Logo
image

আৰ্থিক অনগ্ৰসৰৰ বাবে ১০% সংৰক্ষণত ছীল-মোহৰ

আমাৰ অসম , ৮ নৱেম্বৰঃ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে হাতত ব্ৰহ্মাস্ত্ৰ পালে কেন্দ্ৰত শাসনাধিষ্ঠিত তথা তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ প্ৰস্তুতি চলাই থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে৷ অৰ্থনৈতিকভাৱে দুৰ্বল আৰু অসংৰক্ষিত শ্ৰেণীৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে দহ শতাংশ সংৰক্ষণৰ যি বিধেয়ক সংসদৰ উভয় কক্ষত গৃহীত কৰিছিল সেই সিদ্ধান্তক উচ্ছতম ন্যায়ালয়ে খণ্ডিত সিদ্ধান্তৰে বৈধ বুলি ৰায়দান কৰিছে৷ একেৰাহে সাতদিন ধৰি হোৱা শুনানিৰ অন্তত সৰ্বোচ্ছ আদালতে সোমবাৰে সংবিধানৰ ১০৩ সংখ্যক সংশোধনীৰ অনুমতি প্ৰদান কৰি চৰকাৰে হাতত লোৱা পদক্ষেপক বৈধতাৰ স্বীকৃতি প্ৰদান কৰিছে৷ ইয়াৰ ফলত এতিয়াৰ পৰা দেশৰ যিকোনো পদ আৰু শিক্ষাৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে অনগ্ৰসৰ শ্ৰেণী বা ই ডব্লিউ এছ নাগৰিকে দহ শতাংশ সংৰক্ষণ লাভ কৰিব৷ নৰেন্দ্ৰ মোদী চৰকাৰেই দেশৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ শ্ৰেণীক শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত দহ শতাংশ সংৰক্ষণৰ ব্যৱস্থা প্ৰদান কৰিব বুলি দিয়া  প্ৰতিশ্ৰুতি সৰ্বোচ্ছ আদালতত বৈধ নিৰূপিত হোৱাৰ লগে লগে আগন্তুক সাধাৰণ নিৰ্বাচনত চৰকাৰৰ এই পদক্ষেপক বিজেপিয়ে সাধাৰণ ভোটাৰৰ ক্ষেত্ৰত ব্ৰহ্মাস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিবলৈ সুযোগ পাব৷ ২০১৯ চনৰ ১২ জানুৱাৰীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত দহ শতাংশ সংৰক্ষণৰ ব্যৱস্থা থকা বিধেয়ক লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে সৰ্বসন্মতিক্ৰমে গৃহীত কৰিছিল৷ সেই সময়ত কেন্দ্ৰক সমৰ্থন জনাইছিল অসম, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশৰ দৰে কেইবাখনো ৰাজ্যই৷ কিন্তু চৰকাৰৰ সেই বিধেয়কৰ বিৰোধিতা কৰিছিল তামিলনাডুৱে৷ ফলত ৰাষ্ট˜পতিয়ে উক্ত বিধেয়কত স্বাক্ষৰ কৰি আইনত পৰিণত হোৱাৰ মৰ্যাদা প্ৰদান কৰাৰ পাছতে বিভিন্ন সংগঠনে সংবিধানৰ ‘সাম্যৰ অধিকাৰ’ এই আইনৰ দ্বাৰা উলংঘা হৈছে বুলি অভিযোগ তুলি উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ কিয়নো উচ্ছতম ন্যায়ালয়ৰ পূৰ্বৰ এটা নিৰ্দেশ আৰু সাম্প্ৰতিক সংবিধান অনুসৰি দেশত কোনো ক্ষেত্ৰতে সংৰক্ষণ ৫০ শতাংশ বা তাৰ অধিক হ’ব নোৱাৰে৷ তেনেহ’লে দেশৰ নাগৰিক ‘সাম্যৰ অধিকাৰ’ৰ পৰা বঞ্চিত হ’ব৷ উচ্ছতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰাৰ ফলত বিগত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে কৰা পৰিকল্পনা অনুসৰি অৰ্থনৈতিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ সংৰক্ষণৰ ব্যৱস্থা আইনত পৰিণত কৰাত অসমৰ্থ হয়৷ তথাপি কেন্দ্ৰত অধিষ্ঠিত চৰকাৰৰ নেতৃত্বাধীন দল বিজেপিয়ে দেশৰ সাধাৰণ ভোটাৰক তেওঁলোক যে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ পক্ষে আছে সেই বাৰ্তা দিবলৈ সক্ষম হয়৷ ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে পাঁচ বছৰৰ পূৰ্বতকৈ অধিক জনসমৰ্থন লাভ কৰি চৰকাৰ গঠন কৰে৷  এতিয়া  পৰৱৰ্তী সাধাৰণ নিৰ্বাচনলৈ মাজত ডেৰবছৰ বাকী থকা অৱস্থাত সেই বিধেয়ক চৰকাৰে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত আইন হিচাপে বলৱৎ কৰিবলৈ সুযোগ লাভ কৰিলে৷ ৰাজনৈতিক মহলত উচ্ছতম ন্যায়ালয়ৰ এই ৰায় বিজেপিৰ বাবে ইতিবাচক দিশ হিচাপে চৰ্চা হৈছে৷ বিজেপিয়ে নিজেও উচ্ছতম ন্যায়ালয়ৰ এই ৰায়ক নৰেন্দ্ৰ মোদী চৰকাৰৰ ঐতিহাসিক সাফল্য বুলি দাবী কৰিছে৷ এই দাবী স্বাভাৱিকতে যুক্তিসংগত বুলিও বিভিন্ন পক্ষ পতিয়ন গৈছে৷ কিয়নো এই আইন  বলৱৎ কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰ দেশৰ অনগ্ৰসৰ শ্ৰেণীৰ পক্ষে থকা চৰকাৰ হিচাপে পৰিগণিত হ’ব৷

