Logo
image

গুণতিলক নিৰ্বাসিত, জামিন আবেদন নাকচ অষ্ট্ৰেলিয়াৰ

আমাৰ অসম ,৮ নৱেম্বৰঃ  টি-টুৱেণ্টী বিশ্বকাপৰ মাজতে ধৰ্ষণত  জড়িত বুলি অভিযোগ উঠা ক্ৰিকেটাৰ দানুষ্কা গুণতিলকক সকলো ধৰণৰ ক্ৰিকেটৰ পৰা নিৰ্বাসিত কৰিছে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে৷ সোমবাৰে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ কাৰ্যনিৰ্বাহক কমিটীয়ে এই সিদ্ধান্ত লৈছে৷ শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে ইয়াৰ আগেয়ে এক বিবৃতিত কৈছিল–‘আই চি চিয়ে আমাক জনাইছে এগৰাকী মহিলাক ধৰ্ষণৰ অপৰাধত আমাৰ ত্ৰিকেটাৰ গুণতিলকক গ্ৰেপ্তাৰ কৰিছে ছিডনী আৰক্ষীয়ে৷ ক্ৰিকেট শ্ৰীলংকাই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে৷ আই চি চিৰ সৈতেও যোগাযোগ ৰক্ষা কৰি চলা হৈছে৷ আশা কৰোঁ যথাযথ তদন্ত হ’ব৷ অভিযুক্ত ক্ৰিকেটাৰে সঁচাই যদি অপৰাধ কৰিছে তেনেহ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷’ আনহাতে গুণতিলকৰ জামিনৰ আবেদন খাৰিজ কৰিছে ছিডনীৰ এখন আদালতে৷ সোমবাৰে ভিডিঅ’ৰ মাধ্যমেৰে মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ হয় গুণতিলক৷ তেওঁৰ আইনজীৱীয়ে জামিনৰ আবেদন জনায়৷ কিন্তু মেজিষ্ট্ৰেট ৰবাৰ্ট উইলিয়ামছে খেলুৱৈজনক জামিন নিদিলে৷ অহা বুধবাৰে এই গোচৰ পুনৰ এবাৰ আদালতত উঠিব৷ তেতিয়ালৈকে আৰক্ষী জিম্মাতেই থাকিব লাগিব গুণতিলক৷ উল্লেখ্য ধৰ্ষণৰ অভিযোগত দেওবাৰে পুৱা ছিডনীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল গুণতিলকক৷ নিউছাউথ ৱেলছ আৰক্ষীয়ে এক বিবৃতিত কৈছে–‘এটা ডেটিং এপত যোগাযোগৰ পাছত ২৯ বছৰীয়া এগৰাকী মহিলাৰ সৈতে এজন পুৰুষে দেখা কৰিছিল৷ মহিলাৰ অভিযোগ, যোৱা দুই নৱেম্বৰত সন্ধিয়া সেই ব্যক্তিয়ে তেওঁক যৌন আতিশয্য চলায়৷ সেই অভিযোগৰ ভিত্তিত আমি তদন্ত আৰম্ভ কৰিছো৷’