Logo
image

ৰাজ্যজুৰি মায়াময় জোনাকত বৰ্ণময় ৰাস

আমাৰ অসম , ৮ নৱেম্বৰঃ  ...বজাইছে মোহন বেণু নয়নভৰি চাওঁ, আহা সখী আহা...৷ ৰাসোৎসৱৰ আনন্দেৰে এতিয়া দলদোপ হেন্দোলদোপ সমগ্ৰ অসম৷ মায়াময় জোনাকত বিতোপন পৰিৱেশত ইমূৰৰ পৰা সিমূৰলৈ বৰ্ণময় ৰাস, ছন্দোময় ৰাসোৎসৱ৷ নলবাৰীৰ পৰা মাজুলীলৈ,  পলাশবাৰীৰ পৰা হাউলীলৈ, ধেমাজি-বিশ্বনাথৰ পৰা টিহু-পাটাছাৰকুছিলৈ সকলোতে ৰাসোৎসৱৰ নিৰ্মল আনন্দ, ৰাধা-কৃষ্ণৰ অনুপম বন্দনা৷ নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে ৮৯ সংখ্যক নলবাৰী ৰাস মহোৎসৱ৷ শৰত কালৰ স্নিগ্ধ জোনাকত এক বিতোপন পৰিৱেশত শংখ-ঘণ্টা-তাল-বৰকাহৰ শব্দৰ এক মাংগলিক পৰিৱেশৰ মাজত সন্ধিয়া ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বৰদোৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে৷ এই উপলক্ষে হৰিমন্দিৰৰ স্থায়ী মঞ্চত ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত উদ্বোধক সত্ৰাধিকাৰ গোস্বামীয়ে ভাষণ প্ৰসংগত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত নলবাৰী ৰাস মহোৎসৱৰ এক সুনাম আছে বুলি উল্লেখ কৰি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ওপৰত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷ এনেধৰণৰ অনুষ্ঠানে প্ৰেম-ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰে বুলিও তেওঁ উল্লেখ কৰে৷ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা উদ্বোধনী সভাখনত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে জিলা উপায়ুক্ত গীতিমণি ফুকনে৷ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাই তেওঁৰ প্ৰতিবেদন পাঠ কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী পীয়ূষ হাজৰিকাই শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্ত সম্পৰ্কে উল্লেখ কৰি ৰাসলীলা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়৷  ভগৱান শ্ৰীকৃষ্ণই প্ৰেমৰ বাণী বিলাইছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাস হৈছে ভক্তি ৰস৷ নলবাৰীৰ ৰাস আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ পৰ্যৱসিত হৈছে বুলি দোহাৰি মন্ত্ৰীজনে কয় যে আমাৰ ঐতিহ্য, ধৰ্মীয় বিশ্বাসৰ পৰম্পৰা ভবিষ্যত প্ৰজন্মলৈ লৈ যাব লাগিব৷ উক্ত সভাতেই ৰাস মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে৷ উদ্বোধনী অনুষ্ঠানত সাংসদ কুইন ওজা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাইও প্ৰাসংগিক বক্তব্য আগবঢ়ায়৷ উক্ত অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগম পৰিসীমিতৰ অধ্যক্ষ সীমান্ত শেখৰ, ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মদন মালাকৰ, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, সহকাৰী সম্পাদক পংকজ বৰ্মন, হৰিমন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া দিলজিৎ বৰ্মন, নৰেশ্বৰ কলিতা, সুকুমাৰ শৰ্মা, তপেশ্বৰ দাস, বিশিষ্ট সমাজসেৱী গণেশ তামোলীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উক্ত উদ্বোধনী অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বাঁহী বাদক দীপক শৰ্মাই বাঁহী বাদন কৰে৷ উল্লেখ্য যে ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ প্ৰাকমুহূৰ্তত সন্ধিয়া নলবাৰীৰ গৰ্ডন খেলপথাৰৰ পৰা আমন্ত্ৰিত অতিথিসকলক এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে হৰিমন্দিৰলৈ আদৰি অনা হয়৷ উক্ত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰ নাথে৷ উল্লেখ্য, ১৩ দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত শ্ৰীশ্ৰী হৰিমন্দিৰৰ পতাকা উত্তোলন কৰে নলবাৰী হৰিমন্দিৰ সমিতিৰ সভাপতি অশোক শৰ্মাই৷ ৮৯ সংখ্যক ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই৷ মাল্যাৰ্পণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে৷ উল্লেখ্য, বিগত ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপন কৰি অহা নলবাৰী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে মহাভাৰত, ৰামায়ণ, উপনিষদ, ভাগৱত, গীতা আদিৰ বিভিন্ন আখ্যান-উপাখ্যানৰ আধাৰত নিৰ্মিত মৃন্ময় মূৰ্তি৷ অৱশ্যে এইবেলি জীৱন্ত ৰাস হ’ব ৰাসযাত্ৰীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ এনে পৰিস্থিতিত মৃন্ময় মূৰ্তিৰ ৰাস আৰু জীৱন্ত ৰাসৰ সমাহাৰে এক অনন্য মাত্ৰা লাভ কৰিব এইবাৰৰ নলবাৰী ৰাস মহোৎসৱত৷ তদুপৰি ৰাস মহোৎসৱ উপলক্ষে আমন্ত্ৰিত ভ্ৰাম্যমাণ থিয়েটাৰসমূহো ৰাসযাত্ৰীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে৷ বিভিন্ন জাতি-ধৰ্ম, বৰ্ণৰ দৰ্শনাৰ্থীৰ মিলনস্থলী হৈ পৰে নলবাৰী ৰাসস্থলী৷

