Logo
image

প্ৰথম ভাৰতীয় হিচাপে অভিলেখ সূৰ্যকুমাৰৰ

আমাৰ অসম, ৭ নৱেম্বৰ:  টি-টুৱেণ্টী বিশ্বকাপত দেওবাৰে জিম্বাব’ৱেৰ বিৰুদ্ধে কৰা প্ৰদৰ্শনেৰে এক মাইলৰ খুঁটিত উপনীত হৈছে ভাৰতীয় দলৰ বেটাৰ সূৰ্যকুমাৰ যাদৱ৷ দুৰন্ত ফৰ্ম অব্যাহত থকা খেলুৱৈজন টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা কেলেণ্ডাৰ বৰ্ষত ১০০০ ৰান কৰা বিশ্বৰ দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণিত হৈছে৷ লগতে এনে সফলতা লাভ কৰা তেওঁ ভাৰতৰ প্ৰথমজন বেটাৰ৷ চলিত বিশ্বকাপত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ সহায়ত ইতিমধ্যে টি-টুৱেণ্টী ৰেংকিঙত শীৰ্ষস্থান লাভ কৰিছে সূৰ্যকুমাৰে৷ দেওবাৰে জিম্বাব’ৱেৰ বিৰুদ্ধে মাত্ৰ ২৫ টা বলত অপৰাজিত ৬১ ৰানৰ ইনিংছ খেলে ভাৰতৰ তাৰকা বেটাৰজনে৷ তেওঁৰ ইনিংছত আছিল ছটা চাৰি আৰু চাৰিটা ছয়৷ চলিত কেলেণ্ডাৰ বৰ্ষত ২৮ টা ইনিংছত সূৰ্যকুমাৰৰ সংগ্ৰহ এতিয়া ১০২০ ৰান৷ তেওঁৰ ষ্ট্ৰাইক ৰেট ১৯৩.৯৬৷ টি-টুৱেণ্টী বিশ্বকাপৰ ইতিহাসত এয়া সৰ্বাধিক ষ্ট্ৰাইক ৰেট৷ টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা কেলেণ্ডাৰ বৰ্ষত ১০০০১ অধিক ৰান স্ক’ৰ কৰা আনজন খেলুৱৈ হ’ল পাকিস্তানৰ উইকেটৰক্ষক মহম্মদ ৰিজৱান৷ তেওঁ ২০২১ চনত চ্ছ টা ইনিংছত ১৩২৬ ৰান কৰিছিল৷