Logo
image

৩৯ বিধায়কক লৈ পুনৰ গুৱাহাটীলৈ সিন্দে

আমাৰ অসম , ৯ নৱেম্বৰঃ পুনৰ গুৱাহাটীলৈ আহিব একনাথ সিন্দে৷ বিগত জুনত তেওঁ গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ ৰূপত৷ চাৰিমাহৰ ব্যৱধানত এইবাৰ একনাথ সিন্দে আহিব মুখ্যমন্ত্ৰীৰ ৰূপত৷ সেইবাৰ মনত অজান আশংকা, অনিশ্চিত ভৱিষ্যৎ লৈ উপস্থিত হৈছিল অসমত৷ অসম চৰকাৰৰ প্ৰত্যক্ষ সাহায্য, ৰাজ্যিক বিজেপিৰ পৰোক্ষ আতিথ্য আৰু মা কামাখ্যাৰ আশীৰ্বাদতহে হেনো সেইবাৰ গুৱাহাটীত উপস্থিত হোৱাৰ দুদিনৰ পাছত ভয় সংকোচ আঁতৰিছিল একনাথ সিন্দে আৰু তেওঁৰ সৈতে অহা শিৱসেনাৰ বিদ্ৰোহী বিধায়কগণৰ৷ এইবাৰ তেনে ভয়-সংকোচৰ কোনো প্ৰশ্নই নাই৷ একনাথ সিন্দে  আহিব উচ্ছশিৰে৷ কিয়নো তেওঁ এতিয়া দেশৰ শক্তিশালী ৰাজ্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী৷ যি উদ্ধব থাকৰেৰ ভয়ত তেওঁ প্ৰথমে ছুৰাট আৰু তাৰ পৰা গুজৰাট চৰকাৰ তথা আৰক্ষীৰ প্ৰত্যক্ষ সহায়ত গুৱাহাটীলৈ পলায়ন কৰিবলগীয়া হৈছিল, সেই উদ্ধব থাকৰেৰ পিতৃয়ে গঢ়া শিৱসেনাৰ এতিয়া একনাথ সিন্দেই মালিক৷ থাকৰেৰ হাতত দলো নাই, চৰকাৰো নাই৷

এইবাৰো গুৱাহাটীলৈ অকলে নাহে একনাথ সিন্দে৷ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সৈতে দুই এদিনতে গুৱাহাটীলৈ আহিব মুঠতে ৩৯ জন মন্ত্ৰী আৰু বিধায়ক, সপত্নীক৷ কেইবাজনো আহিব পৰিয়ালসহ৷ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়ক হ’লেও সকলোৱেই আহিব ভক্তৰ ৰূপত, বিগতবাৰৰ দৰে বিদ্ৰোহীৰ ৰূপত নহয়৷ ৩৯ জন মন্ত্ৰী-বিধায়ক এইবাৰ আহিব মা কামাখ্যা মন্দিৰত সেৱা জনাবলৈ৷ তেওঁলোকৰ ভাষাত এয়া ‘বচন পুতি৷’ অৰ্থাৎ মা কামাখ্যাৰ ওচৰত যি যোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীসহ ৩৯ জন মন্ত্ৰী-বিধায়ক৷ কিয়নো মা কামাখ্যাই তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ কৰিছে৷ বিগত জুনত যেতিয়া তেওঁলোকে অনিশ্চিত মনেৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত আশ্ৰয় লৈ আছিল, তেতিয়া এদিন একনাথ সিন্দেই অকলে গৈ কামাখ্যা মন্দিৰত সেৱা আগবঢ়াইছিল৷ উদ্ধব থাকৰেৰ চৰকাৰ ভাঙি বিজেপিৰ সাহায্যত তেওঁলোকে যি নতুন চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ অভিযান চলাইছিল, সেই অভিযান সফল হ’লে পুনৰ মা কামাখ্যাৰ ওচৰলৈ সেৱা আগবঢ়াবলৈ আহিব বুলি অংগীকাৰ কৰিছিল তেওঁ৷ আনহাতে ৩০ জুনত গুৱাহাটীৰ পৰা গোৱা হৈ মুম্বাইলৈ যোৱাৰ দিনা একনাথ সিন্দেৰ সমৰ্থক প্ৰত্যেকগৰাকী বিধায়কেই একে উদ্দেশ্য মনত লৈ কামাখ্যাত সেৱা আগবঢ়াইছিল৷ উদ্দেশ্য সফল হ’লে তেওঁলোকো পুনৰ কামাখ্যালৈ অহাৰ কথা আছিল৷ মা কামাখ্যাৰ আশীৰ্বাদত একনাথ সিন্দেবাহিনীৰ অভিসন্ধি সফল হ’ল৷ তেওঁলোকৰ বিদ্ৰোহৰ ফলত মহাৰাষ্ট্ৰৰ নিৰ্বাচিত চৰকাৰখনৰ পতন ঘটিল৷ মহাবিকাশ আঘাড়ী চৰকাৰৰ মুৰব্বী উদ্ধব থাকৰেৰ পতন ঘটিল৷ শিৱসেনা দল থানবান হৈ দ্বিখণ্ডিত হ’ল৷ কংগ্ৰেছ আৰু এন চি পি দল চৰকাৰৰ পৰা আঁতৰিল৷ এতিয়া সেয়ে একনাথ সিন্দে বাহিনীৰ প্ৰতিশ্ৰুতি পালনৰ পাল৷ সেই ‘বচন পুৰ্তি’ৰ বাবেই অচিৰেই সদলবলে গুৱাহাটীলৈ আগমন ঘটিব একনাথ সিন্দেৰ নেতৃত্বত ৩৯ মন্ত্ৰী-বিধায়ক আৰু তেওঁলোকৰ পৰিয়ালৰ৷ দিনটো এতিয়াও চূড়ান্ত হোৱা নাই৷ সম্ভৱতঃ চলিত সপ্তাহতে আহিব সিন্দেবাহিনী৷ গুৱাহাটীৰ পাছত তেওঁলোকে অযোধ্যাৰ নিৰ্মীয়মান ৰাম মন্দিৰো দৰ্শন কৰিব৷ প্ৰসংগতঃ, ১৯৯২ চনত যেতিয়া অযোধ্যাৰ বাবৰি মছজিদ কৰ সেৱকে ধবংস কৰিছিল, তাত আগভাগ লৈছিল শিৱ সৈনিকে৷ দাবী কৰা হয়, মছজিদৰ চূড়াত উঠি প্ৰথমটো হাতুৰীৰ কোব মৰাজনো আছিল শিৱ সৈনিক৷

কেৱল মা কামাখ্যাৰ ‘বচন পুৰ্তি’য়েই সিন্দেবাহিনীৰ একমাত্ৰ লক্ষ্য নি(য় নহয়৷ বিজেপিৰ সৈতে একেলগে চৰকাৰ গঠন কৰিলেও এতিয়া শিৱসেনা আৰু বিজেপিৰ মাজত সংঘাত আৰম্ভ হৈছে৷ এটা দিশে সিন্দেৰ অনুগত বিধায়ক আৰু আনদিশে দেবেন্দ্ৰ ফাড়নবিশৰ বিজেপিৰ বিধায়কৰ মাজত সিমান সদ্ভাৱ নোহোৱা হৈ পৰিছে৷ সিন্দেক সমৰ্থন কৰি থাকৰে চৰকাৰ বগৰায়ো একো নোপোৱা বহু শিৱসেনা বিধায়ক এতিয়া অসন্তুষ্ট৷ তেওঁলোকক সন্তুষ্ট কৰি ৰখা সিন্দেৰ পক্ষে কঠিন হৈ পৰিছিল৷ ইপিনে একনাথ সিন্দেক মুখ্যমন্ত্ৰিত্ব দিলেও চৰকাৰত মূল ক্ষমতাৰ অধিকাৰী দেবেন্দ্ৰ ফাড়নবীশ আৰু তেওঁৰ অনুগতবাহিনীহে৷ সেই কথাই শিৱসেনাৰ বিধায়কক ক্ষুণ্ণ কৰি ৰাখিছে৷ আনহাতে সিন্দে নেতৃত্বাধীন শিৱসেনাৰ ক্ষুদ্ৰ গোটটোক উপেক্ষা কৰি ভৱিষ্যতে ৰাজ্যৰ ক্ষমতা বিজেপিৰ হাতলৈ আনিবলৈ পৰিকল্পনা কৰি আছে ফাড়নবীশবাহিনীয়ে৷ এনে পৰিস্থিতিত একনাথ সিন্দেই অসমৰ মুখ্যমন্ত্ৰীক এই ভ্ৰমণত সাক্ষাৎ কৰিব আৰু সেই সাক্ষাৎ তেনে একাধিক কাৰণত ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে৷ ইতিপূৰ্বে একনাথ সিন্দেই বিদ্ৰোহকালতে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা আৰু বিজেপিত প্ৰভাৱ কিমান অধিক তাৰ উমান পাই থৈছে৷ এতিয়া মুখ্যমন্ত্ৰী হৈয়ো কিছু পৰিমাণে