মাজুলীৰ তিনিকুৰি মঞ্চত একেলগে বংশীধবনি

 ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি মাহজোৰা প্ৰস্তুতিৰ অন্তত আজি মাজুলীত আৰম্ভ হ’ল শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা৷ আজি সন্ধ্যা ৮ বজাৰ লগে লগে সমস্বৰে মাজুলীত বাজি উঠিল খোল, তাল, দবা, কাঁহৰ ধবনি৷ শ্ৰী কৃষ্ণৰ মোহন বাঁহীৰ সুৰত গকুল বৃন্দাবনলৈ পৰ্যবসিত হৈছে সত্ৰদ্বীপ মাজুলী৷ আৰম্ভ হ’ল মাজুলীত ৰাস মহোৎসৱ৷ সেই উপলক্ষে মাজুলীত পূৰ্বৰে পৰা প্ৰসিদ্ধ দাক্ষিণপাত সত্ৰ, আউনীআটী সত্ৰ গড়মূৰ সত্ৰ, আৰু বেঙেনাআটী সত্ৰকে মুখ্য কৰি সৰু-বৰ সত্ৰসমূহত ৰাস পূজা হোৱাৰ বিপৰীতে অধিকাংশ ৰাস মঞ্চত নাম-কীৰ্তন সম্পন্ন হয়৷ তাৰ পূৰ্বে পুৱাৰ ভাগত প্ৰতিটো ৰাস মঞ্চত উদ্যোক্তাসকলে ধৰ্মধজ্জা উত্তোলন কৰে৷  এই ৰাস মহোৎসৱে মাজুলীত এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে৷ কৰ’না মহামাৰীৰ বাবে বিগত দুটা বছৰ কিছু স্তিমিত হৈছিল যদিও এইবাৰ মাজুলীত ৰাস মহোৎসৱকলৈ মাজুলীত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে উদ্যোক্তাসকলৰ মাজত৷ মাজুলীলৈ ৰাস উপভোগ কৰিবলৈ আহি মাজুলীৰ বিভিন্ন প্ৰান্তত দৰ্শনাৰ্থী বিৰ দি বাট নেপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷  শ্ৰী শ্ৰী দাক্ষিণপাট সত্ৰত প্ৰতিষ্ঠিত কল্পিত বৃন্দাবন আৰু ৰাস পূজা-সেৱাৰ বাবে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ভিৰ দেখা গৈছে৷ মাজুলীৰ ৬১খন ৰাস মঞ্চত ৰাসলীলা পৰিৱেশন দুভাগেৰে সম্পন্ন কৰা হৈছে উদ্যোক্তা সমিতিৰ দ্বাৰা৷ সেই অনুসৰি দৰ্শনাৰ্থীসকলে দক্ষিণপাট সত্ৰ, চামগুৰি সত্ৰ, ভোগপুৰ সত্ৰ,  বিহিমপুৰ সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰত আদিত বিনামূলীয়াকৈ দৰ্শন কৰিছে ৰাসলীলা৷ তাৰ বিপৰীতে অন্যান্য ৰাস মঞ্চসমূহত উদ্যোক্তা সমিতিয়ে নিজৰ নিৰ্ধাৰিত প্ৰৱেশ-পত্ৰৰ শ্ৰেণী অনুসৰি মূলতঃ প্ৰদান কৰি দৰ্শন কৰিছে ৰাস৷  ঐতিহাসিক শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ উদ্যোগত এক বিনামূলীয়া আৰু ব্যয়বহুল বাজেটেৰে দৰ্শনাৰ্থীসকলৰ বাবে বিনামূলীয়াকৈ থকা-মেলাৰ ব্যৱস্থা কৰা আৰু তিনিওদিনৰ কাৰ্যসূচীত ৫০ হাজাৰ দৰ্শনাৰ্থী তথা ভক্তপ্ৰাণ ৰাইজক পুৱাৰ জলপান, দুপৰীয়াৰ ভাত আৰু নিশাৰ ভাত বিনামূলীয়া আপ্যায়নৰ যি সুব্যৱস্থা ই অতি প্ৰশংসনীয় পদেক্ষেপ৷ ৰাস উদযাপন সমিতিয়ে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অৰ্থাৎ মাজুলীৰ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বিনামূলীয়াকৈ ৰোগীৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰাৰ উপৰিওৰ আৰ্থিকভাৱে দুৰ্বল ৰাইজৰ সুবিধাৰ্থে বিশেষজ্ঞ চকু চিকিৎসকৰ দ্বাৰা বিনামূলীয়াকৈ চকু পৰীক্ষা কৰাই সুলভ মূল্যত চশমা প্ৰদানৰ ব্যৱস্থাই সকলো ৰাইজে ভূয়সী প্ৰশংসা কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস উদযাপন সমিতিক৷ মাজুলীৰ ৰাসসমূহৰ লগত আন এক বৈশিষ্ট্যতাৰে পৰিপূৰ্ণ উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসলীলা৷  মাজুলীৰ অন্যান্য ৰাস মঞ্চবোৰত মাতৃভাষাত ৰচিত নাটৰ আধাৰত ৰাস মঞ্চস্থ কৰাৰ বিপৰীতে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ কেলিগোপাল নাটৰ আধাৰত বিৰচিত ব্ৰজাৱলী ভাষাত বিৰচিত নাট