Logo
image

মাইক্ৰ’ফাইনেন্সৰ অনুদান : গাড়ী ভাৰা কৰি আহি পালে ১ টকাৰ চেক!

আমাৰ অসম, ৭ নৱেম্বৰ: সমগ্ৰ মাজুলী জিলাবাসী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱত ব্যস্ত থকাৰ সময়তে আজি সন্ধ্যা নামনি মাজুলীত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়৷ নামনি মাজুলীৰ বালিচাপৰি আৰক্ষী পোষ্টৰ অন্তৰ্গত বৰদোৱাৰ গাঁৱৰ তিনি কণ কণ ছাত্ৰ-ছাত্ৰী পুখুৰীত পৰি মৃত্যু হয়৷ বৰদোৱাৰ প্ৰাথমিক বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী বৰদোৱাৰ গাঁৱৰ কাষৰ মহিলাসকলৰ হাতে হাতে মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট মন্ত্ৰীসকলে চেক তুলি দিয়া পৰ্বৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ পাছত ২৮ অক্টোবৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে৷ সেই অনুসৰি ৩ নৱেম্বৰত বঙাইগাঁৱৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ পৰিশোধৰ চেক বিতৰণৰ অনুষ্ঠানলৈ চৰকাৰে জিলাখনৰ বৰপথাৰৰ তাজমিনা খাটুন নামৰ হিতাধিকাৰীগৰাকীকো আমন্ত্ৰণ জনাইছিল৷ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কিস্তিৰ ধন চৰকাৰৰ পৰা ঘূৰাই পোৱাৰ আশাত নিৰ্দিষ্ট দিনটোত স্বামী ৰেজাউল আলীৰ সৈতে পুৱাই বঙাইগাঁও জিলাৰ গান্ধী ময়দানত বিত্ত বিভাগৰ অনুষ্ঠানস্থলীত উপস্থিত হৈছিল তাজমিনা খাতুন৷¸ মাইক্ৰ’ফাইনেন্সৰ প্ৰায় সমূহ কিস্তি নিয়মীয়াকৈ পৰিশোধ কৰি অহা বুলি দাবী কৰা তাজমিনা আৰু তেওঁৰ স্বামী ৰেজাউলে চেক লোৱাৰ বাবে বৰপথাৰৰ ঘৰৰ পৰা ৪০০ টকা খৰচ কৰি এখন বাহনো ভাড়া কৰি লৈ আহিছিল অনুষ্ঠানস্থলীলৈ৷ যদিহে চেক বিতৰণ কাৰ্যসূচীত বহু পলম হয়, তেনেহ’লে ঘৰলৈ উভটি যাবলৈ বাহনৰ অসুবিধা হোৱাৰ আশংকাত নিজাকৈ এখন বাহন গাঁৱৰ পৰা ভাৰা কৰি আনিছিল৷ যিহেতু চৰকাৰৰ পৰা কিস্তিৰ ধন উভতাই পাব সেয়েহে গাড়ীৰ ভাৰাৰ কথা চিন্তা নকৰি ৪০০ টকা খৰচ কৰি দিয়ে তাজমিনাৰ  স্বামীয়ে৷ ইফালে নিৰ্দিষ্ট দিনটোত গান্ধী ময়দানৰ অনুষ্ঠানস্থলীত উপস্থিত হৈ অতিৰিক্ত ৬৫০ টকা দি নাম পঞ্জীয়ন কৰে তাজমিনাই৷ এটা সময়ত মাইকত তাজমিনা খাতুনৰ নাম ঘোষণা কৰে৷ মাইকত নিজৰ নাম শুনাৰ পাছতেই উৎফুল্লিত হৈ নিৰ্দিষ্ট টেবুলখনত উপস্থিত হৈ সংশ্লিষ্ট বিষয়াৰ পৰা গ্ৰহণ কৰে মাইক্ৰ’ফাইনেন্সৰ চেক৷ কিন্তু চেকখন গ্ৰহণ কৰাৰ পাছতেই হতভম্ব হৈ পৰে তাজমিনা আৰু তাইৰ স্বামী ৰেজাউল৷ কিয়নো চেকখনত লিখা থকা ধনৰাশি আছিল মাত্ৰ ১ টকা৷ ইংৰাজী আখৰ চিনা আৰু পঢ়াত অসুবিধা হোৱা বুলি ভাবি প্ৰথমে কাষতে থকা এজন ব্যক্তিক চেকৰ ধনৰাশি প্ৰকৃততে কিমান চাই দিবলৈ কয় দম্পত্তিয়ে৷ উক্ত ব্যক্তিজনেও ৰ টকাৰ চেক বুলি জানিবলৈ দিয়াত ডিটিপি তথা হিচাপ কৰোতে ভুল হোৱা বুলি ভাবি চেকখন দিয়া নিৰ্দিষ্ট বিষয়াজনৰ কাষ চাপে তাজমিনাই৷ কিন্তু বিষয়াজনে পুনৰ তেওঁৰ নামত ৰ টকাৰ চেক মঞ্জুৰ হোৱা বুলি কৈ চেকখন বেংকত জমা দি একাউণ্টলৈ ১ টকাটো হস্তান্তৰ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷ জেপৰ ধন খৰচ কৰি মাইক্ৰ’ফাইনেন্সৰ ঋণৰ সাহায্য ল’বলৈ আহি এটকাৰ চেক পোৱাত স্বাভাৱিকতেই খৰ্গহস্ত হৈ পৰে তাজমিনা আৰু ৰেজাউল৷ গাড়ী ভাৰাৰ নামত ৪০০ টকা খৰচ কৰি আৰু পঞ্জীয়নৰ নামত ৬৫০ টকা পৰিশোধ কৰি ওলোটাই এটকাৰ চেক পোৱাত দুখে-ক্ষোভে জৰ্জৰিত তাজমিনা খাতুন আৰু ৰেজাউল আলীয়ে নিৰ্দিষ্ট বিষয়াজনক ঘূৰাই দিয়ে এটকাৰ চেকখন৷ তাজমিনাৰ স্বামীয়ে চেকখন ঘূৰাই দি পঞ্জীয়নৰ বাবদ লোৱা ৬৫০ টকা ওভতাই বিচাৰিছিল যদিও সংশ্লিষ্ট বিষয়াজনে পঞ্জীয়ন মাচুল ঘূৰাই নিদিয়াত দুয়োজনে তৰ্কাতৰ্কিতো লিপ্ত হয়৷ বিষয়াজনে চেক গ্ৰহণ কৰে যদিও পঞ্জীয়ন মাচুল ঘূৰাই দিয়াবলৈ ইচ্ছুক নোহোৱাত এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কৰ্কথনা কৰি  ঘৰমুৱা হয় তাজমিনা আৰু ৰেজাউল৷