Logo
image

বিজেপিৰ ‘বি’ টীমহে ইউডিএফ! এইবাৰ কংগ্ৰেছৰ চাঞ্চল্যকৰ অভিযোগ

আমাৰ অসম , ৯ নৱেম্বৰঃ  কোন দল বিজেপিৰ বি টীম? কোনে বিজেপিক প্ৰকাৰন্তৰে সহায় কৰি আছে তাক লৈ প্ৰশ্নৰ  উদয় হৈছে৷ এআইইউডিএফে কংগ্ৰেছক বিজেপিৰ বি টীম বুলি দাবী কৰাৰ পাছত ইউডিএফক বিজেপিৰ বি টীম বুলি পুনৰবাৰ স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ কয়–ইউডিএফ যে বিজেপিৰ বি টীম ৰূপে কাম কৰি আছে সেই কথা ৰাইজক আৰু বুজাই কোৱাৰ দৰ্কাৰ নাই৷ ৰাজ্যসভাৰ নিৰ্বাচন, ৰাষ্ট্ৰপতি ৰ নিৰ্বাচনত সেয়া ‘দুধ কা দুধ পানী পানী’ হৈ গৈছে৷ সদ্য অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিৰ বি টীম ৰূপে কংগ্ৰেছেহে কাম কৰা বুলি দাবী কৰি আহিছে এ আই ইউ ডি এফে৷  বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয়–ভাৰত জোড়ো যাত্ৰা কংগ্ৰেছে কাৰ বিৰুদ্ধে আৰম্ভ কৰিছে৷ কংগ্ৰেছৰ বিৰুদ্ধে নে এ আই ইউডিএফৰ বিৰুদ্ধে? অসমৰ মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা নে বদৰুদ্দিন আজমল? ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা ১৪ নৱেম্বৰত জালুকবাৰী সমষ্টিৰ সীমাত কিয় শেষ কৰিব? ইয়াৰ ৰহস্য কি? পে’ট্ৰল-ডিজেলৰ দাম কোনে বঢ়াইছে? ইউডিএফৰ মিত্ৰ দল এটাৰ লগত যুঁজ দিবলৈ সদলবলে ভূপেন বৰা পথাৰত নামিছে৷ ভূপেন বৰাই স্পষ্ট কৰিব লাগে তেওঁ বিজেপিৰ লগত যুঁজিব নে এআইইউডিএফৰ লগত যুঁজিব৷ জালুকবাৰীত কিয় ভাৰত জোড়ো যাত্ৰাৰ বাহিৰত ৰাখিছে৷ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পিছত ভূপেন বৰা আৰু ৰাণা গোস্বামীয়ে নিজে দাবী কৰিছিল যে কংগ্ৰেছত গাড্ডাৰ আৰু কুলাংগাৰ আছে৷ কিন্তু গাড্ডাৰ আৰু কুলাংগাৰৰ চৰ্দাৰ ভূপেন বৰা৷ গাড্ডাৰ আৰু কুলাংগাৰৰ এজেন্সি হৈছে ভূপেন বৰাই৷ তেওঁ বিজেপিৰ এ টীম৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিৰোধী ঐক্য থান বান কৰাৰ কাৰণে ৰাজনীতি কৰিছে৷ বেলেগ ঠাইৰ পৰা ধুবুৰীলৈ মানুহ গৈ গৈ দাবী কৰিছে যে সেইবিলাক স্থানীয় মানুহ বুলি৷ ৰাজ্যসভাৰ নিৰ্বচানত বিজেপিয়ে ২২ টা ভোট বিৰোধী শিবিৰৰ পৰা পাইছে৷ আমাৰ এটা ভোটো বেলেগলৈ যোৱা নাই৷ কংগ্ৰেছৰ আটাইকেইজন বিধায়কে যদি ৰিপুণ বৰাক ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিছিলে তেন্তে ৰিপুন বৰা কিয় পৰাজিত হ’ল? বিধায়ক বৰভূঞাৰ এনে বক্তব্যৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ইউডিএফহে বিজেপিৰ বি টীম বুলি কয়৷