Logo
image

আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা কোহলিলৈ

আমাৰ অসম ,৮ নৱেম্বৰঃ  টি-টুৱেণ্টী বিশ্বকাপত কৰা দুৰন্ত প্ৰদৰ্শনৰ সুবাদত অক্টোবৰৰ বাবে আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা  লাভ কৰিছে ভাৰতীয় দলৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ পাকিস্তানৰ জ্যেষ্ঠ অলৰাউণ্ডাৰ নিডা ডাৰে মহিলাৰ শাখাত লাভ কৰিছে মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা৷ এছিয়া কাপত কৰা প্ৰদৰ্শনৰ সুবাদত এই বঁটা লাভ কৰে খেলুৱৈ গৰাকীয়ে৷ আই চি চিৰ বঁটা লাভ কৰাৰ পথত পাকিস্তানৰ খেলুৱৈ গৰাকীয়ে অতিক্ৰম কৰে ভাৰতৰ জেমিমা ৰড্ৰিগুৱেজ আৰু দীপ্তি শৰ্মাক৷ অক্টোবৰত কৰা চমকপ্ৰদ প্ৰদৰ্শনেৰে প্ৰথমবাৰৰ বাবে মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে কোহলিয়ে৷ অক্টোবৰত টি-টুৱেণ্টী বিশ্বকাপৰ চাৰিখন মেচত কোহলিয়ে ২২০ ৰান কৰিছিল৷ ছিডনীত নেডাৰলেণ্ডছৰ বিৰুদ্ধে দুৰন্ত অৰ্ধশতক অৰ্জনৰ লগতে টি-টুৱেণ্টী বিশ্বকাপৰ প্ৰথম খেলত মেলব’ৰ্নত পাকিস্তানৰ বিৰুদ্ধে তেওঁ অবিস্মৰণীয় ইনিংছ খেলিছিল৷ পাকিস্তানৰ বিৰুদ্ধে ৫৩ বলত ৮২ ৰান কৰি টি-টুৱেণ্টী ক্ৰিকেটত নিজৰ শ্ৰেষ্ঠ ইনিংছটো উপহাৰ দিছিল কোহলিয়ে৷ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভৰ পথত কোহলিয়ে অতিক্ৰম কৰে দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰ আৰু জিম্বাব’ৱেৰ ছিকণ্ডৰ ৰাজাক৷ আই চি চিয়ে প্ৰকাশ কৰাএক বিবৃতিত কোহলিয়ে কয়–‘অক্টোবৰৰ বাবে মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাটো  মোৰ বাবে ডাঙৰ সন্মান৷ মাহটোত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা মনোনীত আনসকল খেলুৱৈৰ প্ৰতিও মই কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ লগতে ধাৰাবাহিকভাৱে মোলৈ সমৰ্থন আগবঢ়োৱা দলীয় সতীৰ্থ সকলৰ প্ৰতিও মই কৃতজ্ঞতা প্ৰকাশ কৰিছো৷’ আনহাতে বাংলাদেশত অনুষ্ঠিত হোৱা এছিয়া কাপত পাকিস্তানক ছেমিফাইনেলত উপনীত হোৱাত সহায় কৰিছিল ডাৰে৷ মাহটোত তেওঁ ৭২.৫০ গড়ে ১৪৫ ৰান কৰে৷ লগতে তেওঁ আঠটা উইকেটো হস্তগত কৰে৷