Logo
image

ৰাস চাবলৈ মাজুলীত মুখ্যমন্ত্ৰী হেমাৰ সৈতে চাব নলবাৰীতো

আমাৰ অসম , ৯ নৱেম্বৰঃ  অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰাসোৎসৱ উদ্‌যাপন কৰা হৈছে৷ মাজুলী আৰু নলবাৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ মাজুলীৰ ৰাসোৎসৱত ভাগ ল’বৰ বাবে আজি আবেলি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ চামগুৰি, ভোগপুৰ, বেঙেনাআটী আৰু  গড়মূৰকে ধৰি কেইবাখনো সত্ৰলৈ যোৱাৰ কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী শৰ্মা৷ তেওঁ জেংৰাইমুখলৈও যোৱাৰ কথা৷ আজি নিশাটো মাজুলীৰ গড়মূৰস্থিত আৱৰ্ত ভৱনত কটাব মুখ্যমন্ত্ৰীয়ে৷ কাইলৈ পুৱা ন বজাত মুখ্যমন্ত্ৰীয়ে মাজুলীৰ পৰা উভতি অহাৰ কথা৷ কেৱল মাজুলীতেই নহয়, এইবাৰ নলবাৰীতো ৰাস চাব মুখ্যমন্ত্ৰী শৰ্মাই৷ এইবাৰ নলবাৰীলৈ আহিব বলীউডৰ ড্ৰীম গাৰ্ল হেমামালিনী৷ হেমামালিনীৰ সৈতে নলবাৰীত ৰাস চাব মুখ্যমন্ত্ৰী শৰ্মাই৷ ইফালে, নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত উদযাপিত ৮৯সংখ্যক ৰাস মহোৎসৱৰ আজি দ্বিতীয় দিনা ভক্ত-দৰ্শনাৰ্থীৰে ভৰি পৰে হৰিমন্দিৰৰ বাকৰি৷ ৰাস মহোৎসৱ উপলক্ষে শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত আয়োজন কৰা বিভিন্ন মেলালৈও সমান্তৰালভাৱে আজি ৰাসযাত্ৰীৰ আগমন ঘটা পৰিলক্ষিত হয়৷ সোমবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে ৰাস মহোৎসৱ উদ্বোধন কৰাৰ পাছত আজি বিয়লিৰ পৰা হৰিমন্দিৰলৈ ৰাসযাত্ৰীৰ সোঁত ব’বলৈ আৰম্ভ কৰিছে৷ ইফালে,  অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত আয়োজিত ‘দক্ষতা কৰ্ম প্ৰদৰ্শনী’খন আজি সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ একেদৰে, আজিৰে পৰা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত আৰম্ভ হৈছে ‘বাণিজ্য মেলা’৷ আজি আবেলি বাণিজ্য মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই৷ উল্লেখ্য, অসম বাণিজ্য উন্নয়ন সংস্থাই প্ৰথমবাৰৰ বাবে নলবাৰীত অনুষ্ঠিত কৰিছে বাণিজ্য মেলা৷ নলবাৰী ৰাস মহোৎসৱৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা এই মেলাখন ১৯ নৱেম্বৰলৈ চলিব৷ উক্ত বাণিজ্য মেলাত লখিমপুৰ, ধেমাজি, বৰপেটাকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাৰ পৰা ভালেসংখ্যক গোটে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই৷ ইয়াৰ পিছতেই শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত আয়োজিত আত্মসহায়ক গোটৰ মেলাখনো আজি উদ্বোধন কৰা হয়৷ এই মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বড়োলেণ্ড পৰিষদীয় বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে৷ তাৰ পাছতে প্ৰজ্ঞাৰ অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰা প্ৰদৰ্শনীখন উদ্বোধন কৰে বিশিষ্ট অভিনেতা যতীন বৰাই৷ ইয়াৰ পিছতেই অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত হৰিমন্দিৰৰ বাকৰিত অনুষ্ঠিত ‘অসম গ্ৰন্থমেলা, নলবাৰী’ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ উল্লেখ্য, উক্ত গ্ৰন্থমেলাত কলকতা, গুৱাহাটী, নলবাৰীকে ধৰি ভিন্ন প্ৰান্তৰ প্ৰায় দুকুৰিখন গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিছে বুলি আয়োজক প্ৰতিষ্ঠানে জানিবলৈ দিছে৷ ৰাসোৎসৱৰ ১২ দিনীয়া গ্ৰন্থমেলাত চিত্ৰাংকন, কুইজ প্ৰতিযোগিতা, ঠাইতে লিখা সাহিত্য প্ৰতিযোগিতা, কবিতা আৰু লোকগীতৰ অনুষ্ঠান, শিশুৰ ‘মৌ মেল’ অনুষ্ঠান, কবি সন্মিলন, আলোচনা সত্ৰ আদি ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ উক্ত আটাইকেইটা অনুষ্ঠানৰ উদ্বোধনী সভাখন ৰাস মহোৎসৱৰ মূল মঞ্চত সন্ধিয়া অনুষ্ঠিত কৰা হয়৷ গ্ৰন্থমেলাৰ তত্ত্বাৱধায়ক পংকজ বৰ্মনে আঁত ধৰা আৰু ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰিচালনা কৰা এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, উপায়ুক্ত গীতিমণি ফুকন, অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, উপাধ্যক্ষ মধুৰাম ডেকা, হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইন, বিশিষ্ট অভিনেতা যতীন বৰা, মন্মথ বৰুৱা, বিশিষ্ট কণ্ঠশিল্পী জিতুল সোণোৱাল, ৰাস মহোৎসৱৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ আনহাতে, আজি নিশা অসম ভিত্তিত প্ৰাইজমানি নাগাৰা নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷

হাউলীত বাৰে বৰণীয়া মিলনক্ষেত্ৰ

অসমৰ ইতিহাসপ্ৰসিদ্ধ ৰজা চণ্ডীবৰুৱাৰ ‘ৰাজহাউলি’ বাৰেবৰণীয়া মিলন ক্ষেত্ৰ হাউলীত সোমবাৰৰ পৰা ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰা সমাহিত পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হ’ল ৯৫সংখ্যক হাউলী ৰাস মহোৎসৱ৷ কাৰ্যসূচী অনুসৰি, পুৱা ৮ বজাত ধৰ্মধবজা উত্তোলন কৰে ময়নবৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰীয়ে৷ পুৱা ৯-৩০বজাত ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ দাসে৷ সন্ধিয়া ৬ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে হাউলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ অনিল কুমাৰ কলিতাই৷ সন্ধিয়া জ্জ বজাত ৯৫সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে অসম বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে৷ সন্ধিয়া জ্জ-১৫ বজাত গ্ৰন্থ আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে৷ ইয়াৰ পাছত উদ্বোধনী সভা, সম্বৰ্ধনা অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ ‘মুৰুলী’ উন্মোচনী সভা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হয়৷ সভাত বিশিষ্ট সাহিত্যিক পৰমানন্দ মজুমদাৰে হাউলী ৰাস মহোৎসৱৰ দলিলস্বৰূপ স্মৃতিগ্ৰন্থ ‘মুৰুলী’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উন্মোচনী ভাষণত মজুমদাৰে হাউলী ৰাস মহোৎসৱ মিলন ক্ষেত্ৰত পৰিণত হোৱা বুলি উল্লেখ কৰাৰ লগতে হাউলী অঞ্চলত সামাজিক ঐক্য আৰু গৌৰৱ অক্ষুণ্ণহৈ থাকিব বুলিও মন্তব্য কৰে৷ সভাত অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামী, অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস আদি বিশিষ্ট ব্যাক্তি উপস্থিত থাকি কৃষ্ণৰ মাহাত্ম্য, ৰাসলীলাৰ ধৰ্মীয় তথা আধ্যাত্মিক আৰু হাউলীৰ সম°«য়-সংহতিৰ বিষয়ে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়৷

১৮ নৱেম্বৰলৈ চলিব পলাশবাৰীৰ ৰাস

 অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহাসিক পলাশবাৰী ৰাস মহোৎসৱ এইবেলিও ৭৬ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা আজিৰে পৰা ১৮ নৱেম্বৰলৈ মহাৰজত জয়ন্তী শুভাৰম্ভৰে এঘাৰ দিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱ আজি সন্ধিয়া ৮ বজাত আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণমন্ত্ৰী অজন্তা নেওগে৷ উদ্বোধক নেওগক সাতোপাৰা শ্ৰীশ্ৰী বাসন্তী দেৱীৰ মন্দিৰ প্ৰাংগণৰ পৰা ৰাস মহোৎসৱস্থলীলৈ ভাগৱতসহ লৈ এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হয়৷ ইয়াৰ পিছতেই ভাগৱত প্ৰতিষ্ঠা আৰু বন্তি প্ৰজ্বলন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই৷ ৰাস মহোৎসৱ উদ্বোধনৰ পিছতেই ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি মণিময় কৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাত উদ্বোধক অজন্তা নেওগে প্ৰথমবাৰৰ বাবে পলাশবাৰী ৰাস মহোৎসৱত উপস্থিত থাকি গৌৰৱ অনুভৱ কৰা বুলি কয়৷ লগতে গুৰুজনাৰ আদৰ্শক সৰোগত কৰি আমি একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগে বুলি মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে৷ সভাত স্মৃতিগ্ৰন্থ ‘ৰাসক্ৰীড়া’ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰি মৃণালিনী দেৱীয়ে ভাষণত ভগৱান শ্ৰীকৃষ্ণৰ লীলামালাৰ লগতে আধ্যাত্মিক চেতনা বোধৰ ব্যাখ্যা আগবঢ়াই পলাশবাৰী ৰাস মহোৎসৱৰ ঐতিহ্য সঁচাকৈয়ে অনন্য বুলি উল্লেখ কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ বন আৰু পৰিৱেশমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, বিশিষ্ট সমাজকৰ্মী অনুপ মেধী উপস্থিত থাকি শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু