Logo
image

জীৱ শ্ৰেষ্ঠৰ নৃশংসতা : খাদ্য বিহ মিহলাই ১৬ টাকৈ কুকুৰক হত্যা

ডিজিটেল ডেস্ক : কুকুৰকেইটাই কেৱল পেলনীয়া মাংসহে খাবলৈ আহিছিল৷ ৰাস্তাত ঘূৰি ফুৰা কুকুৰকেইটাই আন দিনাৰ দৰে পেলনীয়া মাংস খাবলৈ আহিছিল বজাৰলৈ৷ কিন্তু জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ পৰা সাৰি যাব নোৱাৰিলে কুকুৰকেইটা৷ এটা দুটা নহয় ১৬টাকৈ কুকুৰক বিহ খুৱাই হত্যা কৰিলে জীৱ শ্ৰেষ্ঠই ৷ এই নৃশংস ঘটনা সংঘটিত হৈছে বৰপেটাৰ সৰভোগত৷ বজাৰত ঘূৰি ফুৰা ১৬টাকৈ কুকুৰক বিহ খুৱাই হত্যা কৰিলে কোনো দুষ্কৃতিকাৰীয়ে৷

সৰভোগৰ হাইৱে' চ'কৰ মাংসৰ বজাৰত ছাগলীৰ পেলনীয়া মাংসৰ লগত বিহ মিহলাই খাবলৈ দি হত্যা কৰা হ'ল কুকুৰকেইটা৷ সৰভোগৰ হাইৱে' চ'কৰ মাংসৰ বজাৰখনত পেলনীয়া মাংস খাবলৈ প্ৰায়ে আহিছিল কুকুৰকেইটা৷ কিন্তু জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বাবে দেওবাৰে একেলগে মৃত্যু হ'ল কুকুৰকেইটাৰ৷

এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে৷ প্ৰীতিষা গোস্বামী নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে দাখিল কৰিছে এজাহাৰ৷ এনে নৃশংস লোকৰ বিৰুদ্ধে আৰক্ষীক তদন্তৰ জৰিয়তে শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে৷