Logo
image

ডেংগু বিয়পিছে ন ন জিলালৈ

আমাৰ অসম , ৮ নৱেম্বৰঃ পশ্চিমবংগৰ পাছতেই অসমতো এতিয়া ভয়াৱহ ৰূপ লৈ ডেংগুৱে৷ কাৰ্বিআংলং জিলাৰ ডিফুৰ পাছতেই ৰাজ্যৰ ১৩ খন জিলালৈ বিয়পিছে ডেংগুৰ সংহাৰ৷ স্বাভাৱিকতেই এতিয়া গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্যান্য জিলাসমূহতো ডেংগুৱে কাল ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰি উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ৷ বিশেষকৈ পাহাৰীয়া কাৰ্বি আংলং জিলাত ডেংগুৱে ভয়ংকৰ ৰূপ লোৱাত সোমবাৰৰে পৰা পাঁচ দিনৰ বাবে জিলাখনৰ সকলো স্কুল-কলেজ বন্ধ কৰি দিছে  কাৰ্বি আংলং স্বায়ত্ত পৰিষদে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও বিগত ৬টা দিনতে ৰাজ্যত নতুনকৈ ডেংগুত আক্ৰান্ত হৈছে ৩৬৯ জন লোক৷ ইয়াৰ ভিতৰত কাৰ্বি আংলং জিলাত সৰ্বাধিক ৩৪৪ জন লোক ডেংগুত আক্ৰান্ত হৈছে৷ কাৰ্বি পাহাৰৰ পাছতেই কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১ জন লোক৷ ডিফুৰ পাছতেই সমীপৱৰ্তী হোজাই, নগাঁও জিলালৈও ডেংগুৰ সংক্ৰমণ আৰম্ভ হৈছে৷ বিগত ৬ টা দিনত নগাঁও আৰু হোজাইত এজনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে৷ ইয়াৰোপৰি উক্ত সময়ছোৱাত নলবাৰী, শিৱসাগৰ আৰু ডিমা হাচাওত দুজনকৈ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে দৰং, ডিব্ৰুগড়, কামৰূপ, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিত এজনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে৷ ইতিমধ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন ডাইৰেক্টৰ ডাঃ লক্ষ্মীপ্ৰিয়াই কাৰ্বি আংলঙত বাহৰ পাতি ডেংগু প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ নাগৰিকৰ ঘৰে ঘৰে গৈ দণ্ডাধীশ পৰ্যায়ৰ বিষয়াৰ উপস্থিতিত ৯টাকৈ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান ডেংগুত আক্ৰান্ত পাঁচজন লোক চিকিৎসাধীন হৈ থকাৰ লগতে ইয়াৰে এজনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ডেংগুৰ বাহক মহ যদিও স্বাস্থ্য বিভাগে ৰাইজৰ মাজত সজাগতামূলক প্ৰচাৰ চলোৱাত ব্যৰ্থ হোৱাৰ বাবেই বাহকজনিত ৰোগবিধে ভয়ংকৰ ৰূপ লোৱাৰ অভিযোগ উঠিছে৷

হাফলঙত দুজনৰ দেহত ডেংগুৰ উপস্থিতি

আমাৰ অসম , ডিফুঃ কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চহৰত ব্যাপক সংক্ৰমণ ঘটাৰ পাছত এইবাৰ ডেংগুৰ উপস্থিতি ধৰা পৰিছে ডিমা হাচাও জিলা সদৰ হাফলং চহৰতো৷ আজি হাফলং চহৰত দুজন ব্যক্তিৰ দেহত ডেংগু ধৰা পৰিছে৷ আনহাতে, এই সংক্ৰমণ ৰোধ কৰাৰ বাবে আজি জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ লীনা হাকমকচাৰ নেতৃত্বত এক উচ্ছ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত পৰিষদৰ স্বাস্থ্য বিভাগৰ সচিব ৰেবেকা চাংচন, ৰাজ্যৰ দুই বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ দীপাংকৰ চেতীয়া, অম্বিত বৰুৱা, হাফলং অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসকসকল উপস্থিত থাকে৷ বৈঠকৰ পাছত যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে চহৰখনত যাতে ডেংগুৰ অধিক সংক্ৰমণ ঘটিব নোৱাৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে ডিফুত হোৱা ডেংগুৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে পূৰ্বেই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে৷