Logo
image

আৰতি-হত্যা গাপ দিবলৈ একেলগ হৈছিল অভিযুক্ত আৰক্ষী-চিকিৎসক

আমাৰ অসম , ৯ নৱেম্বৰঃ ধন সৰ্বস্ব মানসিকতাৰ বাবেই বহু সময়ত সমাজৰো অৱক্ষয় ঘটে৷ ধনৰ বাবে এনে সমাজ অৱক্ষয় হোৱাৰ এক কৰুণ ঘটনাই এতিয়া সকলোকে হতচকিত কৰি তুলিছে৷ একমাত্ৰ টকাৰ লোভৰ বাবেই এইখন সমাজত আৰক্ষী বিষয়াই ন্যায়, দণ্ডাধীশে সততা আৰু   চিকিৎসকে বিবেক বিক্ৰী কৰাৰ চৰম উদ্বেগজনক ঘটনা সংঘটিত হৈছে৷ এগৰাকী ১৩বছৰীয়া বনকৰা কিশোৰীক ঘৰৰ মালিক তথা বি এছ এফৰ এজন জোৱানে ধৰ্ষণ কৰি হত্যা কৰাৰ এটা ঘটনাক গাপ দি তদন্তক বিপথে পৰিচালতি কৰাৰ বাবে আৰক্ষী, চিকিৎসক আৰু দণ্ডাধীশে  কিদৰে অপৰাধীৰ সৈতে হাত মিলাইছিল তাৰ ভয়ংকৰ তথ্য এতিয়া উন্মোচন হৈছে৷ ঢেকিয়াজুলিৰ আৰতি তুৰী নামৰ আদিবাসী সম্প্ৰদায়ৰ কিশোৰীগৰাকীক ধৰ্ষণ তথা হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দি অৱশেষত চি আই ডিৰ হাতত গ্ৰেপ্তাৰ হ’ল তিনিজন চিকিৎসকৰ লগতে দুজন আৰক্ষী বিষয়া৷ আৰতি তুৰীৰ হত্যাকাণ্ডৰ ঘটনাত দৰং জিলাৰ ধূলা থানাৰ তদানীন্তন অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ কৰাৰ পাছত কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ নামত ভুৱা প্ৰতিবেদনেৰে হত্যাৰ ঘটনাক আত্মহত্যা বুলি প্ৰমাণ কৰাৰ অপচেষ্টা চলোৱাৰ অপৰাধতে সোমবাৰে চি আই ডিয়ে মঙলদৈ জিলা অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসক ক্ৰমে অৰুণ চন্দ্ৰ ডেকা, অজন্তা বৰদলৈ আৰু অনুপম শৰ্মাক গ্ৰেপ্তাৰ কৰে৷ ইফালে একেটা গোচৰতে ধনৰ বিনিময়ত তদন্তক বিপথে পৰিচালিত কৰাৰ অভিযোগত সোমবাৰে দৰঙৰ তদানীন্তন নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক জেৰা কৰাৰ অন্তত নিশালৈ গ্ৰেপ্তাৰ কৰে৷ কেৱল এ এছ পি ৰূপম ফুকনেই নহয়৷ আৰতী তুৰীৰ হত্যাৰ ঘটনাক আত্মহত্যা ৰূপ দিয়াৰ অভিযোগত অভিযুক্ত কৰা হৈছে দৰঙৰ নিলম্বিত এছ পি ৰাজ মোহন ৰায় আৰু এজন কাৰ্যবাহী দণ্ডাধীশক৷ সোমবাৰে নিশা তদানীন্তন এছ পি ৰাজমোহন ৰায়ক বিচাৰি চি আই ডিৰ দলে গুৱাহাটীৰ সাওকুছিত জোনাকী নগৰস্থিত বাসগৃহত অভিযান চলাইছিল যদিও আৰক্ষীৰ অভিযানৰ আগতীয়াকৈ খবৰ লাভ কৰি আত্মগোপন কৰে শীৰ্ষ আৰক্ষী বিষয়াজনে৷ ইফালে চি আইডিৰ ফালৰ পৰা সদৰী কৰা অনুসৰি ধৃত চিকিৎসক অৰুণ চন্দ্ৰ ডেকা, অজন্তা বৰদলৈ আৰু অনুপম শৰ্মাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আৰতি তুৰী নামৰ দুৰ্ভগীয়া কিশোৰীগৰাকীক হত্যাৰ পৰিৱৰ্তে আত্মহত্যাজনিত মৃত্যু বুলিহে প্ৰতিবেদন দাখিল কৰিছিল৷ কেৱল চীপ লোৱা চিহ্নৰ বাহিৰে আৰতিৰ দেহত কোনো আঘাতৰ চিহ্ন পোৱা নাাছিল বুলিও ভুল তথ্য প্ৰকাশ কৰিছিল৷ অথচ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰতি তুৰীৰ মৃতদেহ খান্দি উলিয়াই দ্বিতীয়বাৰ জি এম চিএইচত ফৰেনছিক বিশেষজ্ঞই কৰা মৰণোত্তৰ পৰীক্ষাত