Logo
image

পাক-ভাৰত উত্তেজনাৰ মাজতেই ছানিয়া-ছোৱেইবৰ ঘৰ ভাগো ভাগো

আমাৰ অসম, ৭ নৱেম্বৰ: অৱশেষত ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিব৷ ভাৰতীয় টেনিছ সুন্দৰী ছানিয়া মিৰ্জা আৰু পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ ১২বছৰীয়া সংসাৰ ভগাৰ উপক্ৰম ঘটা বুলি বাতৰি প্ৰচাৰ হোৱাত ছানিয়াই তেওঁৰ পাকিস্তানী সম্পৰ্ক ত্যাগ কৰাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ অনলাইন, দেশ-বিদেশৰ বিভিন্ন সংবাদপত্ৰই নহয়, পাকিস্তানৰ সৰ্বাধিক প্ৰচলিত ‘জং’ আৰু ইংৰাজী সংবাদপত্ৰ ‘ডেইলী পাকিস্তানে’ ছানিয়া-ছোৱেইবৰ সংসাৰ ভগাৰ উপক্ৰম ঘটা বুলি সংবাদ প্ৰকাশ কৰাত এয়া কেৱল উৰাবাতৰি নহয় বুলি একপ্ৰকাৰ নিশ্চিত হৈছে৷ এতিয়া জাতীয় ক্ৰিকেট দলত স্থান লাভ নকৰা আৰু কেৰিয়াৰৰ অপৰাহ্নত উপস্থিত হোৱা পাক ক্ৰিকেটাৰ স্বামী ছোৱেইব মাালিকে প্ৰবঞ্চনা কৰাৰ বাবেই দুয়োৰে সম্পৰ্ক চিন্ন হ’বলৈ ওলাইছে৷ সেই সময়তে ছানিয়া মিৰ্জাই ইনষ্টাগ্ৰামত দিয়া পোষ্টে এই ঘটনাৰ জল্পনা কল্পনাত ইন্ধন যোগাইছে৷ প্ৰকাশিত খবৰ মতে ছোৱেইব মালিক অন্য এগৰাকী নাৰীৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰিছে আৰু তেওঁ ছানিয়াক প্ৰবঞ্চনা কৰি কিছু সংখ্যক ভিডিঅ’ৰ শ্বুটিং কৰি বিশ্বাসভংগ কৰিছে৷ দুয়োৰে সম্পৰ্ক বিশ্বাসভংগ আৰু আস্থাহীনতাৰ অটল তলীলৈ পৰ্যবসিত হোৱা বুলি বাতৰি প্ৰচাৰ হৈছে৷ আনকি অলপতে দুয়ো পুত্ৰ ইজহানৰ জন্মদিন একেলগে পালন কৰিলেও ছানিয়া মিৰ্জাই জন্মদিনৰ কোনো ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰা নাই৷ অৱশ্যে ছোৱেইব মালিকে জন্মদিনৰ এখন ফটো ইনষ্টাগ্ৰামত দিছে, য’ত তিনিও একেলগে আছে৷ পাকিস্তানী সংবাদ মাধ্যমৰ দাবী, দুয়ো সম্প্ৰতি পৃথকে আছে আৰু পুত্ৰ ইজহানেই এই মুহূৰ্তত দুয়োৰে বাবে যোগসূত্ৰ হৈ আছে৷ 
ছানিয়া মিৰ্জাই দিয়া দুটা ইনষ্টাগ্ৰাম পোষ্টে এই জল্পনা কল্পনাত ইন্ধন যোগাইছে৷ অলপতে ছানিয়াই ইনষ্টাগ্ৰাামত লিখিছিল–‘ ভগ্নহৃদয় কোনদিশে যায়? ঈশ্বৰক বিচাৰি৷’ (হুৱেৰ ডু ব্ৰ’কেন হাৰ্টছ গ’? টু ফাইণ্ড আল্লা৷) আন এটা পোষ্টত তেওঁ নিজৰ আৰু পুত্ৰৰ ফটো দি লিখিছে– ‘এই মুহূৰ্তত মই কঠিনতম দিনৰ মাজেৰে