Logo
image

বাহাৰুল ইছলামৰ নতুন চিনেমা ‘দ্য ছেভেন্থ ষ্ট্ৰিং’ত জীৱনৰ গান

আমাৰ অসম , ৯ নৱেম্বৰঃ  নিষ্ঠা কাশ্যপ৷ এগৰাকী ১৩ বছৰীয়া কিশোৰী৷ ঘটনাচক্ৰত কিশোৰীগৰাকী প্ৰেমত পৰিল এজন ৩১ বছৰীয়া যুৱকৰ৷ যুৱকজনৰ সৈতে তেওঁৰ আন এটা সম্পৰ্কও আছে৷  জীৱনৰ আওভাও বুজি  নৌপাওঁতেই জীৱন নদীৰ চাকনৈয়াত সোমাই পৰিল নিষ্ঠা৷ প্ৰতাৰিত হ’ল প্ৰেমত৷ পেটৰ তাড়নাত নিষ্ঠাৰ পিতৃ থাকে মুম্বাইত৷ এসময়ত মাকৰ সৈতে নিষ্ঠাও মুম্বাইলৈ গ’ল৷ কিছুদিনৰ পাছত নিষ্ঠাৰ পিতৃৰো মৃত্যু হ’ল৷ জীৱনৰ ধুমুহাই মুম্বাইতো কোবাই গ’ল নিষ্ঠা আৰু তেওঁৰ মাতৃক৷ ঘৰৰ দায়িত্ব অকলেই চম্ভালিবলগীয়া হ’ল নিষ্ঠাৰ মাতৃয়ে৷ পেটৰ ভাতমুঠি যোগাৰ কৰিবৰ বাবে পুৱাতে ঘৰৰ পৰা ওলাই যোৱা নিষ্ঠাৰ মাতৃ দেৰিকৈ আহে ঘৰলৈ৷ বহু সময় অকলেই থাকিবলগীয়া হয় নিষ্ঠা৷ কোমল বয়সতে প্ৰেমিকৰ প্ৰতাৰণা, পিতৃৰ বিয়োগ, মাতৃৰ ব্যস্ততা আৰু অকলশৰীয়া জীৱনে নিষ্ঠাক বেলেগফালে টানি লৈ গ’ল৷ আশ্ৰয় ল’লে ৰাগিয়াল দ্ৰৱ্যৰ৷ আগতে হাঁহি-মাতি থকা নিষ্ঠাজনীৰ স্বভাৱৰো পৰিৱৰ্তন হ’ল৷ বহু চেষ্টা কৰিও নিষ্ঠাক সলনি কৰিব নোৱৰাত নিষ্ঠাৰ মাকে এটা উপায় উলিয়ালে– কিছুদিনৰ বাবে নিষ্ঠাক লৈ তেওঁ অসমলৈ আহিল৷ মাকৰ আশা– হয়তো বাল্যকালৰ ৰঙীন স্মৃতিবিজড়িত অসমত নিষ্ঠাৰ আচাৰ-ব্যৱহাৰ সলনি হ’ব...৷ এটা ইতিবাচক মন লৈ অসমলৈ অহা নিষ্ঠাৰ মাকৰ সপোন দিঠকত পৰিণত হ’লনে? নিষ্ঠাৰ আচাৰ-ব্যৱহাৰৰ ইতিবাচক পৰিৱৰ্তন হ’লনে? অসমত নিষ্ঠাই কাক কাক লগ পালে? কোনে নিষ্ঠাৰ হাতত সজাই-পৰাই তুলি দিলে তাই ল’ৰালিতে এৰি থৈ যোৱা বেহেলাখন? নিষ্ঠাক প্ৰতাৰণা কৰা যুৱকজনৰ কাহিনী নিষ্ঠাই কাৰোবাক ক’লেনে? সেই যুৱকজন ক’লৈ গ’ল? নিষ্ঠাই তেওঁক পুনৰ লগ পালেনে?– এই প্ৰশ্নবোৰৰ উত্তৰ পাবৰ বাবে অপেক্ষা কৰিব লাগিব ২ ডিচেম্বৰলৈ৷ সেইদিনা অসমৰ ছবিগৃহলৈ আহিব বাহাৰুল ইছলাম পৰিচালিত অসমীয়া চলচ্ছিত্ৰ ‘দ্য ছেভেন্থ ষ্ট্ৰিং’৷ নিষ্ঠা কাশ্যপক কেন্দ্ৰ কৰি আগবাঢ়ি যোৱা এই ছবিখন দেশ-বিদেশৰ একাধিক চলচ্ছিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে৷ প্ৰদৰ্শিত আৰু সমাদৃত হৈছে৷ বিভিন্ন  ঠাইত ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ চলচ্ছিত্ৰ, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ সম্পাদনাকে ধৰি বিভিন্ন বঁটা৷ ৮ নৱেম্বৰ, মঙলবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন চৌহদত অনুষ্ঠিত হয় ‘দ্য ছেভেন্থ ষ্ট্ৰিং’ৰ বিশেষ প্ৰদৰ্শন৷ প্ৰদৰ্শনৰ প্ৰাকমুহূৰ্তত ছবিখনৰ পৰিচালক বাহাৰুল ইছলামে কয়– ‘ছিগাল’ৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ছবিখনৰ শিল্পী আৰু কলা-কুশলীসকল চাৰিবছৰ আগৰে পৰা ছবিখনৰ কামত জড়িত হৈ আছিল৷ ক’ভিড আৰু লকডাউনৰ বাবে ছবিখনৰ মুক্তিত বিলম্ব ঘটিল৷ ১০৪ মিনিট দৈৰ্ঘৰ এই ছবিখনৰ বিষয়ে ৰাইজৰ পৰা মতামত বিচাৰিছোঁ৷ সংবাদ মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে মতামত দিবলৈ সকলোকে অনুৰোধ জনালোঁ৷ ছিগাল পৰিয়ালৰ এই ছবিখন উপভোগ কৰিবৰ বাবে সকলোকে অনুৰোধ জনালোঁ৷ ছবিখন অসমবাসীয়ে আদৰি ল’ব বুলি আশাবাদী৷ ছবিখনত নিষ্ঠা কাশ্যপৰ চৰিত্ৰত অভিনয় কৰিছে বৰ্ষা বাহাৰে৷ নিষ্ঠাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ভাগীৰথীয়ে৷ অৰ্থাৎ বাস্তৱ জীৱনৰ দৰে ৰূপালী পৰ্দাতো ভাগীৰথী আৰু বৰ্ষাৰ একেই সম্পৰ্ক৷ বাবাদাৰ চৰিত্ৰত কুণাল শৰ্মা, নিষ্ঠাৰ মোমায়েকৰ চৰিত্ৰত দীনেশ কাকতি, নিষ্ঠাৰ আইতাকৰ চৰিত্ৰত পূৰ্ণিমা পাঠক শইকীয়া আৰু মামীয়েকৰ চৰিত্ৰত জিলমিল হাজৰিকাই অভিনয় কৰিছে৷ অন্যান্য অভিনেতা-অভিনেত্ৰীসকল হৈছে ক্ৰমে– ডাঃ জয়ন্ত দাস, ৰাহুল গৌতম শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী, ৰাজীৱ ক্ৰ’, বিনোদলাল দাস, মেঘালী কলিতা, দেৱজিৎ বৰঠাকুৰ, আছফাক খান, নেইন ইবটিজাম, গুণগুণ, জিয়া বাহাৰ, ৰাজকুমাৰ শ্বাহ, ৰ’জী বৰা, দীপজ্যোতি মিশ্ৰ, মুনমী গগৈ, কল্লোল নাথ, ৰমেন নাথ, প্ৰশান্ত কলিতা, মুন ৰাজীৱ, পাৰ্থপ্ৰতীম বৰদলৈ, দেৱেশ্বৰ শইকীয়া, পাৰ্থপ্ৰতীম পুৰকায়স্থ, ৰক্তিম দাস, কৈলাস বৰ্মন, জীৎ বৰুৱা, ধৰিত্ৰ বৰা, চুইটী বৰা, নৌচিন