আৰু অংকীয়া শৈলীত প্ৰদৰ্শিত ৰাস দৰ্শনৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও দেশ-বিদেশৰ দৰ্শনাৰ্থীৰ ব্যাপক আগমন ঘটা পৰিলক্ষিত হৈছে৷ মাজুলীৰ ৰাস মঞ্চসমূহৰ ভিতৰত মিছিং জনজাতি অধ্যুষিত অঞ্চলত অৱস্থিত কেইবাখন ৰাসমঞ্চত মিছিং ভাষাত ৰাস মঞ্চস্থ কৰা বুলি জানিব পৰা গৈছে৷  আজি শ্ৰী শ্ৰী দাক্ষিণপাট সত্ৰত ৰাস পূৰ্ণিমাৰ ৰাস পূজাৰ সমান্তৰালভাৱে ১৮২গছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৰাস মহোৎসৱ৷  ইফালে মাজুলীলৈ অহা দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দ্বাৰা এখন অতিৰিক্ত ফেৰী নিমাতি কমলাবাৰীৰ মাজত সংযোজন কৰি যাত্ৰীৰ সুবিধা কৰাৰ লগতে ফেৰীৰ টিপ বৃদ্ধি কৰিছে৷ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰয়ো ৩৪৯ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি আধ্যাত্মিকভাৱে ৰাস মহোৎসৱ উদযাপন কৰিছে৷ মহাপুৰুষ শংকৰদেৱৰ অমৰসৃষ্টি কেলিগোপাল নাটৰ আধাৰত বজ্ৰাৱলী ভাষাৰে আজিৰে পৰা পৰা তিনিদিনীয়াকৈ কমলাকান্ত আতা ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাসোৎসৱৰ বাবে সত্ৰখনত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে৷ সত্ৰখনত তিনিও দিনতে ৰাসৰ দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া অন্নৰ ব্যৱস্থা কৰিছে৷ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনেও ৰাস সমাৰোহখন সুচাৰুভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ জিলা প্ৰশাসনে ৰাস সমিতিসমূহক নিজাববীয়াকৈ স্বেচ্ছাসেৱকৰ জৰিয়তে সুচাৰুৰূপে যাতে ৰাস অনুষ্ঠিত কৰিব পাৰি তাৰ ব্যৱস্থা কৰিবলৈ আহ৩ান জনাইছে৷ আৰক্ষী প্ৰশাসনে শান্তি-শৃংখলা বজাই ৰাখি সকলোকে অনুষ্ঠানভাগি উদযাপন কৰিবলৈ আহ৩ান জনাইছে৷ ইফালে সপৰিয়ালে ৮ নৱেম্বৰত মাজুলীত ৰাসোৎসৱ উপভোগ কৰিবলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে সেইদিনা মাজুলীতে নিশাটো কটাই যোৰহাট-মাজুলী দলং নিৰ্মাণৰ কাম পৰিদৰ্শনকে ধৰি মাজুলীৰ বিভিন্ন স্থানত ৰাসোৎসৱ উপভোগ কৰিব৷ মাজুলীলৈ আহিবলগীয়া ৰাসৰ দৰ্শনাৰ্থীক আদৰিবলৈ মাজুলীৰ বিভিন্ন স্থানত ডেৰ শতাধিক আদৰণি টোৰণ নিৰ্মাণেৰে অতিথিক আদৰিছে মাজুলীবাসীয়ে৷ অতিথিপৰায়ণ মাজুলীবাসীযে ৰাস দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থীক আপ্যায়নৰ বাবে ঘৰে ঘৰে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে৷ মাজুলীৰ চৌদিশে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে৷ ইয়াৰ মাজতে দৰ্শনাৰ্থীৰ মাজত দেশী-বিদেশী পৰ্যটকৰ মাজুলীৰ বিভিন্ন ঠাইত বিচৰণ আৰু ৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমৰ পৰা সত্ৰ আৰু মঞ্চত সংবাদ মাধ্যমৰ অৱস্থিতিয়ে মাজুলীবাসীক উৎসাহিত কৰিছে৷ মাজুলীৰ ৰাসলীলা অভিনয়ত অসমৰ বহুকেইজন জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিছে৷ জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউট পোষ্টৰ’ জনপ্ৰিয় অভানেতা কে কেখ্যাত সিদ্ধাৰ্থ শৰ্মাই আউনীআটী আঞ্চলিক জনতা কৃষ্টি সংঘৰ ৰাসলীলাত বসুদেৱৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ এই সংঘই দুদিন ৰাসলীলা মঞ্চায়ন কৰাৰ পাছত পালনাম মহোৎসৱৰ আগদিনা তৃতীয় দিনৰ ৰাসলীলা উদযাপন কৰিবলৈ আয়োজন কৰিছে৷

তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ‘কৃষ্ণ অমৃত কথা’

বৈষ্ণৱ সংস্কৃতিৰ অন্যতম নিদৰ্শন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাস ভাওনাৰ বাবে আজিৰে পৰা বিভিন্ন ৰাস মহোৎসৱ উদ্‌যাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে৷ শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰাৰ এনে আয়োজনৰ মাজতে কালি নিশাই তেজপুৰ চহৰৰ ‘ভূপেন হাজৰিকা কলাভূমি’ত এই ৰাসোৎসৱৰ লগত সংগতি ৰাখি মিলনপুৰৰ সংগীত শিক্ষাৰ অনুষ্ঠান ‘মাধৱদেৱ কলা নিকেতন’এ নিবেদন কৰা ‘কৃষ্ণ অমৃত কথা’ শীৰ্ষক গীতি নৃত্য-নাটিকাই মুগ্ধ কৰিলে ৰাইজক৷ আকৰ্ষণীয় দৃশ্য সজ্জা, নানা ৰঙী আলোকসম্পাত আৰু মনোমোহা সুৰ - সংগীতৰ মাজত ভূপেন হাজৰিকা কলাভূমিলৈ হিলদল ভাঙি ওলাই অহা দৰ্শক বুৰ গ’ল ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ মাজত৷ মাধৱদেৱ কলা নিকেতনৰ অধ্যক্ষ, সংগীত আৰু মুখা শিল্পী ময়ূৰ কাঞ্চন বৰাৰ ৰচনা, পৰিকল্পনা আৰু পৰিচালনাৰে প্ৰায় দুকুৰি ‘কুশীলৱ’ৰ দ্বাৰা পৰিৱেশিত এই আকৰ্ষণীয় নৃত্য নাটিকাৰ মাজত ৫৫ মিনিট সময় যেন ভক্তি ৰসত বুৰ গৈ থাকিল কেবা শতাধিক দৰ্শক৷ আৰম্ভণিতেই কংশৰ ৰাজপ্ৰসাদৰ দৃশ্যাংশৰে ৰাজীৱ মহন্তৰ কংসৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰি তুলিলে দৰ্শকক৷ আনহাতে কালীনাগৰ সৈতে শ্ৰীকৃষ্ণৰ যুদ্ধৰ দৃশ্যাংশৰ আকৰ্ষণীয় উপস্থাপন আছিল নৃত্য নাটিকাখনৰ অন্যতম আকৰ্ষণ৷ উল্লেখ্য যে, ‘কৃষ্ণ অমৃত কথা’ৰ আন চৰিত্ৰসমূহ ৰূপায়ণ কৰা শিল্পী সকল আছিল ক্ৰমে-কালী নাগ গীত কাঞ্চন বৰা, ডাঙৰ কৃষ্ণ নিকিতা কাকতি, সৰু কৃষ্ণ কুহেলিকা পটংগীয়া, দৈৱকী তৃষ্ণা হাজৰিকা, বসুদেৱ মামনি কলিতা, মাজু কৃষ্ণ ৰেইনী ৰাণী বৰুৱা, যশোদা দৰ্শনা বাইলুং, নন্দ নিপন বৰুৱা, ৰাধা নিকিতা শৰ্মা, ইন্দ্ৰ অৰ্চিৎ বিশ্ব কন্দলী আৰু গোপ বালক পাহী দাস, বিস্মিতা কলিতা আৰু বনশ্ৰী নেওগ৷ গীতত কণ্ঠদান কৰা শিল্পী সকল আছিল ক্ৰমে- প্ৰাঞ্জল শইকীয়া, ৰাজশ্ৰী বৰুৱা, অেi£ষা কাঞ্চন বৰা আৰু শ্ৰীমা বৰুৱা৷ সংগীত শিল্পী সকল আছিল ক্ৰমে- প্ৰাঞ্জল বৰুৱা, বিশ্ব মহন্ত, মৃদুল নাথ, জ্যোতিকমল কোচ, নয়ন শইকীয়া, তপন শৰ্মা আৰু নিৰ্মল ভূঞা৷ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত নিবেদিত হোৱা নৃত্য নাটিকাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই৷ আনহাতে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা তেজপুৰৰ ঐতিহ্যমণ্ডিত মিলন বাকৰি ৰাসোৎসৱৰ এইবাৰৰ ৮৭ সংখ্যক কাৰ্যসূচী আজি পুৱা ৫ বজাত ঊষা কীৰ্তনেৰে আৰম্ভ হোৱাৰ পিছত গায়ন বায়ন আৰু সত্ৰীয়া শিল্পীৰ উপস্থিতিত পতাকা উত্তোলন কৰে সভাপতি কুলেন শইকীয়াই৷ ইয়াৰ পিছতেই গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্য উপদেষ্টা সুনীল শইকীয়াই৷ আনহাতে তেজপুৰৰ আন এখন ঐতিহ্যমণ্ডিত ডেকাৰ গাঁৱৰ ঊষা নাট্যমন্দিৰ ৰাসোৎসৱ সমিতি, চাৰিদুৱাৰ আঞ্চলিক শংকৰ সংঘ [বৰাচুবুৰীৰ] লগতে বৃহত্তৰ তেজপুৰৰ ২৩ খনকৈ ৰাস মহোৎসৱৰথলীত পুৱাৰ পৰা উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ 

