Logo
image

দিল্লীসহ উত্তৰ ভাৰতত প্ৰবল জোকাৰণি, নেপাল বিধবস্তপ্ৰায়

আমাৰ অসম,১০ নৱেম্বৰঃ ২০১৫ চনৰ ভয়াৱহ স্মৃতি জগাই তুলি বুধবাৰে পুৱতি নিশা পুনৰ ইটোৰ পাছত সিটোকৈ তিনিটা ভূমিকম্পই জোকাৰি গ’ল ‘হিমালয়ান কেপিটেল’ হিচাপে খ্যাত নেপাল৷ নেপালৰ উটি জিলাত উৎপত্তিস্থল চিহ্নিত হোৱা এই ভূমিকম্পই ভাৰতৰ ৰাজধানী নতুন দিল্লীকে ধৰি গুৰুগ্ৰাম, গাজিয়াবাদ, নয়ডা, লক্ষ্ণৌত প্ৰবল কম্পনৰ সৃষ্টি কৰাত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত বুধবাৰৰ পুৱতি নিশা প্ৰায় দুই বজাত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ ৰিখটাৰ স্কেলত ৬.৬ প্ৰাবল্যৰ মূল ভূমিকম্পটোৱে নেপালক জোকাৰি তোলে ভাৰতীয় সময় অনুসৰি নিশা ১.৫৭ বজাত৷ প্ৰচণ্ড জোকাৰণিত নেপালৰ ড’টি জিলাৰ এটা পৰিয়ালৰ ঘৰ ভাগি পৰাত  পৰিয়ালটোৰ ছজন সদস্যৰ থিতাতে মৃত্যু হয়৷ নিহতসকলৰ ভিতৰত আছে চাৰিটি শিশু৷ ৰাজধানী কাঠমাণ্ডুৰ পৰা ৪৩০ কিলোমিটাৰ নিলগৰ ড’টি জিলাৰ খাপটাড় অঞ্চলটো ভূমিকম্পত ক্ষতিগ্ৰস্ত হৈছে৷ মাটিৰে নিৰ্মিত গাঁৱৰ বহুসংখ্যক ঘৰ ভাগি পৰিছে আৰু ইয়াৰ ফলত নিহতৰ সংখ্যা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷ অসমৰ্থিত সূত্ৰ অনুসৰি মুঠতে দহজন লোকৰ মৃত্যু হৈছে আৰু অৰ্ধশতাধিক আহত হৈছে৷ যিটো অঞ্চল অধিক ক্ষতিগ্ৰস্ত হৈছে সেই অঞ্চল পাহাৰীয়া হোৱাৰ বাবে দুৰ্গম আৰু যোগাযোগৰ সুবিধা নাই৷ ঘাইকৈ ভূমিকম্পৰ ফলত ঘৰ-দুৱাৰ ভাগি পৰাত আৰু পাহাৰীয়া পথ ভাগি যোৱাত সম্প্ৰতি সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰকাৰী দল গৈ উপস্থিত হ’বগৈ পৰা নাই৷ ক্ষতিগ্ৰস্ত অঞ্চলৰ সমীপৱৰ্তী দুখন পাহাৰীয়া চহৰ হৈছে সুৰখেত আৰু নেপালগঞ্জ৷ এই দুয়োখন চহৰতে উদ্ধাৰকাৰ্যত ব্যৱহাৰ কৰাৰ বাবে দুখন হেলিকপ্টাৰ ৰাখি থোৱা হৈছে আৰু পথ যোগাযোগ বিচ্ছিন্ন হ’লেও উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে৷ আনহাতে, প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰাকৈ নেপালৰ সেনাবাহিনীকো সাজু কৰি ৰখা হৈছে৷ 

নেপালৰ সময় অনুসৰি নিশা ২.১২ বজাত ভূমিকম্পৰ প্ৰথমটো জোকাৰণি অনুভূত হয়৷ ৰিখটাৰ স্কেলত ৬.৬ প্ৰাবল্যৰ সেই ভূমিকম্পই ড’টি জিলাৰ লগতে সমগ্ৰ দেশখনকে কঁপাই তোলে৷ ইয়াৰ এঘণ্টা পাছত ৩.১৫ বজাত আন এটা আৰু পুৱা ৬.২৭ বজাত তৃতীয়টো ভূমিকম্পই জোকাৰণি মৰাত সমগ্ৰ নেপালক ভয়ংকৰ আতংকই গ্ৰাস কৰে৷ দ্বিতীয় আৰু তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ক্ৰমে ৩.৬ আৰু ৪.৩৷ অন্তিম দুয়োটা ভূমিকম্পই ‘আফটাৰ শ্বক’ আছিল যদিও উপৰ্যুপৰি তিনিটা ভূমিকম্পই দেশখন জোকাৰি পেলোৱাত ২০১৫ চনৰ ভয়াবহ ভূমিকম্পৰ স্মৃতি সুঁৱৰি দেশবাসী আতংকিত হৈ পৰে৷ উল্লেখ্য, ২০১৫ চনত হোৱা ভূমিকম্পই ৯০০০ লোকৰ প্ৰাণ কাঢ়ি নিছিল৷ ভাৰতৰ নেচনেল চেণ্টাৰ ফৰ ছিছম’লজিয়ে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ নেপালৰ ড’টি জিলা দেৱীস্থান আৰু ভূভাগৰ পৰা দহ কিলোমিটাৰ অভ্যন্তৰত৷ নেপালৰ অৱস্থিতি ভাৰতীয় আৰু ইউৰেছিয়ান টেকট’নিক প্লেটৰ মাজত অৱস্থিত হোৱাৰ বাবে এই অঞ্চলটো সৰ্বাধিক ভূকম্পপ্ৰবন অৰ্থাৎ জ’ন-৫১ অন্তৰ্গত৷ বুধবাৰে পুৱতি নিশা হোৱা ভূমিকম্পৰ উৎপত্তি ভাৰতীয় আৰু ইউৰেছিয়ান টেকট’নিক প্লেটৰ ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা বুলি প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে৷ 

এই ভূমিকম্পই ৰাজধানী নতুন দিল্লী, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, গাজিয়াবাদ, গুৰুগ্ৰাম, নয়ডা, লক্ষ্ণৌত ভয়ংকৰ জোকাৰণিৰ সৃষ্টি কৰে৷ আটাইকেইটা অঞ্চলেই অতি ওখ অট্টালিকাৰে ভৰি আছে আৰু তাৰ ফলত উচ্ছ অট্টালিকাত থকা লোকৰ মাজত নিশা দুই বজাত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ নিশা প্ৰাণ ভয়ত অগণন লোক বাহিৰলৈ ওলাই আহে আৰু নিশা কেইবাঘণ্টা বাহিৰতে অতিবাহিত কৰে৷ কিয়নো পৰৱৰ্তী দুয়োটা আফটাৰ শ্বকেও ভাৰতৰ ৰাজধানী অঞ্চলত জোকাৰণি তুলিছিল৷