কিশোৰীগৰাকীৰ ডিঙি চেপি মুখ বন্ধ কৰি হত্যা কৰাটো নিশ্চিত হৈছিল৷ আনকি অভিযুক্ত চিকিৎসককেইজনে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কিশোৰীগৰাকীক ধৰ্ষণৰ কথা অস্বীকাৰ কৰি সাধাৰণ আত্মহত্যাৰ ঘটনা বুলিহে প্ৰীতয়মান কৰিছিল৷ আনকি মঙলদৈ হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ সময়ত কোনো ভিডিঅ’গ্ৰাফী ৰেকৰ্ড নকৰাৰ লগতে প্ৰয়োজনীয় নীতি-নিয়মো মানি চলা হোৱা নাছিল৷ ইফালে আৰক্ষীয়ে আৰতি তুৰীৰ হত্যাকাণ্ডক গাপ দিয়াৰ বাবে ৫লাখ টকা লোৱা ধূলা থানাৰ অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ধৃত অ’চিজনে নাম লৈছিল এছপি ৰাজমোহন ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনৰ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনে হত্যাৰ ঘটনাক গাপ দিয়াৰ বাবে অ’চি উৎপল ফুকনৰ মধ্যস্থতাত অভিযুক্তৰ আত্মীয়ৰ পৰা লৈছিল ১.৫০ লাখ টকা৷ এ এছ পি ফুকনে ধন লোৱাৰ কৰা অ’চি উৎপল বৰাই ইতিমধ্যে আদালতত জবানবন্দীও লিপিবদ্ধ কৰোৱাইছে৷ ধূলাৰ বি এছ এফ কৃষ্ণ কমল বৰাই ঘৰত পত্নী নথকাৰ অৱস্থাত বন কৰা কিশোৰী আৰতি তুৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক গাপ দিয়াৰ অভিযোগতে এ এছ পি ৰূপম ফুকনক সোমবাৰে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে৷ চি আই ডিৰ তদন্তকাৰী বিষয়াৰ সূত্ৰই প্ৰকাশ কৰা মতে আৰতি তুৰীৰ হত্যাৰ ঘটনাৰ সময়ত ধূলা থানাৰ অ’চি উৎপল বৰা ডুবাইত আছিল যদিও এছ পি আৰু এএছপিয়ে ফোনযোগে মাতি আনিছিল অ’চি ফুকনক৷ এই ঘটনাত এছ পি ৰাজমোহন ৰায়েও অভিযুক্তৰ পক্ষৰ পৰা লাভ কৰিছিল লক্ষাধিক টকা৷ সোমবাৰে নিশা ধৃত এপিএছ বিষয়া ৰূপম ফুকনৰ জু-ৰোডৰ বাসগৃহত অভিযান চলোৱাৰ লগতে এছ পি ৰাজমোহন ৰয়ৰ মহানগৰীৰ সাউকুছিস্থিত বাসগৃহতো তালাচী চলাইছিল৷ অৱশ্যে এছপি ৰাজমোহন ৰয় বৰ্তমান পলাতক হৈ আছে৷ তদন্তকাৰী আৰক্ষীৰ সূত্ৰটোৱে লগতে জানিবলৈ দিয়া অনুসৰি আৰতি তুৰী হত্যাকাণ্ডক বিপথে পৰিচালিত কৰা আন এজন অভিযুক্ত কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাইও আত্মগোপন কৰিছে৷ দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাই আৰতী তুৰীৰ মৃতদেহ পৰীক্ষা নকৰাকৈ আৰু ঘটনাস্থলীত উপস্থিত নথকাকৈ প্ৰতিবেদন দিয়া বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰটোৱে৷ বৰ্তমান বিভাগীয়ভাৱে ছুটিত থকা দণ্ডাধীশ হাজিৰকাই মোবাইলৰ ছুইচ অফ কৰি পলায়ন কৰা বুলি প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ ইফালে, চিআইডিয়ে ইতিপূৰ্বে অ’চি উৎপল বৰাৰ এখন বিলাসী বাহনো জব্দ কৰিছে৷ সাধাৰণ এজন আৰক্ষী পৰিদৰ্শক হৈ উৎপল বৰাই ৪০ লাখ টকীয়া বাহন ক্ৰয় কৰাৰ লগতে¸কোটি টকীয়া ভূমি-অট্টালিকাৰ গৰাকী হোৱা ঘটনাৰো এতিয়া আন এক তদন্তৰ দাবী জনাইছে খোদ আৰক্ষীৰ বিভাগৰ লোকেই৷