নিজাহ, প্ৰাৰ্থনা দেৱী, স্বাগতা ভূঞা, অপূৰ্ব দাস, মজিবুৰ ৰহমান, চাহিন নাছৰিন আৰু অশোক কুমাৰ নাথ৷ বাহাৰুল ইছলাম পৰিচালিত ছবিখনৰ সহকাৰী পৰিচালক বিৰিঞ্চি কুমাৰ গগৈ৷ সাজ-সজ্জাত ৰ’জী বৰা৷ ৰূপসজ্জাত চানচাইন একাডেমী, নৰ্মদা দাস, জুমী বড়ো আৰু কৃষ্ণাপ্ৰিয়া দত্ত৷ এইখন ছবিৰ জৰিয়তেই সংগীত পৰিচালকৰূপে আত্মপ্ৰকাশ কৰিছে বাহাৰুল ইছলামে, ৰচনা কৰিছে আৱহ সংগীতো৷ ছবিৰ বাবে গীতো লিখিছে বাহাৰুল ইছলামে, সংগীত ব্যৱস্থাপনাও কৰিছে৷ গীত গাইছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দেৱাঞ্জনা বৈশ্য, দীক্ষু, ৰশ্মিৰেখা শইকীয়া, মানসী দেৱী আৰু নিবেদিতা বৈশ্যই৷ এটা গীতৰ গীতিকাৰ হীেৰণ ভট্টাচাৰ্য৷ ‘দ্য ছেভেন্থ ষ্ট্ৰিং’ৰ কাহিনী বৰ্ষা বাহাৰৰ৷ চিত্ৰনাট্য আৰু সংলাপ বাহাৰুল ইছলাম আৰু বৰ্ষা বাহাৰৰ৷ চিত্ৰগ্ৰহণ পাপু ডেকাৰ৷ সম্পাদনা কাজুৰ৷ সহকাৰী সম্পাদক জুমি৷ কলা-নিৰ্দেশনা নুৰুদ্দিন আহমেদ আৰু দিৱসজ্যোতি বৰুৱাৰ৷ ডিআই আৰু কালাৰিষ্ট সুজিৎ বৰা৷ ছাউণ্ড ডিজাইন বিজয় কুমাৰ নাথ আৰু জ্যোতি চেতিয়াৰ৷ ইতিমধ্যে জুবিন আৰু পাপনে গোৱা গীত দুটা ইউটিউবত মুক্তি দিয়া হৈছে আৰু ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে৷ দীক্ষু আৰু দেৱাঞ্জনাই গোৱা গীতো জনপ্ৰিয় হৈছে৷ ছবিখন চিনেমাগৃহত প্ৰদৰ্শন হোৱাৰ উপৰি কোনো অঞ্চলত, উৎসৱ আদিত আৰু ছবিগৃহ নথকা ঠাইত কোনোবাই ছবিখন প্ৰদৰ্শন কৰাব বিচাৰিলে সহযোগিতা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে প্ৰযোজক-পৰিচালকে৷ ছবিখনৰ জৰিয়তে কাহিনীকাৰ আৰু অভিনেত্ৰীৰ ৰূপত আত্মপ্ৰকাশ কৰিছে বাহাৰুল ইছলাম আৰু ভাগীৰথীৰ জ্যেষ্ঠ কন্যা বৰ্ষা বাহাৰে৷ তেঁৱেই ছবিখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ নিষ্ঠা কাশ্যপৰ চৰিত্ৰত অভিনয় কৰিছে৷ ছবিখনৰ জৰিয়তে জীৱনৰ একা-বেঁকা আলিবাটত মানুহৰ দুখ-কষ্ট, হৰ্ষ-বিষাদৰ কথা কোৱা হৈছে৷ ‘দ্য ছেভেন্থ ষ্ট্ৰিং’ নামৰ সাহসী কাহিনীৰ এই চিনেমাখনত আছে জীৱনৰ কথা-জীৱনৰ বেথা, জীৱনৰ আশা-জীৱনৰ তৃষা, জীৱনৰ সুৰ, জীৱনৰ গান...৷