Logo
image

হাতী-মানুহৰ সংঘাত

যোৱা এক দশকমান আগৰে পৰাই হাতী-মানুহৰ সংঘাতে তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে সময়ে সময়ে সম্প্ৰচাৰ হৈ আহিছে৷ হাতীয়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনবসতি অঞ্চললৈ আহি মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি ধবংস কৰাৰ লগতে ধান, মাহ, সৰিয়হ, কলগছ, মাটিকঁঠাল ইত্যাদিৰ উপৰি চাহ বাগিচাও তহিলং কৰি আহিছে৷ হাতীয়ে আনকি বহু লোকৰ ইতিমধ্যে প্ৰাণো লৈছে৷ ইয়াৰ বিপৰীতে ৰাইজৰ কোনোৱে বিদ্যুৎ পৰিবাহী তাঁৰেৰে হাতীক বাধা দিয়াৰ চেষ্টা চলাওঁতে কেতিয়াবা হাতীৰ গাত বিদ্যুৎ প্ৰবাহিত হৈ হাতীৰ মৃত্যু হৈছে৷ ৰাইজে হাতীৰ জাকক ভীতিগ্ৰস্ত কৰি খেদি পঠিওৱাৰ কাৰণে টিং বজাই, শিলগুটি দলিয়াই আৰু জুইৰ শিখা আনকি ধনু-কাঁড় ব্যৱহাৰ কৰি আহিছে যদিও হাতী-মানুহৰ সংঘাত কমক চাৰি বাঢ়িহে আহিছে৷ বন বিভাগৰ গুৰুদায়িত্ব আছে যদিও বিভাগটোৰ নিষ্ক্ৰিয়তা আৰু উদাসীনতাৰ কাৰণে এই সন্দৰ্ভত সঠিক পদক্ষেপ লোৱাৰ পৰিৱৰ্তে মাজে-সময়ে সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ দায়িত্বত থকা বনকৰ্মীয়ে ৰাইজক দেখুৱাবৰ কাৰণে অবৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন উপায়েৰে হাতী খেদাৰ আখৰাহে কৰি আহিছে৷ আনফালে, সম্প্ৰতি হাতী-মানুহৰ সংঘাতে এনে তীব্ৰ ৰূপ ধাৰণ কৰিছে যে হাতীৰ জাকৰ উপদ্ৰৱৰ পৰা জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ বাবে ৰাজ্যৰ কেইখনমান জিলাৰ বনাঞ্চলৰ আশে-পাশে থকা গাঁৱৰ ৰাইজে দৈনিক ৰাতি পহৰা দিব লগা হৈছে৷ হাতী-মানুহৰ সংঘাতত হাতীতকৈ মানুহৰ মৃত্যুৰ সংখ্যা অধিক হোৱাটো এতিয়া যেন তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে৷

গৰিষ্ঠসংখ্যকৰ মতে হাতীৰ চৰণীয়া বনাঞ্চল মানুহৰ দ্বাৰা বেদখল হৈ সংকুচিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ নাটনি হোৱাৰ কাৰণেহে হাতীয়ে জনবসতি অঞ্চললৈ খাদ্যৰ সন্ধানত আহি উপদ্ৰৱ কৰে৷ গৰিষ্ঠসংখ্যকৰ এনে মতৰ সৈতে আমিও একমত হৈ ক’ব খোজোঁ যে হাতীয়ে বিচৰণ কৰা অসমত এনে কিছুমান সংৰক্ষিত বনাঞ্চলো আছে, য’ত মানুহৰ দ্বাৰা বেদখল হৈ সংকুচিত হোৱা নাই, অথচ বৃহৎ হাতীৰ জাকে ওচৰৰ জনবসতি অঞ্চললৈ আহি প্ৰায়েই উপদ্ৰৱ কৰি থাকে৷ ইয়াৰ কাৰণ অনুধাৱন কৰিলে জনা যাব যে বহু বছৰ আগৰে পৰাই হাতীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত হাতীৰ চৰণীয়া বনাঞ্চলত খাদ্যৰ নাটনি হোৱাত এনে ঘটনা হ’বলৈ পাইছে৷ যিদৰে কোনো জনবসতি অঞ্চলত জনবিস্ফোৰণ হ’লে মানুহে জীৱিকাৰ কাৰণে আন ঠাইলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়, ঠিক সেইদৰে হাতীৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত চৰণীয়া বনাঞ্চলত হাতীৰ সংখ্যানুপাতে খাদ্যৰ নাটনি হ’লে ওচৰৰ জনবসতি অঞ্চললৈ খাদ্যৰ সন্ধানত যাবলগীয়া হোৱাটো স্বাভাৱিক৷ হাতীৰ সংখ্যা জৰীপ কৰিলে এইটো স্পষ্ট হৈ পৰিব যে কোনো এটা বনাঞ্চলত যদি এক দশক আগেয়ে হাতীৰ জাকত ৩০টা হাতী আছিল, তেন্তে সেয়া দহ বছৰৰ পাছত হয়তো হৈছে ৬০-৯০টা৷ সেয়েহে, হাতীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত খাদ্যৰ নাটনি হোৱাত হাতীয়ে খাদ্যৰ সন্ধানত জনবসতি অঞ্চললৈ আহিবলৈ বাধ্য হৈ উপদ্ৰৱ কৰিবলগীয়া হোৱাটোৱেই হাতী-মানুহৰ সংঘাতৰ অন্যতম কাৰণ৷

