Logo
image

এছিয়ান বক্সিং চেম্পিয়নশ্বিপ লাভলীনা, অংকুশিতা ছেমিত

আমাৰ অসম, ৭ নৱেম্বৰ:  জৰ্ডানৰ আম্মানত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পদক নিশ্চিত কৰিছে অলিম্পিক ব্ৰঞ্জ জয়ী বক্সাৰ অসম সন্তান লাভলীনা বৰগোহাঁইয়ে৷ ৭৫ কেজি শাখাত প্ৰথমবাৰ অংশ লৈয়েই পদক নিশ্চিত কৰিবলৈ সক্ষম হ’ল খেলুৱৈ গৰাকীয়ে৷ শনিবাৰে নিশা লাভলীনাই কাজাখস্তানৰ ভেলেণ্টিনা খালজ’ভাক কোৱাৰ্টাৰ ফাইনেলত বিভাজিত সিদ্ধান্তত [৩-২] পৰাস্ত কৰে৷ পাঁচগৰাকী বক্সাৰে অংশ লোৱা শাখাটোত কমপক্ষেও ব্ৰঞ্জৰ পদক জয়ৰ বাবে লাভলীনাক মাত্ৰ এখন যুঁজত জয়ৰ প্ৰয়োজন হৈছিল৷ টকিঅ’ অলিম্পিকত মহিলাৰ ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছিল লাভলীনাই৷ কিন্তু পূৰ্বৰ ওজন শাখাটো পেৰিছ অলিম্পিকত নথকাত খেলুৱৈগৰকীৰ ওজন শাখা ৭৫ কেজিলৈ উত্তৰণ ঘটোৱা হয়৷ অসমৰ অংকুশিতা বড়োৱেও প্ৰতিযোগিতাখনৰ ছেমিফাইনেললৈ অগ্ৰগতি লাভ কৰিছে৷ মহিলাৰ ৬০ কেজি শাখাৰ যুঁজত অংকুশিতাই জাপানৰ ছুবাটা আৰ্ছিয়াক পৰাস্ত কৰে ৫-০ ব্যৱধানত৷ ভাৰতৰ মিনাক্ষী [৫২ কেজি], প্ৰীতি [৫৭ কেজি] আৰু প্ৰৱীণেও ছেমিত স্থান নিশ্চিত কৰিছে৷