ভক্তিৰসৰ বিষয়ত ভাষণ প্ৰদান কৰে৷ সভাত পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীণা দাস কলিতাও উপস্থিত থাকে৷ সভাত বিশিষ্ট অভিনেতা ভৱানী কলিতাক শিল্পী সম্বৰ্ধনা জনোৱা হয়৷ পলাশবাৰী ৰাস মহোৎসৱত ৰামায়ণ, মহাভাৰত, পুৰাণ আদি শাস্ত্ৰৰ আধাৰত প্ৰায় ডেৰশতকৈও অধিক মৃ°¬য়মূৰ্তি শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে৷ মহোৎসৱস্থলীত নিৰ্মাণ কৰা মুখ্য তোৰণ, মুখ্য মণ্ডপৰ লগতে মহোৎসৱস্থলী আটক ধুনীয়াকৈ আলোকসজ্জাই দৰ্শকক বিশেষভাৱে আকৰ্ষিত কৰিছে৷ দৰ্শনাৰ্থীৰ মনোৰঞ্জনৰ বাবে আনন্দ মেলা, সাংস্কৃতিক সন্ধিয়া, যাত্ৰাভিনয়, নাম-প্ৰসঙ্গৰ লগতে শিশু কৃষ্ণ, ৰাধাকৃষ্ণ যুগলৰূপ প্ৰতিযোগিতা আৰু শ্ৰীকৃষ্ণৰ ভক্তিমূলক গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ ইয়াৰ পূৰ্বে ৰাস মহোৎসৱস্থলীত পুৱা ১০ বজাত পতাকা উত্তোলন কৰে ৰাস মহোৎসৱ সমিতিৰ সভাপতি মণিময় কৰে৷ লগতে মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী উপলক্ষে ৭৫খন পতাকা বিশিষ্ট ব্যক্তিসকলৰদ্বাৰ উত্তোলন কৰা হয়৷ ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি লক্ষ্মী কাকতিয়ে, স্মৃতি তৰ্পণ কৰে যুটীয়া সাধাৰণ সম্পাদকদ্বয় পংকজ দাস আৰু অৰূপ দাসে৷ এইবেলি পলাশবাৰী ৰাস মহোৎসৱত আৰম্ভণীৰে পৰা জড়িত লোক তথা প্ৰয়াত পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা হ’ব৷ আনহাতে, মিৰ্জাস্থিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আৰু মুখ্য মণ্ডপত বন্তি প্ৰজ্বলন কৰে ছয়ানী আৰু ৰামপুৰ মৌজাৰ মৌজাদাৰ কমল বৰুৱাই৷ ৰাস মহোৎসৱৰ আটাইকেইদিনতেই ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে৷

ভৱানীপুৰ বিধানসভা সমষ্টিৰ উজান বৰবৰী গাঁৱত আজিৰে পৰা আৰম্ভ হৈছে ৭৬সংখ্যক পাঁচদিনীয়া ৰাস মহোৎসৱ৷ আজি পুৱাৰ ভাগত ৰাস ক্ষেত্ৰত চাফাই অভিযান চলায় উদযাপন সমিতিৰ উদ্যোগত৷ দিনৰ দহ বজাত ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে ৰাস পৰিচালনা সমিতিৰ সভাপতি ৰবেন দাসে৷ সন্ধিয়া ৰাস ক্ষেত্ৰৰ মুখ্য প্ৰৱেশ-দ্বাৰ উন্মোচন কৰে উজান বৰবৰীৰ যুৱ সমাজকৰ্মী সঞ্জীৱ শৰ্মাই৷ ইয়াৰ লগতে শ্বহীদ তৰ্পণ, মন্দিৰৰ দ্বাৰ মুকলি, প্ৰতিমা স্থাপন আৰু বন্তি প্ৰজ্বলন, আতচ্‌-বাজী প্ৰদৰ্শন আদি কাৰ্যসূচী ৰূপায়িত হয়৷ নিশাৰ ভাগত মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ পৰৱৰ্তী চাৰিওটা দিনতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়িত হ’ব৷ অন্তিমদিনা বাৰ নৱেম্বৰৰ সাংস্কৃতিক সন্ধিয়াত নাহিদ আফ্ৰিনে গীত পৰিৱেশন কৰিব৷ উল্লেখ্য যে, ভৱানীপুৰ সমষ্টিৰ গাতি, ভোগপুৰ, কঠালমূৰীঘাট আদি স্থানতো পৃথকে পৃথক ৰাসোৎসৱ আৰম্ভ হোৱাৰ বাতৰি পোৱা গৈছে৷

আমিনগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত শিল্পীৰ দ্বাৰা পৰিৱেশিত ৰাস মহোৎসৱ চোৱাৰ বাবে সোমবাৰে কেইবা সহস্ৰাধিক লোক সমবেত হয় আমিনগাঁৱৰ ৰে’লৱে খেল পথাৰত৷ এক প্ৰকাৰ  লোকাৰণ্য পৰিৱেশ৷ মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ আৰু সন্মিলিত ৰাস উদ্‌যাপন সমিতিৰ উদ্যোগত আয়োজিত আৰু বিশ্বনাথ চাৰিআলিৰ ভীৰগাঁৱৰ ৰূপালী সংঘৰ শতাধিক শিল্পীৰ দ্বাৰা পৰিৱেশিত জীৱন্ত ৰাস মহোৎসৱৰ বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে৷ চৌধুৰীয়ে লগতে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা ‘আমিনগাঁও’ শীৰ্ষক স্মৃতিগ্ৰন্থও উন্মোচন কৰে৷ ৰাস মহোৎসৱ উদ্বোধন আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰি চৌধুৰীয়ে কয় যে সংস্কৃতিৰ এক ভাবিব নোৱাৰা গুণ আছে৷ সংস্কৃতিয়ে মানুহৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰে৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিৰ মাজত একতাৰ বান্ধ সুদৃঢ় কৰাৰ বাবে তেওঁৰ অনুপম সৃষ্টি কীৰ্তন, দশম, অঙ্কীয়া নাট, বৰগীতকে ধৰি বিভিন্ন ধৰণৰ কাব্য ৰচনা কৰি থৈ গৈছে৷ যাক লৈ আমি প্ৰত্যেকজন অসমীয়াই গৌৰৱ কৰিব পাৰোঁ৷ তেওঁ ‘আমিনগাঁও’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি কয় যে এই গ্ৰন্থখন আমিনগাঁৱৰ এখন বুৰঞ্জী হ’ব৷ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক আমিনগাঁও সন্দৰ্ভত জ্ঞান লাভৰ ক্ষেত্ৰত এক সহায়ক গ্ৰন্থ হিচাপে পৰিগণিত হ’ব৷ তেওঁ লগতে এনে ধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে উদ্যোক্তা সমিতিক ধন্যবাদ জ্ঞাপন কৰে৷ উদ্বোধনী অনুষ্ঠানত ৰাস মহোৎসৱৰ উদ্‌যাপন সমিতিৰ সভাপতি ভগৱন্ত বড়ো, কৰ্যকৰী সভাপতি যাদৱ হালদাৰ, সম্পাদকদ্বয় অজিত শইকীয়া আৰু অশ্বিনী দাস, ৰে’ল বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিৰিঞ্চি কুমাৰ দেৱমিশ্ৰ,  সমাজকৰ্মী চেৰু খান, কেশৱ কলিতা, আমিনগাঁও স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰবীন্দ্ৰ নাথ দাস, আমিনগাঁও স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৰৎ চন্দ্ৰ শৰ্মা, শাখাৰ প্ৰাক্তন সম্পাদক ৰমেশ চন্দ্ৰ মেধিৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত আছিল৷ 

