Logo
image

দিল্লীত অ-প্ৰয়োজনীয় বাহনৰ প্ৰৱেশ নিষিদ্ধ

আমাৰ অসম, ৭ নৱেম্বৰ: দিল্লীৰ বায়ুৰ মান একেৰাহে তৃতীয় দিনলৈ অতি বেয়া হৈ পৰে৷ দেওবাৰে পুৱাও দিল্লীৰ আকাশ ধোঁৱা আৰু ধূলিময় হৈ পৰে৷ যাৰ ফলত দিল্লীৰ বায়ুৰ মান ‘অতি গম্ভীৰ’ শ্ৰেণীত থাকে৷ প্ৰদূষণে দিল্লীৰ জনতাৰ দেহত বিভিন্নধৰণৰ ৰোগ সৃষ্টি কৰাৰ লগতে গৰ্ভৰ সন্তানৰ ওপৰতো বেয়া প্ৰভাৱ পেলোৱা বুলি বিশেষজ্ঞই দাবী কৰিছে৷ ডাঙৰ ডাঙৰ যান-বাহন আৰু গাড়ীৰ দ্বাৰা হোৱা প্ৰদূষণৰ লগতে পঞ্জাবৰ পথাৰত জুই লগোৱাৰ ফলতো প্ৰদূষণ দ্ৰুত হাৰত বাঢ়িছে৷ দেওবাৰে পুৱা দিল্লীৰ বায়ুত পিএম ২.৫১ পৰিমাণ ৩৩৯ পইণ্টত থাকে৷ এয়া দিল্লীৰ জনতাৰ বাবে অতি বেয়া৷ ৰাষ্ট্ৰীয় ৰাজধানী এলেকাত থকা নয়দাত বায়ুৰ মান ৩৪৯ পইণ্টত অব্যাহত থাকে৷ গতিকে দিল্লী আৰু নয়দাৰ প্ৰশাসনে যান-বাহনৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰে৷ অ-প্ৰয়োজনীয় গাড়ী দিল্লীত সোমাবলৈ দিয়া হোৱা নাই৷ বিশেষকৈ সকলো ট্ৰাকৰে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ অতি প্ৰয়োজনীয় সামগ্ৰী অনা বাহনৰহে প্ৰৱেশত অনুমতি প্ৰদান কৰা হৈছে৷