Logo
image

ভাৰত-ইংলেণ্ডৰ খেলত বতৰৰ বিঘিনিৰ আশংকা

আমাৰ অসম , ৯ নৱেম্বৰঃ চলিত টুৱেণ্টী২০ বিশ্বকাপত এতিয়ালৈকে চাৰিখন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হৈছে৷ ‘ছুপাৰ-১২’ পৰ্যায়ৰ খেল সম্পূৰ্ণ হোৱাৰ পাছত এডিলেইডত ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া দ্বিতীয়খন খেলতো বতৰে বিঘিনি জন্মোৱাৰ আশংকা কৰিছে অষ্ট্ৰেলিয়াৰ বতৰ বিভাগে৷  এনেধৰণৰ পূৰ্বানুমানে এতিয়া স্বাভাৱিকতে চিন্তিত কৰি তুলিছে দুয়োটা দলকে৷ উল্লেখ্য, সোমবাৰে অষ্ট্ৰেলিয়াৰ বতৰ বিভাগে জনোৱা মতে, দ্বিতীয় ছেমিফাইনেলৰ দিনা এডিলেইডত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৩০ শতাংশ৷ মঙলবাৰে পুনৰ কোৱা হয় যে দ্বিতীয়খন ছেমিফাইনেলৰ দিনা বৰষুণৰ সম্ভাৱনা আছে চল্লিশ শতাংশ৷ কোৱা হৈছে যে বৃহস্পতিবাৰে এডিলেইডৰ আকাশ মেঘাচ্ছন্ন হৈ থাকিব৷ মাজে সময়ে বৰষুণো হ’ব পাৰে৷ পুৱাৰ ভাগত ০.৪ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ তাৰ লগেত ঘণ্টাত ১৫-২০ কিলোমিটাৰ বেগত বতাহ বলিব৷ বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি বুধবাৰে এডিলেইডত বৰষুণৰ সম্ভাৱনা ৮০ শতাংশ৷