কৃষ্ণ বন্দনাৰে দ্বিতীয় বৃন্দাবনত পৰিণত হ’ল বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱৰ বাকৰি৷ উল্লেখ্য যে বিশ্বনাথৰ আঢ্যৱন্ত সংস্কৃতিক নিটোল ৰূপত উপস্থাপনৰ প্ৰয়াস কৰা উত্তৰ অসমৰ অন্যতম সৰ্ববৃহৎ মুকলি ৰাস উত্তৰ চাৰিআলি সৰ্বজনীন ৰাসোৎসৱৰ ৰূপালী জয়ন্তীৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী হ’ল নৃত্য নাটিকাৰে৷ গুৰু বন্দনা, অনন্ত শয্যা, দৈৱকীৰ বিবাহ, পুতনা বধ, দধি মথন বকাসুৰ বধআৰু কালীয় দমন নাটিকাই আপ্লুত হাজাৰ হাজাৰ দৰ্শকক৷  উল্লেখ্য যে পাঁচ নৱেম্বৰৰ পৰা পৰা অনুষ্ঠিত ৰাস মহোৎসৱত বিভিন্ন কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ পিছত আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে মুকলি ৰাস৷ আটক ধুনীয়া বৃন্দাবন আৰু আলোক সজ্জাই আলোড়নৰ সৃষ্টি কৰাৰ লগতে বিধায়ক প্ৰমোদ বৰঠাকুৰেও এই ৰাসস্থলী ৰাজ্যৰ ভিতৰতে এক লেখত ল’বলগীয়া অনুষ্ঠান বুলি অভিহিত কৰে৷ শিশু কৃষ্ণৰ বিভিন্ন চৰিত্ৰৰ মঞ্চায়ন কৰা নৃত্য-নাটিকাত মুহিনীৰ চৰিত্ৰত অসমৰ চলচ্ছিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জণী মেধিয়ে অভিনয় কৰি উপস্থিত দৰ্শকক মনমুগ্ধ কৰি তুলে৷ 

সাংসাৰিক মায়া আৰু সমষ্ট সমস্যাৰ পৰা মুক্ত হৈ শৰীৰ, মন আৰু আত্মাৰে শ্ৰীকৃষ্ণৰ চৰণত নিজক সমৰ্পণ কৰি দিয়া আনন্দই হৈছে ৰাস৷ ৰস শব্দৰ পৰাই ৰাসৰ উৎপত্তি৷ ৰাস জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ আনন্দহে– এই মন্তব্য শিক্ষাবিদ তথা বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰৰ৷ বৃহত্তৰ বজালীৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ অন্যতম অনুষ্ঠান জোনাকী মেলৰ ৮০সংখ্যক মেলখন পাঠশালা নগৰৰ ৰ নং ৱাৰ্ডৰ বাসিন্দা গীতু তালুকদাৰৰ আমন্ত্ৰণক্ৰমে সোমবাৰে ৰাস পূৰ্ণিমাৰ নিশি পালনৰ দিনাখন অনুষ্ঠিত হয়৷ ভালেসংখ্যক সদস্য আৰু কেইবাজনো আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰা এই মেলখনত বৰমেলুৱৈৰ আসন গ্ৰহণ কৰে জোনীক মেলৰ স্থায়ী বৰমেলুৱৈ মৃণাল চন্দ্ৰ কলিতাই আৰু জোনাকী মেলৰ ইতিবৃত্ত দাঙি ধৰে সম্পাদক কামিনী মোহন শৰ্মাই৷ এই মাহৰ মেলত প্ৰক্ষেপিত আলোচনাৰ মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি আলোচক ৰামকৃষ্ণ তালুকদাৰে আৰু কয় যে, প্ৰকৃতপক্ষে পৰমাত্মাৰ লগত জীৱাত্মাৰ মিলন নহয়৷ অদৃশ্যত থাকি পৰমাত্মাই জীৱাত্মাৰ পৰীক্ষা লয়৷ ৰাসক্ৰীড়াতো ভগৱান কৃষ্ণই পৰম ভক্ত গোপীসকলৰ তেনে পৰীক্ষাই লৈছিল৷ ভগৱানে লোৱা পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হৈ জীৱাত্মা গোপী পৰমাত্মাৰ লগত মিলি গৈ মোক্ষ লাভ কৰিছিল৷ ৰাসক্ৰীড়াৰ সময়ত মনুষ্যৰূপী শ্ৰীকৃষ্ণৰ বয়স আছিল মাত্ৰ ৯ বছৰ৷ ভাৰতীয় যোগবিদ্যাত ১১ বছৰ বয়সৰ পৰা ১৫ বছৰ বয়সৰ কালছোৱাৰ ল’ৰাকহে কিশোৰ বোলা হয়৷ সেই হিচাপে গোপীনিসকলৰ লগত ৰাসক্ৰীড়া কৰা সময়ত কৃষ্ণ আছিল শিশুহে৷ এই শিশু কৃষ্ণই ষোল্ল হাজাৰ গোপীৰ লগত যি ৰাসক্ৰীড়া কৰিছিল সেয়া প্ৰকৃতাৰ্থত আছিল অকাম বা কাম-গোন্ধহীন ক্ৰীড়াহে৷ ৰাস পূৰ্ণিমাৰ ৰসময় পৰিৱেশত অনুষ্ঠিত এই মেলত অংশগ্ৰহণ কৰা