Logo
image

ষষ্ঠটো পদক নিশ্চিত কৰি ইতিহাস ৰচনা শিৱৰ

আমাৰ অসম ,৮ নৱেম্বৰঃ জৰ্ডানৰ আম্মানত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে দেশৰ আগশাৰীৰ বক্সাৰ শিৱ থাপা৷ এই সফলতাৰে অসমৰ বক্সাৰজনে অভিলেখ সংখ্যক নিজৰ ষষ্ঠ পদকটো নিশ্চিত কৰিলে৷ ছেমিফাইনেলত প্ৰৱেশৰ পথত দেওবাৰে শিৱই পৰাস্ত কৰে দক্ষিণ কোৰিয়াৰ মিনছু ছইক৷ এছিয়ান চেম্পিয়নশ্বিপৰ ইতিহাসত ছটা পদক জয় কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হৈছে শিৱ৷ লাইট ৱেল্টাৰৱেইট কোৱাৰ্টাৰ ফাইনেলত শিৱই [৬৩.৫ কেজি] চইক পৰাস্ত কৰে ৪-১ ব্যৱধানত৷ আক্ৰমণাত্মক প্ৰদৰ্শনেৰে যুঁজখনত প্ৰথমৰে পৰা আধিপত্য বিস্তাৰ কৰিছিল শিৱই৷ দেওবাৰে লাভ কৰা সফলতাৰে প্ৰতিযোগিতাখনত শিৱৰ কম পক্ষেও এটা ব্ৰঞ্জৰ পদক নিশ্চিত হ’ল৷ এছিয়ান চেম্পিয়নশ্বিপত আটাইতকৈ সফল ভাৰতীয় বক্সাৰ হিচাপে চিহ্নিত হৈছে অসমৰ তাৰকা বক্সাৰজন৷ তেওঁ  প্ৰতিযোগিতাখনত এটা স্বৰ্ণ [২০১৩ ], দুটা ৰূপ [২০১৭ আৰু ২০২২] আৰু সমসংখ্যক ব্ৰঞ্জৰ পদক [২০১৫ আৰু ২০১৯] জয় কৰিছে৷ ছটা কৈ পদক নিশ্চিত কৰাৰ পথত শিৱয়ে অতিক্ৰম কৰে কাজাখস্তানৰ তাৰকা বক্সাৰ ভেছিলি লেভিটক৷ অলিম্পিক ৰূপ জয়ী বক্সাৰজনে এছিয়ান চেম্পিয়নশ্বিপত পাঁচটা পদক জয় কৰিছে৷