৮৯সংখ্যক পূব খাগ্ৰাবাৰী ৰাস মহোৎসৱ আৰম্ভ

 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাগ্‌সা জিলাৰ পূব খাগ্ৰাবাৰীতো আজিৰে পৰা আৰম্ভ হৈছে ৮৯ সংখ্যক পূব খাগ্ৰাবাৰী সাৰ্ব্বজনীন শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ৷ আজিৰে পৰা ১০ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা ৮৯ সংখ্যক সাৰ্ব্বজনীন শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ পুৱা পতাকা উত্তোলন কৰাৰ পাছত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মুখ্য তোৰণ উদঘাটন কৰি সংবাদ মাধ্যমৰ আগত কয়, ‘শ্ৰীকৃষ্ণই মানৱ সমাজত বহুত আদৰ্শমূলক নীতি দেখুৱাই গৈছে৷ সেইমতে চলিব পাৰিলে মানৱ সমাজ সুন্দৰ হৈ পৰিব৷’ জালাহ মেডিকেললৈ যোৱা ভিতৰুৱা ৰাস্তাটো ইতিমধ্যে বনোৱা হ’ল বুলি মন্ত্ৰী ব্ৰহ্মই পুনৰ কয়, ‘পূব খাগ্ৰাবাৰী মণ্ডল ছুপাৰ পথটো নিৰ্মাণ কৰা হৈছে৷ আলিগুৰি প্ৰাথমিক বিদ্যালয়ৰ পকীবেৰ আৰু জালাহ মধ্য ইংৰাজী বিদ্যালয়ৰ গৃহনিৰ্মাণ সম্পূৰ্ণ হৈছে৷ বি বি কিষাণ কলেজৰ বিজ্ঞান শাখা ইতিমধ্যে হৈ গৈছে আৰু খাগ্ৰাবাৰীৰ অংগনবাড়ী কেন্দ্ৰৰ কাম আৰু জালাহ আলিগুৰি অংগনবাড়ী কেন্দ্ৰৰ কাম সম্পূৰ্ণ কৰা হ’ল৷ অতিশীঘ্ৰেই আমি জালাহ চাৰিআলিৰ পৰা অঞ্চলীলৈকে জ্জ কিলোমিটাৰ ৰাস্তাটোৰ কাম কৰিবলৈ গৈ আছোঁ৷’ ইয়াৰ পাছতে স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ পাছতে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাই সকলোৰে মন মোহিত কৰে৷ 