সময় অতিবাহিত কৰিছোঁ৷ (দ্য ম’মেণ্টছ ডেট গেট মি থ্ৰু দ্য হাৰ্ডেষ্ট ডেইজ)৷ এই দুটা পোষ্টে দুয়োৰে বিচ্ছিন্ন হোৱাৰ বাতৰিত ইন্ধন যোগাইছে৷ অৱশ্যে দুয়োৰে বিচ্ছেদ হোৱাৰ কোনো নিৰ্দিষ্ট কাৰণ এতিয়াও প্ৰকাশ পোৱা নাই৷ পাক সংবাদ মাধ্যমৰ দাবী, ছোৱেইব মালিকে তেওঁৰ এটা টিভি শ্বৰ শ্বুটিঙত ছানিয়াক প্ৰবঞ্চনা কৰিছে৷ ছোৱেইব আন এগৰাকী নাৰীৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰা বুলিও বাতৰি ওলাইছে৷ পিছে ছানিয়া কিম্বা ছোৱেইব, এজনেও এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই৷
২০১০চনত ছানিয়া মিৰ্জাই তেওঁৰ শৈশৱৰ প্ৰেমিক ছোহৰাব মিৰ্জাৰ সৈতে সম্পৰ্ক ত্যাগ কৰি পাক ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিয়া হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ কিয়নো ছানিয়া আছিল ভাৰতৰ প্ৰথমগৰাকী মেগা টেনিছ তাৰকা আৰু সকলো ভাৰতীয়ৰে আছিল নয়ণৰ মনি৷ আনহাতে ভাৰত আৰু পাকিস্তানৰ মাজত আছিল চৰম বৈৰীতা যি সম্পক এতিয়াও উত্তেজনাপূৰ্ণ হৈয়েই আছে৷ অধিকাংশ ভাৰতীয় আৰু ছানিয়া অনুৰাগীয়ে এই সম্পৰ্ক কেতিয়াও মনেৰে মানি ল’ব পৰা নাছিল৷ তদুপৰি ছানিয়াৰ সৈতে তেওঁ শৈশবৰ প্ৰেমিক ছোহৰাবৰ বিয়াৰ আনুষ্ঠানিক বাগদান হৈ গৈছিল৷ আনকি দুয়োৰে বিয়াৰ চিঠিও ছপা কৰি উলিয়াইছিল দুয়োটা পৰিয়ালে৷ তাৰ পাছত হঠাতে ছানিয়াই সেই বিয়া ভাঙি দিয়ে আৰু কিছুদিন পাছত ছোৱেইব মালিকৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়৷ ছোনিয়াই পাকিস্তানী নাগৰিকক বিয়া কৰোৱাক লৈ দেশৰ তীব্ৰ বিতৰ্কৰো সৃষ্টি হৈছিল৷ তেনে বিতৰ্ক এতিয়াও অব্যাহত৷ ছানিয়া অৱশ্যে কেতিয়াও ছোৱেইবৰ শিয়ালকোটৰ ঘৰত স্থায়ীভাৱে থকা নাছিল আৰু পাকিস্তানৰ নাগৰিকত্বও গ্ৰহণ কৰা নাছিল৷ বিগত কেইবছৰ ধৰি দুয়ো ডুবাইত স্থায়ীভাৱে থাকিবলৈ লৈছিল৷ এতিয়া ছানিয়াই ছোৱেইবৰ সৈতে সম্পৰ্ক ছিন্ন কৰিব বুলি প্ৰকাশিত খবৰত তেওঁৰ অনুৰাগীয়ে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সংসাৰ ভগাৰ খবৰত যিদৰে ক্ষুদ্ৰ অংশ ব্যথিত তাৰ বিপৰীতে ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিব বুলি সিংহভাগ অনুৰাগী আনন্দিত৷ কিয়নো পাকিস্তান এতিয়াও ভাৰতৰ বৈৰী৷