বেকফুটত থকা সিন্দেই এনেবোৰ সংকট অৱসানৰ বাবে হিমন্ত হিশ্ব শৰ্মাৰ সহায় বিচাৰিব পাৰে বুলি চৰ্চা হৈছে৷ তদুপৰি সিন্দেবাহিনী দলবিৰোধী কাৰ্যকলাপকে ধৰি একাধিক গোচৰত জৰ্জৰিত, য’ৰ পৰা এতিয়াও সিন্দেই মুক্তি পোৱা নাই৷ ৰাজনৈতিক সংকট আৰু আইনী জটিলতা, সকলোৰে পৰা নিস্কৃতি পোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মা একনাথ সিন্দেৰ প্ৰকৃত পথ প্ৰদৰ্শক হৈ উঠিব পাৰে বুলি ৰাজনৈতিক ক্ষেত্ৰত সৰব চৰ্চা হৈছে৷

যোৱা ২১ জুনত একনাথ সিন্দেই লগত ২৫-৩০ জন বিদ্ৰোহী শিৱসেনাৰ বিধায়কক লৈ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বিজেপিৰ আশ্ৰয়ত বিদ্ৰোহী শিবিৰ স্থাপন কৰিছিল৷ তাৰ এদিন পূৰ্বে সিন্দেই কেইজনমান বিধায়কক লৈ ছুৰাটৰ এখন হোটেলত আশ্ৰয় লৈছিল৷ মুম্বাইৰ পৰা বিজেপিশাসিত গুজৰাটৰ ছুৰাটলৈ তেওঁলোক বাছৰে গৈছিল৷ পৰৱৰ্তী সময়ত অধিক বিধায়ক তেওঁৰ শিবিৰলৈ গ’লেও তেতিয়াৰ মুখ্যমন্ত্ৰী উদ্ধব থাকৰেৰ দূত ছুৰাটৰ হোটেলত উপস্থিত হৈ সিন্দে শিবিৰৰ সৈতে আলোচনা কৰিছিল৷ ছুৰাট পৰ্যন্ত উদ্ধব থাকৰেৰ প্ৰভাৱ থকা দেখি অভিসন্ধি ব্যৰ্থ হোৱাৰ ভয়ত সিন্দে বাহিনীয়ে ২১ জুনত চাৰ্টাৰ্ড বিমানত উঠি ছুৰাট ত্যাগ কৰে আৰু গুৱাহাটীত উপস্থিত হয়৷ অৱশ্যে তেওঁলোক গুৱাহাটীলৈ অহা আৰু বিজেপি শাসিত গুৱাহাটীত বিদ্ৰোহী শিবিৰ স্থাপন কৰাৰ পৰিকল্পনা তাৎক্ষণিক নাছিল৷ এজন বিদ্ৰোহী তথা সিন্দেৰ ঘনিষ্ঠ বিধায়কে সেই অভিযান সফল হোৱাৰ পাছত ‘নিউজ-১৮’ ৰ আগত বৰ্ণনা কৰা অনুসৰি তেওঁলোক গুৱাহাটীলৈ অহাৰ সিদ্ধান্ত ১৪ জুনতে চূড়ান্ত হৈছিল৷ প্ৰথমে বিদ্ৰোহী বিধায়কসকলে গুৱাহাটীতো থাকিবলৈ ভয় কৰিছিল, কিজানি উদ্ধব থাকৰেই গুৱাহাটীত তেওঁলোকক বিপদত পেলায়৷ তেওঁলোকে প্ৰথমে কাজিৰঙাত থকাৰ সিদ্ধান্ত লৈছিল আৰু স্থানো নিৰ্বাচন কৰিছিল৷ বিধায়কজনে ‘নিউজ-১৮’ সংবাদ গোষ্ঠীক জনোৱা মতে বিদ্ৰোহীসকলক গুৱাহাটীত সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হ’ব বুলি বিজেপি আৰু অসম চৰকাৰে আশ্বাস প্ৰদান কৰাত তেওঁলোক গুৱাহাটীত ৰেডিছন ব্লুত থাকিবলৈ সন্মত হয়৷ তদুপৰি সেইক্ষেত্ৰত গুৱাহাটীৰ সৈতে বিমানৰ যোগাযোগ অন্যতম প্ৰয়োজনীয় উপাদান হৈ পৰিছিল৷ কিয়নো প্ৰথমটো খেপত যিমান কেইজন বিদ্ৰোহী বিধায়ক গুৱাহাটীলৈ আহিছিল, সেই সংখ্যাৰে চৰকাৰ ভংগ কৰাটো সম্ভৱ নাছিল৷ কমেও ৩৮ জন বিধায়কৰ প্ৰয়োজন হৈছিল একনাথ সিন্দেক৷ পৰৱৰ্তী কেইদিনত অধিক বিদ্ৰোহী বিধায়ক