বিলাসীপাৰাত ১৬দিনীয়া ৰাস মহোৎসৱ

 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো কাইলৈৰ পৰা ১৬ দিনীয়া বিভিন্ন কাৰ্যসূচীৰে ৰাস মহোৎসৱ আৰম্ভ হ’ব৷ ৰাস উদ্‌যাপন সমিতিৰ সভাপতি মনালিছা দাস আৰু সম্পাদক দেৱজিত চক্ৰৱৰ্তীয়ে জনোৱা মতে, আজি সন্ধিয়া ভাগৱত পাঠ আৰু ৰাস কীৰ্তন অনুষ্ঠিত হ’ব৷ জ্জ্ব নৱেম্বৰৰ সন্ধিয়া মেলা আৰু বিভিন্ন অনুষ্ঠান মুকলি কৰিব অসম বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে৷ ৮ নৱেম্বৰৰ সন্ধিয়া গোৱালপাৰীয়া লোকগীত পৰিৱেশন কৰা হ’ব৷ ১০ নৱেম্বৰত সংগীত প্ৰতিযোগিতা, ১১ নৱেম্বৰত নৃত্য প্ৰতিযোগিতা, ১২ নৱেম্বৰত জাতীয় সাজপাৰ সন্দৰ্ভত সোন্দৰ্য প্ৰতিযোগিতা, ১৩ নৱেম্বৰত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কৌন বনেগা দহ হাজাৰ প্ৰতিযোগিতা, ১৪ নৱেম্বৰত সত্ৰীয়া নাম-কীৰ্তন, ১৫ নৱেম্বৰত বঁটা বিতৰণী সভা, ১৬ নৱেম্বৰত কলকাতাৰ যাত্ৰা পালা প্ৰথম দেখা শেষ ষ্টেচনে, ২৩ নৱেম্বৰত বিলাসীপাৰা ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ অসম আৰু বংগৰ শিল্পীৰ সমম্বয়ত গোটেই নিশাজুৰি বিশাল সাংস্কৃতিক অনুষ্ঠানেৰে ৰাস মহোৎসৱৰ সামৰণি পৰিব৷

বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ শুৱালকুছিৰ ৰাস মহোৎসৱ

 বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আজিৰে পৰা আৰম্ভ হ’ল শুৱালকুছিৰ ৰাস মহোৎসৱ৷ সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতি শুৱালকুছিৰ উদ্যোগত শুৱালকুছিৰ বালিচৰত অনুষ্ঠিত ৩০সংখ্যক ৰাস মহোৎসৱৰ সাংকৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে৷ শোভাযাত্ৰাত বালকৃষ্ণ গোপাল, ৰাধা কৃষ্ণ, জনগোষ্ঠীয় সাংকৃতিক দল অৰ্ধ শতাধিক নামতি দল বিহু দল আদিৰ সমাহাৰৰ হৰিধবনিয়ে কৃষ্ণ ভক্তিত বুৰাই পেলায়৷ ইয়াৰ পূৰ্বে পুৱা ভাগত পতাকা উত্তোলন কৰে সভাপতি প্ৰাণজিৎ দাসে৷ ইফালে বালিচৰৰ মূল মণ্ডপত চল্লিশটাতকৈও অধিক মৃন্ময় মূৰ্তিৰ ষ্টল আকৰ্ষণীয়কৈ সজাই-পৰাই তোলা হৈছে৷ জয় জগন্নাথ, অঘাসুৰ বধ, বক্ৰাসুৰ বধ, পুতনা বধ, দশাৱতাৰ শ্যামন্ত হৰণ সমুদ্ৰ মন্থন, আদি দৃশ্যৱলীয়ে ৰাইজক অধিক ৰূপত ভক্তি ৰসত নিমজ্জিত কৰিব৷ ইয়াৰ ভিতৰত হৰি(ন্দ্ৰৰ শ্মশান যাত্ৰা, বৃন্দাবন, কৃষ্ণ-অজুৰ্নৰ গীতা ব্যাখ্যা আদি অধিক আকৰ্ষণীয়কৈ সজাই-পৰাই তোলা হৈছে৷ স্থানীয় শিল্পী দুৰ্গা দাস, অনুপ ভড়ালী, প্ৰকাশ বায়ন, বিদু্যৎ বৈশ্য, দ্বীপ জ্যোতি বৈশ্য, দীপাংকৰ বৈশ্য, মৃদুল কলিতা, চন্দ্ৰ বৈশ্য, ভৱেশ দাসৰ অক্লান্ত পৰিশ্ৰমৰ নান্দনিক ৰূপত সজোৱা হৈছে ৰাসথলী৷ আনহাতে, হোটেল বস্ত্ৰ মেলা আনন্দ মেলা মিঠাইৰ দোকান আদিয়েও ৰাইজক আমোদ দিব৷ মুঠতে শুৱালকুছিৰ ৰাস মহোৎসৱৰ আনন্দ মুখৰ পৰিৱেশে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে৷