 নব্বৈৰ দশকত নৰসিংহ ৰাও চৰকাৰে আৰ্থিকভাৱে পিছপৰি থকা অসংৰক্ষিত বৰ্গৰ বাবে সংৰক্ষণ আৰম্ভ কৰাৰ উদ্যোগ হাতত লৈছিল৷ কিন্তু সেই সময়ত এটা গোচৰৰ প্ৰেক্ষিতত উচ্ছতম ন্যায়ালয়ে দেশত চলিত সংবিধানৰ গণ্ডীৰ ভিতৰত ৪৯.৫ শতাংশ [১৫ শতাংশ অনুসূচিত জাতি, ৭.৫ শতাংশ অনুসূচিত জনজাতি আৰু ২৭ শতাংশ অন্যান্য অনগ্ৰসৰ শ্ৰেণী] সংৰক্ষণৰ উদ্ধৰ্সীমা হিচাপে নিৰ্দিষ্টভাৱে ঠিৰাং কৰি দিছিল৷ ইয়াৰ ফলত নৰসিংহ ৰাও চৰকাৰৰ সেই উদ্যোগ ব্যৰ্থ হয়৷ পৰৱৰ্তী সময়ত ডঃ মনমোহন সিং চৰকাৰেও অৰ্থনৈতিকভাৱে অনগ্ৰসৰ নাগৰিকৰ বাবে ১০দ শতাংশ সংৰক্ষণৰ পোষকতা কৰিছিল৷ কিন্তু উচ্ছতম ন্যায়ালয়ৰ উক্ত ৰায় সেই ক্ষেত্ৰত প্ৰতিবন্ধকতা হিচাপে থিয় দিয়ে৷  ইউপিএ চৰকাৰে ইয়াৰ বিৰুদ্ধে আদালতত যুঁজ কৰাৰ  পৰা বিৰত থাকে৷ কিন্তু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০১৯ চনৰ ১২ জানুৱাৰীত এই বিধেয়কখন সংসদৰ উভয় কক্ষত সৰ্বৰ্সন্মতিক্ৰমে গৃহীত কৰিবলৈ সক্ষম হয়৷ 