কুৰি শতিকাৰ প্ৰায় সত্তৰ দশকৰ মাজভাগলৈ গ্ৰামাঞ্চলৰ একাংশ ধনৱান লোকে প্ৰশিক্ষণপ্ৰাপ্ত হাতীৰ সহায়ত হাতীৰ মাউত আৰু ফান্দিৰ দ্বাৰা হাতীৰ চৰণীয়া বনাঞ্চলৰ পৰা হাতীৰ পোৱালি ধৰি আনি প্ৰশিক্ষণ দি ঘৰচীয়া কৰি গধুৰ কাঠৰ টুকুৰা বনাঞ্চলৰ পৰা আন ঠাইলৈ কঢ়িওৱা, ট্ৰাকত বোজাই কৰা, চিকাৰ কৰা ইত্যাদিৰ উপৰি পৰ্যটন বিভাগে ইয়াৰ অধীনস্থ ৰাষ্ট্ৰীয় উদ্যানসমূহত পৰ্যটকৰ বাহন হিচাপে ব্যৱহাৰ কৰি আহিছে৷ যিহেতু তেতিয়া বনাঞ্চলৰ পৰা হাতীৰ পোৱালি ধৰি আনি প্ৰশিক্ষণ দি ঘৰচীয়া কৰি নানা কামত খটুৱাটো নিষিদ্ধ নাছিল, সেয়ে গ্ৰামাঞ্চলৰ এনে লোকৰ দ্বাৰা হাতীৰ পোৱালি ধৰি আনি থকাত হাতীৰ সংখ্যা সিহঁতৰ বিচৰণস্থলীত বৃদ্ধি নোহোৱাকৈ সীমিত হৈ আছিল৷ কিন্তু, চৰকাৰে হাতী ধৰাটো নিষিদ্ধ  ঘোষণা কৰাৰ পাছত হাতী ধৰিব নোৱৰা হোৱাৰ ফলত হাতীৰ সংখ্যা বৃদ্ধি হৈ আহিছে আৰু সম্প্ৰতি হাতীৰ সংখ্যানুপাতে খাদ্যৰ নাটনি হোৱাত হাতীয়ে খাদ্যৰ সন্ধানত জনবসতি অঞ্চললৈ আহি এনেদৰে উপদ্ৰৱ কৰিছে৷ সেয়েহে, হাতী-মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে চৰকাৰে তলৰ যিকোনো এটা ব্যৱস্থা গ্ৰহণ কৰা উচিত হ’ব বুলি ভাবোঁ৷

[ক] হাতীৰ বিচৰণভূমিত অৰ্থাৎ চৰণীয়া বনাঞ্চলত হাতীৰ সংখ্যা বৃদ্ধিয়ে যাতে খাদ্যৰ নাটনিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰয়োজন অনুসৰি হাতীৰ জন্মনিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা৷

[খ] হাতীৰ সংখ্যা সীমিতকৰণৰ কাৰণে জীৱ বিজ্ঞানী-গৱেষকৰ সৈতে চৰ্চা-পৰামৰ্শ কৰি ওপৰঞ্চি হাতীসমূহ আন্তৰ্জাতিক পৰ্যায়ত হাতীৰ চাহিদা থকা দেশলৈ ৰপ্তানিৰ ব্যৱস্থা কৰা৷

[গ] বন বিভাগে কৃষি বিভাগৰ সৈতে যৌথভাৱে হাতীৰ চৰণীয়া সকলো বনাঞ্চলৰ নিচেই কাষতে হাতীয়ে যাতে প্ৰয়োজনীয় খাদ্য পাব পাৰে, তাৰ কাৰণে কমেও এশ বিঘা ভূমিত ধান, মাহ, সৰিয়হ, কলগছ, মাটিকঁঠাল আদিৰ আছুতীয়াকৈ খেতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে হাতীয়ে জনবসতি অঞ্চললৈ খাদ্যৰ সন্ধানত যাবলগীয়া নহয়৷

[লেখক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ অৱসৰপ্ৰাপ্ত সঞ্চালক]

ফোনঃ ৯৪৩৫১-০৮৫৪৭