসূচিত জাতিৰ কাকত-৩ পৰীক্ষাৰ  কলা আৰু বাণিজ্য শাখাৰ উচ্ছতৰমাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১৫.৫০আৰু বিজ্ঞান শাখাৰ ১০৫ হৈছে কাট অফ মাৰ্ক৷ আনহাতে  কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৪১.৭৫ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকা সকলৰ কাট অফ মাৰ্ক হৈছে১০৮.৫০৷ অনুসূচিত জনজাতি ভৈয়ামৰ কাকত-৩ ৰপৰীক্ষাৰ  কলা আৰু বাণিজ্য শাখাৰ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১২.৫০আৰু বিজ্ঞান শাখাৰ ১০২ হৈছে কাট অফ মাৰ্ক৷ আনহাতে  কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৩৬.৫০ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকা সকলৰ কাট অফ মাৰ্ক হৈছে১০৫৷ অনুসূচিত জনজাতি পাৰ্বত্যৰ কাকত-৩ ৰপৰীক্ষাৰ  কলা আৰু বাণিজ্য শাখাৰ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ৯৩ আৰু বিজ্ঞান শাখাৰ  ৮১ হৈছে  কাট অফ মাৰ্ক৷ আনহাতে  কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১২৯.৫০ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকা সকলৰ কাট অফ মাৰ্ক হৈছে ৮৭.৫০৷ ইডব্লিউএছ শ্ৰেণীৰ কাকত-৩ ৰ পৰীক্ষাৰ  কলা আৰু বাণিজ্য শাখাৰ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীৰ কাট অফ মাৰ্ক হৈছে ১১৫.৫০ আৰু বিজ্ঞান শাখাৰ ১১২.৫০ হৈছে কাট অফ মাৰ্ক৷ আনহাতে  কাকত-৪ স্নাতক উত্তীৰ্ণৰ কাট অফ মাৰ্ক হৈছে ১৪৩.৫০ আৰু স্নাতক উত্তীৰ্ণ কম্পিউটাৰ থকা সকলৰ কাট অফ মাৰ্ক হৈছে ১১২৷ ইফালে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনটোতে আন এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অহা ডিচেম্বৰ মাহৰ শেষৰ ফালে পুনৰ ১০ হাজাৰ চৰকাৰী পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ  কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তি সম্পন্ন কৰাৰ লক্ষ্যৰে ডিচেম্বৰৰ শেষত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ খালী হৈ থকা ১০ হাজাৰ পদৰ বাবে বিজ্ঞাপন  প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছে৷  এই বিজ্ঞাপনৰ পাছতেই অৰ্থাৎ আগন্তুক বৰ্ষৰ জানুৱাৰীত চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী সকলৰ বাবে সাক্ষাৎকাৰ আৰু তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলৰ বাবে স্কিল টেষ্ট প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