মেলুৱৈসকলেও শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰ ওপৰত হোৱা আলোচনাত অংশগ্ৰহণ কৰি তাৰ ভিতৰত বহুকেইজন কবিয়ে ৰোমান্টিক কবিতা পাঠ কৰে৷ গৰিমা ভৰদ্বাজ, মীনা তালুকদাৰ, গীতু তালুকদাৰ, গুণজিৎ বৰুৱা, কামিনী মোহন শৰ্মা আদি কবিসকলে কবিতা পাঠ কৰা এই মাহৰ মেলত সৰুপেটাৰ অতি সম্ভাৱনাময় যুৱশিল্পী জীৱন কৃষ্ণ তালুকদাৰে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ দুটা গীত পৰিৱেশন কৰে৷ ইয়াৰ আগতে বৰমেলুৱৈ মৃণাল চন্দ্ৰ কলিতাই আলোচক ৰামকৃষ্ণ তালুকদাৰৰ আলোচনাৰ আঁত ধৰি কয় যে, প্ৰকৃততে পৰম ব্ৰহ্মৰ সচ্ছিদানন্দময়, আনন্দময়, ৰসময় ৰূপটোৱে হৈছে ৰাসক্ৰীড়াৰ আধাৰ৷ এই মাহৰ জোনাকী মেল আৰম্ভ হোৱাৰ প্ৰাক্‌ মুহূৰ্তত অসমে হেৰুওৱা তিনিগৰাকী ৰত্ন ক্ৰমে– বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, অসমীয়া চলচ্ছিত্ৰ জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু মহিলাক সন্মান দিয়াৰ জ্বলন্ত উদাহৰণ দাঙি ধৰা মহান চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ প্ৰয়াণত তেওঁলোকক স্মৰণ কৰে৷

ইয়াৰ ওচৰৰ কুঁৱাৰাত ৮১ সংখ্যক ৰাস মহোৎসৱ কালিৰে [৭ নৱেম্বৰ] পৰা পাঁচদিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা হৈছে৷ পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচী মুকলি কৰে পৰিচালনা সমিতিৰ সভাপতি ভগৱান শৰ্মাই৷ তাৰ পাছতে স্মৃতি তৰ্পণ, অস্থায়ী অতিথিশালা উদ্বোধন আৰু গছপুলি ৰোপণ কৰা হয়৷ সন্ধিয়া প্ৰতিমা স্থাপন, বন্তি প্ৰজ্বলন, মঞ্চ উদ্বোধন কৰাৰ পাছতে ৰাস উদ্বোধন কৰে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মাই৷ উদযাপন সমিতিৰ সভাপতি ভগৱান শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত ৰাস উদ্বোধন কৰি দিয়া চমু ভাষণত উপায়ুক্তগৰাকীয়ে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বিষয়ে কয়৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্য কামৰূপ কলেজৰ অধ্যক্ষ ড॰ গোপেশ কুমাৰ শৰ্মাই নিজৰ ভাষণত কয় – ‘ভক্তি আৰু প্ৰেমেই হৈছে ৰাস৷ প্ৰেমেৰে জগত জিনিব পাৰি আৰু প্ৰেমেৰেই সমাজ সংস্কৃতি আগবঢ়াই নিব পাৰি৷’ উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ হিৰণ দেৱীয়ে৷ তেওঁ ভাষণত কয় – ‘সংগীত, আলিংগন আৰু চুম্বনেই হৈছে ৰাস৷ এনেদৰে নৃত্যৰে কৰা আনন্দই ৰাসলীলা৷ ৰাসলীলা হৈছে এক অন্তৰংগ ক্ৰীড়া৷ এই ৰাসক্ৰীড়াৰ জৰিয়তে গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক ভক্তি কৰিছিল৷ এই ৰাসক্ৰীড়া কৰা গোপীসকলক সাধাৰণ নাৰী হিচাপে গণ্য কৰা নাছিল৷ ভগৱান শ্ৰীকৃষ্ণই সকলোকে অন্তদৃষ্টিৰে চাবলৈ কৈছিল৷ তাৰ পাছত পূজা-অৰ্চনা আৰু ঝুনা নাম পৰিৱেশন কৰা হয়৷