Logo
image

পাকিস্তানৰ বিৰুদ্ধে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নিউজিলেণ্ড

আমাৰ অসম , ৯ নৱেম্বৰঃ টুৱেণ্টী২০ বিশ্বকাপত যোৱাবাৰৰ ৰানাৰ-আপ নিউজীলেণ্ড নিঃসন্দেহে এটা শক্তিশালী দল৷ কিন্তু বুধবাৰৰ প্ৰথমখন ছেমিফাইনেলত দলটোৱে পাকিস্তানৰ বিৰুদ্ধে যে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব, সেই কথা অধিনায়ক কেন উইলিয়ামছৰ লগতে আন সতীৰ্থসকলেও ভালদৰেই জানে৷ নিউজীলেণ্ড আয়োজক অষ্ট্ৰেলিয়াৰ লগতে শ্ৰীলংকা আৰু আয়াৰলেণ্ডক পৰাস্ত কৰি গ্ৰুপ ‘এক’ৰ শীৰ্ষস্থানৰ দল হিচাপে ছেমিফাইনেলত উপনীত হৈছে৷ তাৰ বিপৰীতে পাকিস্তানৰ ছেমিফাইনেললৈ যাত্ৰা আছিল  উত্থান-পতনৰ৷ ‘ছুপাৰ-১২’ পৰ্যায়ত ভাৰত আৰু জিম্বাব’ৱেৰ হাতত প্ৰথম দুখন খেলত পৰাস্ত হোৱাৰ পাছত পাকিস্তানৰ অগ্ৰগতিৰ পথ যথেষ্ট কঠিন হৈ পৰিছিল৷ কিন্তু দক্ষিণ আফ্ৰিকা অপ্ৰত্যাশিতভাৱে নেডাৰলেণ্ডছৰ হাতত পৰাস্ত হোৱাৰ পাছত দলটোৰ ছেমিফাইনেল খেলাৰ  আশাৰ সঞ্চাৰ হৈছিল৷ দক্ষিণ আফ্ৰিকা নেদাৰলেণ্ডছৰ হাতত পৰাস্ত হোৱাৰ পাছত পাকিস্তানক প্ৰয়োজন আছিল গ্ৰুপৰ অন্তিম খেলত বাংলাদেশক পৰাস্ত কৰা আৰু দলটো সেই কামত সফল হয়৷ উল্লেখ্য, ১৯৯২ আৰু ১৯৯৯ চনৰ ৫০ অভাৰৰ বিশ্বকাপ আৰু ২০০৭   চনৰ টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল নিউজীলেণ্ড৷ সীমিত অভাৰৰ ক্ৰিকেটত নিউজীলেণ্ড শক্তিশালী দল হ’লেও আগশাৰীৰ টুৰ্নামেণ্টত সদায়েই দলটো ধাৰাবাহিকতা ৰক্ষা কৰাত ব্যৰ্থ হয়৷ বিগত চাৰিবাৰৰ বিশ্বকাপৰ ছেমিফাইনেললৈ উন্নীত হ’লেও এবাৰো খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই নিউজীলেণ্ড৷ দলটোৱ সাত বছৰত তিনিবাৰ বিশ্বকাপৰ ফাইনেলত [২০১৫, ২০১৯ চনৰ ৫০ অভাৰৰ বিশ্বকাপ আৰু ২০২১ চনৰ টুৱেণ্টী২০ বিশ্বকাপ] পৰাস্ত হৈছে৷ এইবাৰ এই ব্যৰ্থতাৰ ধাৰা ভংগ কৰাৰ ভাল সুযোগ পাইছে কেন উইলিয়ামছৰ দলটোৱে৷

পাকিস্তানৰ বেটাৰ এই পৰ্যন্ত স্বাভাৱিক প্ৰদৰ্শনত সফল হ’ব পৰা নাই৷ দলটোৰ বেটিঙৰ মূল শক্তি অধিনায়ৰ বাবৰ  আজম আৰু মহম্মদ ৰিজাৱান আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হৈছে৷ আনকি বাংলাদেশৰ বিৰুদ্ধে ১২৮ ৰানৰ লক্ষ্যত উপনীত হ’বলৈও দলটোৱে সংঘৰ্ষ কৰিবলগীয়া হৈছিল৷ আনহাতে, নিউজীলেণ্ডৰ পেচ বলাৰদ্বয় ট্ৰেণ্ট বল্ট আৰু টীম ছাউদী ছিডনী ক্ৰিকেট গ্ৰাউণ্ডতে অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ শীৰ্ষক্ৰমৰ বেটাৰৰ মূৰৰ কামোৰণি হৈ পৰিছিল৷ তেওঁলোকে পাকিস্তানী বেটাৰকো সমস্যাত পেলাব পাৰে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে পাকিস্তানৰো শক্তিশালী দিশটো হৈছে বলিং৷ তাৰ বিপৰীতে নিউজীলেণ্ডৰ বেটাৰ ডেৰিল মিচেল, গ্লেন ফিলিপছ আৰু অধিনায়ক কেন উইলিয়ামছন ভাল ফৰ্মত আছে৷ এনে স্থিতিত তেওঁলোকৰ সন্মুখত পাক পেচ বলাৰদ্বয় শ্বাহিন শ্বাহ আফ্ৰিদী আৰু হেৰিছ ৰৌফৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ টুৱেণ্টী২০ ক্ৰিকেটত নিউজীলেণ্ড  আৰু পাকিস্তানৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে ২৮ বাৰ, য’ত ১৭বাৰ পাকিস্তান জয়ী হোৱাৰ বিপৰীতে নিউজীলেণ্ড জয়ী হৈছে ১১খনত৷ আনহাতে, টুৱেণ্টী২৯ বিশ্বকাপত এতিয়ালৈকে দল দুটা পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ছবাৰ৷ চাৰিবাৰ পাকিস্তান জয়ী হোৱাৰ বিপৰীতে দুবাৰ জয়ী হৈছে নিউজীলেণ্ড৷