Logo
image

২৬ হাজাৰ পদৰ প্ৰাৰ্থীয়ে পোৱা নাই নম্বৰ তালিকা, এনছাৰ কী

আমাৰ অসম , ৮ নৱেম্বৰঃ  বহু প্ৰতীক্ষাৰ অন্তত অসম চৰকাৰৰ চ্ছ হাজাৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে যদিও একাংশ প্ৰাৰ্থীৰ অভিযোগৰ যেন অন্ত নাই৷ ৰাজ্য চৰকাৰে স্বচ্ছ আৰু নিকাভাৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা বুলি দাবী কৰাৰ লগতে অহা বৰ্ষৰ আৰম্ভণিতে দ্বিতীয় পৰ্যায়ৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰিছে৷  ৰাজ্যৰ মুঠ ৯ লাখ নিবনুৱাই অৱতীৰ্ণ হোৱা ২৬ হাজাৰ পদৰ বিপৰীতে পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা ছেবাই পৰীক্ষাৰ অ’ এম আৰ শ্বীট মূল্যায়ন কৰি ১:২ অনুপাতত প্ৰতিটো পদৰ বিপৰীতে ২ জনকৈ প্ৰাৰ্থীক সাক্ষাৎকাৰ তথা কম্পিউটাৰ আৰু ষ্টেন’গ্ৰাফীৰ দক্ষতা পৰীক্ষাৰ বাবে বাছনি কৰিছে৷ দেওবাৰে ছেবাই তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে তৃতীয়-চতুৰ্থ বৰ্গৰ দুয়োটা পৰীক্ষাৰে কাট অফ মাৰ্ক প্ৰকাশ কৰে৷ কিন্তু কাট অফ মাৰ্ক প্ৰকাশ কৰে যদিও প্ৰাৰ্থীসকলৰ প্ৰাপ্য নম্বৰ আৰু লিখিত পৰীক্ষাৰ অ’ এম আৰ শ্বীট ৰাজহুৱা নকৰাত এতিয়া ক্ষোভ ব্যক্ত কৰিছে একাংশ প্ৰাৰ্থীয়ে৷ যদিহে পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হৈছে, তেনেহ’লে এনছাৰ কী আৰু প্ৰাপ্ত নম্বৰৰ তালিকা ৰাজহুৱা কৰাত ছেবা তথা নিযুক্তি আয়োগৰ আপত্তি ক’ত বুলিও প্ৰশ্ন কৰিছে বহু প্ৰাৰ্থীয়ে৷ এনছাৰ কী আৰু প্ৰাপ্ত নম্বৰ ৰাজহুৱা নকৰা কাৰ্যৰ অন্তৰালত গোপন কাৰণ থকাৰো সন্দেহ নুই কৰা নাই প্ৰাৰ্থীসকলে৷ সামাজিক মাধ্যমত কেইবাজনো প্ৰাৰ্থীয়ে কাট অফ মাৰ্কতকৈ অধিক নম্বৰৰ শুদ্ধ উত্তৰ লিখাৰ পাছতো বাছনি নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংস্থাটোৰ নেতৃত্বইও যদিহে পৰীক্ষা সম্পূৰ্ণ নিকাভাৱে সম্পন্ন হৈছে, তেনেহ’লে শীঘ্ৰে এনছাৰ কী আৰু পৰীক্ষাত লাভ কৰা নম্বৰৰ তালিকা ৰাজহুৱা কৰি প্ৰাৰ্থীসকলৰ সন্দেহ দূৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে৷ ইফালে বিৰোধী বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই তৃতীয়-চতুৰ্থ বৰ্গৰ ৪০ শতাংশ পদৰ বাছনিতে দুৰ্নীতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