Logo
image

ইংলেণ্ডৰ বিৰুদ্ধে ছেমিত পণ্টক খেলোৱাৰ ইংগিত দ্ৰাৱিড়ৰ

আমাৰ অসম ,৮ নৱেম্বৰঃ  বিশ্বকাপ আৰম্ভ হোৱাৰ পৰাই ঋষভ পণ্ট মূল একাদশৰ পৰা বাহিৰত থকা কাৰ্যত প্ৰশ্ন কৰিছিল অনেকে৷ মুখ খুলিছিল এজনৰ পাছত আন এজন প্ৰাক্তন ক্ৰিকেটাৰে৷ বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত উপেক্ষিত হৈ থকাৰ পাছত পঞ্চম মেচত জিম্বাৱ’ৱেৰ বিৰুদ্ধে হঠাতেই সুযোগ দিয়া হ’ল পণ্টক৷ খেনখনত মাত্ৰ তিনিৰান কৰিলেও  বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধেও পণ্টক খেলোৱাৰ ইংগিত দিলে প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে৷ অষ্ট্ৰেলিয়াৰ মাটিত পণ্ট সফল হ’লও তেওঁৰ ঠাইত সুযোগ দিয়া হৈছিল দীনেশ কাৰ্তিকক৷ তেওঁ এই পৰ্যন্ত এখন মেচতো সফল হ’ব পৰা নাই৷ ফলত আগন্তুক মেচত কাৰ্তিকে সুযোগ পোৱাৰ সম্ভাৱনা কম৷ পণ্টৰ বিষয়ে দ্ৰাৱিড়ে কয়–‘এখন মেচৰ প্ৰদৰ্শনলৈ লক্ষ্য কৰি কোনো ক্ৰিকেটাৰক ব্যৰ্থ বুলি ক’ব নোৱাৰি৷ সেইদৰে তেওঁক যে এখন মেচতেই সুযোগ দিয়া হ’ব সেয়াও নহয়৷’ দ্ৰাৱিড়ৰ ইংগিত ইংলেণ্ড দলৰ লেগ স্পিনাৰ আদিল ৰছিদক মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰা হ’ব পাৰে পণ্টক৷ তেওঁ কয়–‘মেচৰ পৰিস্থিতিৰ ওপৰত অনেক কথা নিৰ্ভৰ কৰে৷ যি বলাৰৰ বিৰুদ্ধে নামিম তেনে বলাৰক খেলা ক্ৰিকেটাৰ আমাৰ দলত আছে নে নাই সেয়াও চাব লাগিব৷ সেই অনুযায়ী সিদ্ধান্ত লোৱা হ’ব৷’ প্ৰশিক্ষকজনে স্পষ্ট কৰি দিছে যে দলে কেতিয়াও পণ্টৰ ওপৰত বিশ্বাস হেৰুৱা নাই৷ দ্ৰাৱিড়ে কয়–‘ঋষভৰ ওপৰত সদায়েই আমাৰ বিশ্বাস আছিল৷ সঁচা কথা ক’বলৈ গ’লে ১৫ জন ক্ৰিকেটাৰ সকলোৰে ওপৰত আমাৰ বিশ্বাস আছে৷ কিন্তু খেলাব পাৰি কেৱল মাত্ৰ এঘাৰজনকেই৷ মনত ৰাখিব, তেওঁলোক প্ৰত্যেকেই বিশ্বকাপ খেলিবলৈ আহিছে৷ যুঁজ কৰিব পাৰিব কাৰণেহে তেওঁলোকক দলত লোৱা হৈছে৷’