Logo
image

নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত খহনীয়া : ২৬ কংগ্ৰেছীৰ বিজেপিত যোগদান

ডিজিটেল ডেস্ক : নিৰ্বাচনৰ পূৰ্বে দল ত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছত৷ নিৰ্বাচনলৈ মাজত মাথোঁ কেইদিনমান থকা পূৰ্বে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ কংগ্ৰেছ৷ হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সোমবাৰে প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৰমপাল ঠাকুৰ খাণ্ডকে ধৰি ২৬ গৰাকী কংগ্ৰেছী নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে। 

মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ উপস্থিতিত ২৬ গৰাকী কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰে। মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে সকলোকে আদৰণি জনোৱাৰ লগতে বিজেপিৰ ঐতিহাসিক জয়ৰ বাবে তেওঁ সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনায়৷

উল্লেখ্য যে হিমাচল প্ৰদেশত ১২ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ৮ ডিচেম্বৰত হ'ব ভোটগণনাা।