চাৰ্টাৰ্ড বিমানত প্ৰথমে ৫-৬ জনকৈ আৰু পিছলৈ ২-৩ জনকৈ গুৱাহাটীলৈ আহিছিল৷ তেওঁলোকক একনাথ সিন্দেৰ সৈতে নিৰাপদে লগ লগাই দিবলৈ গুৱাহাটীয়েই সৰ্বোত্তম স্থান আছিল৷ শিৱসেনাৰ বিধায়কজনে জনোৱা অনুসৰি, তেওঁলোকক বিমানবন্দৰৰ পৰা ভি আই পি গেটেৰে সুৰক্ষিতভাৱে উলিয়াই আনি কটকটীয়া আৰক্ষী নিৰাপত্তাৰে সুকলমে অসম চৰকাৰ-প্ৰশাসনে হোটেলত উপস্থিত কৰাইছিল৷ যিখন ভিআইপি গেটেৰে মুখ্যমন্ত্ৰী আহে, সেইখন গেটেৰে তেওঁলোকক আনিছিল৷ হোটেলতো আছিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ব্যাপক নিৰাপত্তা৷ তেওঁ জনোৱা মতে শিৱসেনাৰ বিধায়কসকলৰ সুবিধা-অসুবিধাৰ জোৰা মাৰিবলৈ অসম চৰকাৰে দুজন মন্ত্ৰী নিয়োগ কৰিছিল৷ তাৰে অশোক সিংঘাল আছিল দিনত৷ ৰেডিছন ব্লুত ‘নাইট শ্বিফট’ত দায়িত্ব চম্ভালিছিল পীয়ূষ হাজৰিকাই৷ প্ৰথম দুদিন দুনিশা সিন্দে আৰু তেওঁৰ ঘনিষ্ঠসকলে বেছ উদ্বিগ্নতা আৰু আশংকাৰে কটাইছিল৷ কিয়নো তেতিয়ালৈকে সিন্দেৰ হাতলৈ প্ৰয়োজনীয় ‘সংখ্যা’ অহা নাছিল৷ তদুপৰি তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে হোটেলৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু তৃতীয় দিনা সিন্দেৰ প্ৰয়োজনীয় ৩৮ জন বিধায়কৰ সংখ্যা সম্পূৰ্ণ হয়৷ আনহাতে অসম চৰকাৰেও তেওঁলোকৰ সুৰক্ষা ব্যৱস্থা নিকপকপীয়া কৰি ৰাখে৷ কোৱা বাহুল্য মাথোঁ, সেই আঠটা দিন গুৱাহাটী মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল৷ দেশৰ সকলো সংবাদ মাধ্যমৰ আশ্ৰয়স্থল হৈ পৰিছিল হোটেল ৰেডিছন ব্লুৰ সন্মুখভাগ৷ কোনো ব্যক্তিকে হোটেললৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল৷ কিন্তু হোটেলৰ সন্মুখত তীব্ৰ গৰমত সাংবাদিকক জিৰণি লোৱাৰ বাবে অসম চৰকাৰৰ প্ৰশাসনে ছামিয়ানা তৰি দিছিল আৰু কাৰোবাৰ অদৃশ্য নিৰ্দেশত সাংবাদিকলৈ সুস্বাদু আহাৰ, চাহ-কফি আহি আছিল৷ ৰেডিছনৰ সমীপৱৰ্তী এখন হোটেলতে প্ৰায়বোৰ ৰাষ্ট্ৰীয় সাংবাদিক আছিল আৰু তেওঁলোকৰ সা-সুবিধাও প্ৰশাসনে বিজেপি তথা ভালদৰে লক্ষ্য কৰিছিল৷ আনকি এবাৰ-দুবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৰেডিছনৰ সন্মুখত সাংবাদিকসকলৰ মুখামুখি হৈছিল৷ অসম চৰকাৰ আৰু শাসনাধিষ্ঠিত বিজেপিৰ আতিথ্য, বদান্যতাত কেৱল সিন্দেবাহিনীয়ে নহয়, কৃতজ্ঞতাত গদগদ হৈ পৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকগনো৷ সেয়ে সিন্দে বাহিনীৰ বাবে এই কৃতজ্ঞতা প্ৰকাশ স্বাভাৱিকভাৱেই অপৰিহাৰ্য৷