আদালতত নৰেন্দ্ৰ মোদী চৰকাৰৰ সেই সিদ্ধান্ত প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও মোদী চৰকাৰে যুঁজিবলৈ নেৰিলে৷ ২০২০ চনৰ আগষ্টৰ পৰাই এই গোচৰৰ শুনানি চলিছিল উচ্ছতম ন্যয়ালয়ত৷ মঙলবাৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, দীনেশ মহেশ্বৰী, এছ ৰবীন্দ্ৰ ভাট, বেলা এম ত্ৰিবেদী আৰু জে পি পাৰ্ডিৱালাৰ বিচাৰপীঠত এই গোচৰৰ শুনানি চলিছিল৷ ৩ঃ২ খণ্ডিত সিদ্ধান্তৰে মুখ্য ন্যায়াধীশ নেতৃত্বাধীন  পাঁচজনীয়া বিচাৰপীঠে সোমবাৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ সপক্ষে ৰায়দান কৰে৷ ফলত এই মুহূৰ্তত হিমাচল প্ৰদেশ তথা গুজৰাটৰ বিধানসভা নিবাৰ্চনৰ পৰা পৰৱৰ্তী সাধাৰণ নিৰ্বাচনলৈ নৰেন্দ্ৰ মোদী চৰকাৰে এই আইনৰ সুবাদত নিজকে দেশৰ অনগ্ৰসৰ শ্ৰেণীৰ পক্ষে থকা চৰকাৰ হিচাপে প্ৰতীয়মান কৰিবলৈ সোণালী সুযোগ লাভ কৰিছে৷

অসমৰ ৬ জনগোষ্ঠীৰ দাবী তল পৰিব

নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ শ্ৰেণীক চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত ১০ শতাংশ সংৰক্ষণ প্ৰদানৰ বাবে হাতত লোৱা আইনখনক উচ্ছতম ন্যায়ালয়ে বৈধ ঘোষণা কৰাৰ ফলত দেশৰ অনেক জনগোষ্ঠীৰ দাবী অসাৰ হৈ পৰিব৷ কিয়নো নতুন আইনখনে সামগ্ৰিকভাৱে সমগ্ৰ দেশৰে অনগ্ৰসৰ শ্ৰেণীৰ উপকাৰ সাধিব৷ সেয়ে এনে পৰিস্থিতিত দেশৰ বিভিন্ন ৰাজ্যত বহু জনগোষ্ঠীয়ে সংৰক্ষণৰ বাবে জনাই থকা দাবী মোদী চৰকাৰে সহজে পূৰণ নকৰিব৷ অসমৰ ছয় জনগোষ্ঠীয়ে জনজাতীয়কৰণৰ বাবে চলাই থকা দাবীকো এতিয়া মোদী চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ নকৰিব বুলিয়েই চৰ্চা হৈছে৷ উল্লেখ্য, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপি পৰাজিত হোৱাৰ লগে লগে মোদী চৰকাৰে সংসদত ইডব্লিউএছৰ ১০ শতাংশ সংৰক্ষণৰ বিধেয়ক উত্থাপন কৰিবলৈ বাধ্য হৈছিল৷ সেইকেইখন ৰাজ্যত বহু পিছপৰা জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি সংৰক্ষণৰ দাবীত আন্দোলন কৰি আহিছিল৷ অনগ্ৰসৰ শ্ৰেণীৰ তেনে আন্দোলন দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও অব্যাহত আছে৷ প্ৰতিটো সমস্যা বা বিষয়ৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে অধ্যয়ন কৰি তাৰ পক্ষে বা বিপক্ষে পদক্ষেপ গ্ৰহণ কৰাত বিজেপিৰ দৰে সিদ্ধহস্ত আন ৰাজনৈতিক দল নাই৷ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ বৰ্গক সংৰক্ষণ দিলে যিহেতু সামগ্ৰিকভাৱে দেশৰ সংৰক্ষণৰ সমস্যা সমাধান হয়, সেয়ে বিজেপিয়ে এতিয়া অসমৰ দৰে ছয় জনগোষ্ঠী বা তেনে নিৰ্দিষ্ট সীমিত সংখ্যক লোক থকা দাবী পূৰণ কৰিবলৈ অনিচ্ছুক হৈ পৰিব বুলিয়েই ধাৰণা কৰা হৈছে৷ কিয়নো তেনে দাবী পূৰণ কৰিও বিজেপি বহুলভাৱে ৰাজনৈতিক দিশত লাভান্বিত নহ’ব৷ সেয়ে অসমৰ টাই আহোম, কোঁচ ৰাজবংশী, চুতীয়া, মৰান, মটক আৰু আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী এতিয়া স্বাভাৱিকভাবেই বিজেপি চৰকাৰৰ ওচৰত গুৰুত্বহীন হৈ পৰিব৷