Logo
image

গুৱাহাটীৰ সাংসদ হ’বলৈ মন আঙুৰলতাৰ

আমাৰ অসম , ৯ নৱেম্বৰঃ   লোকসভাৰ আগন্তুক নিৰ্বাচনত অসমৰ বহুকেইটা সমষ্টিত বিজেপিয়ে নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত৷ এই নতুন মুখৰ প্ৰাৰ্থীৰ তালিকাত বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নামো আছে নেকি? ৰাজ্যৰ ৰাজনীতি এৰি দিল্লীলৈ যাবলৈ মন মেলিছে নেকি আঙুৰলতা ডেকাই? কোনটো সমষ্টিৰ পৰা লোকসভাৰ নিৰ্বাচন খেলিব প্ৰাক্তন বিধায়কগৰাকীয়ে? এনে ধৰণৰ বিভিন্ন প্ৰশ্নক কেন্দ্ৰ কৰি বাজপেয়ী ভৱনত  সৰব চৰ্চা চলি থকাৰ মাজতে মঙলবাৰে শিৱসাগৰত আঙুৰলতা ডেকাই এই ক্ষেত্ৰত নিজৰ মনৰ ইচ্ছা সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷ নেত্ৰীগৰাকীৰ স্পষ্ট মত–‘দলে যদি কয় নিৰ্বাচন খেলিব লাগিব, তেন্তে খেলিম৷ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট সঘনে সলিন হৈ আছে৷ যিহেতু নিৰ্বাচনলৈ এতিয়াও এবছৰ আছে সেয়ে ইমান আগতীয়াকৈ একো ক’ব পৰা নাযায়৷’ উল্লেখ্য যে বিজেপিয়ে এইবাৰ মিছন ১২+ গ্ৰহণ কৰিছে৷ এই মিছনৰ অধীনত বৰ্তমান দখলত থকা ৯ টা সমষ্টিৰ উপৰিও অন্য ৩ টা সমষ্টি দখলৰ লক্ষ্য লৈছে বিজেপিয়ে৷ আনহাতে বৰ্তমানৰ গুৱাহাটী, লখিমপুৰ, তেজপুৰ আদি সমষ্টিত নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপৰ পৰিকল্পনা কৰিছে বিজেপিয়ে৷ এনে পৰিস্থিতিত গুৱাহাটী লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ কুইন ওজাৰ পৰিৱৰ্তে আঙুৰলতা ডেকাক দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে বিজেপি নেতৃত্বই৷ আজিৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে আঙুৰলতা ডেকাও লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক৷ দলে অনুমতি দিলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব নেত্ৰীগৰাকী৷ শেহতীয়াভাৱে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ বিৰুদ্ধে দলৰ অভ্যন্তৰতে তীব্ৰ অসন্তোষ আৰু ক্ষোভৰ সৃষ্টি হৈছে৷ কেবল দলৰ অভ্যন্তৰতে নহয় ইতিমধ্যে ভোটাৰৰ মাজতো নিজৰ গ্ৰহণ যোগ্যতা হেৰুৱাই পেলাইছে সাংসদগৰাকীয়ে৷ আনহাতে বয়সৰ বিষয়টো এইক্ষেত্ৰত অন্যতম কাৰণ হিচাপে দেখা দিছে৷ যাৰ বাবে এতিয়া গুৱাহাটীৰ সাংসদ হ’বলৈ মন মেলিছে আঙুৰলতা ডেকাই৷ সেয়ে এতিয়া ৰাজনৈতিক সমীকৰণ মিলোৱাত ব্যস্ত হৈ পৰিছে নেত্ৰীগৰাকী৷

সকলো বিৰোধী শক্তি এক হ’লেও পৰাজিত নহয় বিজেপি

আমাৰ অসম , ৯ নৱেম্বৰঃ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ এ আই ইউ ডি এফসহ বিৰোধী শক্তি এক হৈ নিৰ্বাচন খেলিলেও বি জে পিক প্ৰতিহত কৰিব নোৱাৰিব৷ এই মন্তব্য বি জে পি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতাৰ৷ আজি শিৱসাগৰ জিলা বি জে পিৰ মুখ্য কাৰ্যালয়ত জিলা মহিলা মৰ্চাৰ বিষয়ববীয়াৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সভানেত্ৰীগৰাকীয়ে আৰু কয় যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত দলে যদি টিকট দিয়ে নিৰ্বাচন খেলিব আঙুৰলতা ডেকাই৷ ৰাজনৈতিক প্ৰেক্ষাপটবিলাক সঘনে সলনি হৈ থাকে বুলি সভানেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ এক প্ৰশ্ন উত্তৰত কয় যে গতিকে এতিয়াই নিশ্চিত ক’ব নোৱাৰি৷ দলে যেতিয়া মহিলা মৰ্চাৰ সভানেত্ৰী দায়িত্ব দিছে তাক লৈ কাম কৰি আছোঁ, দলে যদি কয় নিৰ্বাচন খেলিব লাগিব, খেলিম৷ আনহাতে, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত সকলো সমষ্টিতে বিজেপি- অগপ মিত্ৰজোঁট প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰা আঙুৰলতা ডেকাই কংগ্ৰেছ- এ আই ইউ ডি এফৰ সন্দৰ্ভতো প্ৰকাশ কৰে প্ৰতিক্ৰিয়া৷ শেহতীয়াকৈ ধৰ্ষণৰ বলি হোৱা এগৰাকী যুৱতীৰ মৰণোত্তৰ পৰীক্ষা সলনি কৰি আত্মহত্যা ৰূপ দিয়া কাণ্ডকো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডেকাই৷ বি জে পি মহিলা মৰ্চাৰ আগন্তুক কাৰ্যসূচী সন্দৰ্ভত সভানেত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ আজিৰ এই সাংগঠনিক সভাত যোৰহাট লোকসভা সাংসদ তপন কুমাৰ গগৈ আৰু থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত থকাৰ লগতে জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ববী কাকতি ডেকা, ভাৰতীয় জনতা পাৰ্টী, শিৱসাগৰ জিলা সভাপতি ময়ুৰ বৰগোহাঁই জিলা সাধাৰণ সম্পাদক বীৰেণ গুৱালা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত, ৰাজ্যিক মহিলা মৰ্চাৰ সহঃ প্ৰভাৰী অভিজিতা শৰ্মা নেওগ অন্যান্য পিছপৰা শ্ৰেণীৰ সভাপতি হৰি প্ৰসন্ন হাজৰিকা জিলা পৰিষদৰ অধ্যক্ষ ধ্ৰৱজ্যোতি মাউত , জিলা উপ-সভানেত্ৰী তথা জিলা মহিলা মৰ্চাৰ প্ৰভাৰী পুতুল গগৈ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যা মৃণালী কোঁৱৰ,  সতীৰ্থ ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়াসকল, প্ৰাক্তন মহিলা মৰ্চাৰ সভানেত্ৰীসকল, মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰীসকল, জিলা মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যাসকলে অংশগ্ৰহণ কৰে৷