Logo
image

বিধানসভাত ড্ৰেছ ক’ড প্ৰণয়ন, নতুন সময়

আমাৰ অসম ,৮ নৱেম্বৰঃ  অসম বিধানসভা সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে এতিয়াৰে পৰা নিজৰ খেয়াল-খুচি অনুসৰি পোছাক পৰিধান কৰি আহিব নোৱাৰিব৷ অসম বিধানসভা সচিবালয়ত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়ে পিন্ধিব লাগিব নিৰ্দিষ্ট পোছাক৷ বিধানসভা সচিবালয়ে বিষয়া-কৰ্মচাৰীৰ বাবে প্ৰণয়ন কৰিছে ড্ৰেছ ক’ড৷ নিৰ্ধাৰিত ড্ৰেছ ক’ড অনুসৰি বিধানসভা সচিবালয়ৰ কোনো বিষয়া-কৰ্মচাৰীয়ে জীন্‌ছ, টি-ছাৰ্ট, লেগিংছ পিন্ধি কাৰ্যালয়লৈ আহিব নোৱাৰিব৷ পুৰুষসকলে পিন্ধিব লাগিব ফৰ্মেল ড্ৰেছ৷ মহিলাসকলে পৰিধান কৰিব লাগিব ছুৰিদাৰ, ফৰ্মেল পেণ্ট-ছাৰ্ট, মেখলা-চাদৰ অথবা শাড়ী৷ বিধানসভাৰ অধিৱেশনৰ সময়ত সাংবাদিকসকলেও পৰিধান কৰিব লাগিব ফৰ্মেল ড্ৰেছ৷ বিষয়া-কৰ্মচাৰীসকলে প্ৰতি বুধবাৰে ইচ্ছা অনুসৰি পিন্ধিব পাৰিব পৰম্পৰাগত পোছাক৷ এই সন্দৰ্ভত চাৰি নৱেম্বৰত নিৰ্দেশনা জাৰি কৰিছে অসম বিধানসভা সচিবালয়ে৷ তদুপৰি বিধানসভা সচিবালয়ৰ কৰ্মচাৰীয়ে এতিয়াৰ পৰা কেতবোৰ নতুন নিয়ম মানি চলিব লাগিব৷ সেইমতে কৰ্মচাৰীসকলে বায়’মেট্ৰিক মেচিনত দিব লাগিব উপস্থিতি৷ পুৱা ৯.৩০ বজাত উপস্থিত হ’ব লাগিব কাৰ্যালয়ত৷ নিয়মীয়া, দৈনিক মজুৰিত কৰ্মৰত, ঠিকাভিত্তিক সকলো কৰ্মচাৰীয়ে মানি চলিব লাগিব উক্ত নিয়ম৷ ড্ৰেছ ক’ডৰ নিয়ম নমনা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে৷ আনহাতে, নিৰ্দিষ্ট সময়ত উপস্থিত নোহোৱা বিষয়া-কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হ’ব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত৷ পূৰ্বেও বিধানসভা চৌহদত প্ৰৱেশ কৰা সাংবাদিক, বিধানসভা সচিবালয়ৰ কৰ্মচাৰীৰ বাবে ‘ড্ৰেছ ক’ড’ আছিল৷ কিন্তু সেই ড্ৰেছ ক’ডৰ নিয়ম কঠোৰভাৱে পালন হোৱা নাছিল৷