পাটাছাৰকুছিত ১৫দিনীয়া ৰাস মহোৎসৱ আৰম্ভ

 ২৯সংখ্যক পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱখন পোন্ধৰদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা পাটাছাৰকুছি শিৱ দুৰ্গা প্ৰাংগণত আৰম্ভ হৈছে৷ আজি সন্ধিয়া এক নান্দনিক জনাকীৰ্ণ পৰিৱেশত মহোৎসৱৰ মুখ্যদ্বাৰ আনুষ্ঠানিকভাৱে উদ্‌ঘাটন কৰে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ পৱিত্ৰ মাৰ্ঘেৰিটাক এক বিশাল শোভাযাত্ৰাৰে ৰাসস্থলীলৈ আদৰি অনা হয়৷ সাংসদজনে ৰাসত প্ৰদৰ্শন কৰা কাৰিকৰী কৌশলেৰে দেখুওৱা হাতী-মানুহৰ সংঘাতৰ জীৱন্ত দৃশ্য উপভোগ কৰে৷ এই কাৰ্যসূচীত কেবিনেটমন্ত্ৰী ৰণজিত কুমাৰ দাসৰ লগতে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই সংগ প্ৰদান কৰে৷ ইয়াৰ পাছতে উদ্‌যাপন সমিতিৰ সভাপতি কুশল ডেকাৰ সভাপতিত্বত বহা উদ্বোধনী সভাত ভাষণ ৰাখি সাংসদ মাৰ্ঘেৰিটাই শ্ৰীশ্ৰী কৃষ্ণৰ আধ্যাত্মিক তত্ত্বৰ ব্যাখ্যা দাঙি ধৰে৷ তেওঁ কয় যে, কৃষ্ণ সংস্কৃতি সনাতনী সংস্কৃতিত সৰ্ববিৰাজমান৷  ৰাস হ’ল পৰাত্মাৰ ওচৰত আত্মাৰ সমৰ্পণ৷ সনাতনী সংস্কৃতিৰ লক্ষ্য এটাই৷ আমাৰ কৃষ্ণ বন্দনাই সনাতনী সংস্কৃতিৰ মুলাধাৰ৷ ৰাস আত্মা আৰু পৰমাত্মাৰ প্ৰেম৷ আমি ৰাসত একত্ৰিত হৈছোঁ কৃষ্ণ বন্দনাৰ বাবে বুলি ভাষণত উল্লেখ কৰে৷ উদযাপন সমিতিৰ সম্পাদক ৰাজীৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্য অতিথি, বজালী জিলাৰ উপাযুক্ত কাবেৰী বি শৰ্মা, বজালী জিলাৰ আৰক্ষী আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, বজালী জিলা পৰিষদৰ সদস্য ৰণজিত হালৈ, বিশিষ্ট অতিথিৰ লগতে আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷  অস্থায়ী বজাৰ মেলা উদ্বোধন কৰে বজালী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াই আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে৷ ইয়াৰ পাছত পূজাৰাম্ভ, ভজন পৰিৱেশন, নিশা পুষ্পঞ্জলি অৰ্পণ, প্ৰসাদ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে পুৱা উদযাপন সমিতিৰ সভাপতি কুশল ডেকাই ৰাসৰ পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে ক্ৰমে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰফিকুল হক, সমাজকৰ্মী ৰবীন শৰ্মা, নলিনী শৰ্মা, মাণিক চৌধুৰী, প্ৰসন্ন শৰ্মা, পৰমেশ হালৈযে, শ্বহীদ তৰ্পণ কৰে বজালী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমাংশু শৰ্মাই, গছপুলি ৰোপণ কৰে জয়ন্ত তহবিলদাৰ, কৈলাস ডেকা, বীৰেন্দ্ৰ নাথ কলিতা, মহিৰুল ইছলামসহ আন কেইবাজনো ব্যক্তিয়ে৷

