Logo
image

মই যদি সন্ত্ৰাসবাদী, মোক গ্ৰেপ্তাৰ কৰক : অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্ক : গুজৰাট নিৰ্বাচনৰ পূৰ্বে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ৷ কেজৰিৱালে পুনৰ আন এটা টুইটৰ জৰিয়তে বিজেপিক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে৷ কেজৰিৱালে কয় যে বিজেপিয়ে তেওঁক বদনাম কৰাৰ ষড়যন্ত্ৰ চলাইছে৷

টুইটত কেজৰিৱালে কয়, "কেজৰিৱাল সন্ত্ৰাসবাদী। গৃহমন্ত্ৰালৰ নিৰ্দেশত চলোৱা তদন্তৰ কি হ'ল? এতিয়া গুজৰাট নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে কৈছে কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত৷ কেজৰিৱাল যদি সন্ত্ৰাসবাদী বা দুৰ্নীতিগ্ৰস্ত, তেন্তে গ্ৰেপ্তাৰ নকৰে কিয়? কেজৰিৱাল সন্ত্ৰাসবাদী বা দুৰ্নীতিগ্ৰস্ত ব্যক্তি নহয়। কেজৰিৱাল জনসাধাৰণৰ প্ৰিয়। এইটোৱে বিজেপিক আঘাত কৰিছে।"


উল্লেখ্য যে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে গুজৰাট বিধানসভা নিৰ্বাচনত নিজকে বিজেপিৰ মুখ্য প্ৰতিদ্বন্দী হিচাপে প্ৰক্ষেপ কৰিছে। কেজৰিৱালৰ মতে গুজৰাট নিৰ্বাচনত বিজেপিৰ প্ৰধান প্ৰত্যাহ্বান হ'ব আম আদমী পাৰ্টী৷

শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে দাবী কৰিছিল যে গুজৰাট নিৰ্বাচনত আম আদমী পাৰ্টীয়ে প্ৰতিদ্বন্দিতা নকৰিবৰ বাবে বিজেপিয়ে তেওঁক প্ৰস্তাৱ দিছিল৷ কেজৰিৱালৰ দাবী অনুসৰি আম আদমী পাৰ্টীয়ে গুজৰাটত প্ৰতিদ্বন্দিতা নকৰিলে আপৰ দুগৰাকী নেতাৰ বিৰুদ্ধে থকা সকলো গোচৰ উঠাই লোৱাৰ প্ৰস্তাৱ দিছিল বিজেপিয়ে৷ অৱশ্যে কেজৰিৱালৰ এই দাবী নসাৎ কৰিছে বিজেপিয়ে৷