৭০সংখ্যক টিহু বাৰোৱাৰী ৰাস মহোৎসৱ আৰম্ভ

 শৰতৰ বিতোপন নিশা ভক্তি ৰসেৰে জীপাল হৈ পৰা এক আধ্যাত্মিক তথা উখল মাখল পৰিৱেশৰ মাজত আজিৰে পৰা আৰম্ভ হৈছে সত্তৰ সংখ্যক টিহু বাৰোৱাৰী ৰাস মহোৎসৱ৷  নিশা টিহু নৈৰ পাৰৰ হাটখলাত অৱস্থিত ৰাস মন্দিৰ প্ৰাংগনত পঞ্চায়ত, গ্ৰামোন্নয়ণ, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে৷ শংকৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত মন্ত্ৰী দাসে ৰাধা কৃষ্ণৰ মিলনক পৰমাত্মা আৰু আত্মাৰ মিলন বুলি অভিহিত কৰি উক্ত মিলনক ভগৱান-ভক্তৰ মিলন বুলি কয়৷ তেওঁ কয় যে ৰাস মহোৎসৱৰ জৰিয়তে ভক্তিৰসত বিলীন হ’ব পাৰি৷ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচক কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী মনোজ জালানে৷ বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট ব্যৱসায়ী মজামিল হকে৷ অনুষ্ঠানত আধ্যাত্মিক গীতা সত্ৰৰ আচাৰ্য মথুৰা মেহন তালুকদাৰ, টিহুৰ ৰাজহ চক্ৰ বিষয়া অৰূপ চৌধুৰী, টিহু ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি নাউধন মজুমদাৰ, টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ কিশোৰ কুমাৰ তালুকদাৰ, টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, উপ-পৌৰপতি ড॰ সুৰজিৎ বৰ্মন, বিশিষ্ট ব্যৱসায়ী অমিয় দাস আদি উপস্থিত থাকে৷ অনুষ্ঠানতে গুণজিৎ কলিতাৰ সম্পাদনাত প্ৰকাশিত ৰাস মহোৎসৱৰ মুখপত্ৰ ‘মুৰুলী’ উন্মেচন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড॰ বিনীতা বৰা দেৱ চৌধুৰীয়ে৷ ইয়াৰ পূৰ্বে বিশিষ্ট সমাজকৰ্মী, কৰ্মশ্ৰী বাণী কলিতাই ধৰ্মীয়- সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে৷ ৰাস মহোৎসৱত অংশগ্ৰহণ কৰা বিশিষ্ট অতিথি সকলক টিহুৰ পৰিদৰ্শন বঙলাৰ পৰা ৰাসথলীলৈ সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হয়৷ আনহাতে পুৱাৰ ভাগত টিহু বাৰোৱাৰী ৰাস মহোৎসৱৰ সভাপতি শংকৰ কুমাৰ দাসে পতাকা উত্তোলনেৰে ৰাস মহোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব লগা ৰাস মহোৎসৱত প্ৰতিদিনে ধৰ্মীয়, সাংস্কৃতিক, বৌদ্ধিক আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীত ৰামায়ন, মহাভাৰত, বেদ, উপনিষদৰ ধৰ্মীয় আখ্যান আৰু সাম্প্ৰতিক সময়ৰ ঘটনাৱলীৰ আধাৰত প্ৰায় তিনিশতাধিক মৃন্ময় মূৰ্তি স্থাপন কৰা হৈছে৷ ইয়াৰ ভিতৰত একাংশ মৃন্ময় মূৰ্তি অত্যাধুনিক কাৰিকৰী কৌশলেৰে দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰাৰ লগতে আকৰ্ষণীয় ৰূপত দৰ্শনাৰ্থীৰ মনোৰঞ্জনৰ বাবে টিহু নৈৰ ওপৰত বাঁহৰ সাঁকো নিৰ্মাণ কৰি নৈৰ দুয়োপাৰে মৃন্ময় মূৰ্তি স্থাপন কৰা হৈছে৷ প্ৰদৰ্শনীস্থলীত স্থাপন কৰা এলিয়েন, গুহা আদিও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব বুলি আশা কৰা হৈছে৷

মঙলদৈত ৪৩সংখ্যক ৰাসোৎসৱ আৰম্ভ

 মঙলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত শ্ৰী শ্ৰী বিষ্ণুমন্দিৰ প্ৰাংগণত আজিৰ পৰা আৰম্ভ হৈছে ৪৩ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱ৷ ৯ দিনীয়াকৈ অনুষ্ঠিত এই ৰাসোৎসৱ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড॰ ননী গোপাল মহন্তই৷ তেওঁক এক বিশাল শোভাযাত্ৰাৰে প্ৰণামী ভৱনৰ পৰা মঙলদৈ চহৰৰ মাজেৰে তিনি শতাধিক যুৱক-যুৱতী, পুৰুষ-মহিলা, গায়ন-বায়নে ৰাসোৎসৱস্থলীলৈ আগুৱাই নিয়া হয়৷ ইয়াৰ পিছতেই ৰাসোৎসৱ উদযাপন সমিতিৰ সভাপতি মুকুল চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত উদ্বোধনী ভাষণত ড॰ মহন্তই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে, অসমৰ কৃষ্টি-সংস্কৃতি হৈছে কৃষ্ণ সংস্কৃতি৷ কৃষ্ণই গোপীসকলৰ লগত কৰা লীলাৰ কথা উল্লেখ কৰি কয় যে, গোপীসকল আছিল শ্ৰীকৃষ্ণৰ পৰম ভকত৷ মঙলদৈৰ বিধায়ক বসন্ত দাসেও বক্তব্য প্ৰদান কৰে৷ সভাত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, সনাতন ধৰ্মসভাৰ সভাপতি হৰিৰাম চহৰীয়া আদি উপস্থিত থাকে৷ এই সভাতেই মঙলদৈৰ বিশিষ্ট ব্যক্তি ক্ৰমে চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী, দামোদৰ শৰ্মা, ৰাধাৰাম ভূঞা, প্ৰতিভা নাথ আৰু বিপিন চন্দ্ৰ দাসক সম্বৰ্ধনা জনোৱা হয়৷