Logo
image

উজনিৰ বিধবস্ত পথ! মুখ্যমন্ত্ৰীৰ সন্মুখতে বৈঠকত গাডকাৰিৰ সকীয়নি, ঠিকাদাৰক অব্যাহতি

আমাৰ অসম,১০ নৱেম্বৰঃ অসমৰ বিভিন্ন ঠাইৰ, বিশেষকৈ উজনি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা দেখি ক্ষুব্ধ হৈ পৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰি৷ ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলঙৰ কাম-কাজত বিলম্ব ঘটাৰ বাবে খঙতে টিঙিৰিতুলা হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰীজনে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সন্মুখতে সংশ্লিষ্ট কামৰ দায়িত্বত থকা ঠিকাদাৰৰ উপৰি বিষয়াসকলক ধমক দিয়ে৷ কেৱল সেয়ে নহয়, মৰাণ বাইপাছৰ পৰা বগীবিললৈকে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ গতি লেহেমীয়া হোৱাৰ বাবে সংশ্লিষ্ট পথছোৱা নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰী প্ৰতিষ্ঠানক মুহূৰ্তৰ ব্যৱধানত অব্যাহতি দিয়ে নীতিন গাডকাৰিয়ে৷ যোৰহাট আৰু মাজুলীৰ মাজৰ দুশৰীয়া দলং নিৰ্মাণকাৰী কোম্পানীকো জবাবদিহি কৰে গাডকাৰিয়ে৷ শীঘ্ৰে নিৰ্মাণৰ গতি খৰতকীয়া নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইউপি ষ্টেট ব্ৰীজ কৰ্প’ৰেচন লিমিটেড নামৰ কোম্পানীটোক সকীয়াই দিয়ে গাডকাৰিয়ে৷ কোৱা বাহুল্য যে ইতিপূৰ্বে ব্লেকলিষ্টেত হোৱা উত্তৰ প্ৰদেশৰ এই বিতৰ্কিত কোম্পানীটোৰ কাম-কাজত বাৰুকৈয়ে অসন্তুষ্ট নীতিন গাডকাৰি৷ টিকে ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোকো কঠোৰভাৱে সকীয়নি দি নীতিন গাডকাৰিয়ে কয় যে আবণ্টিত কাম সম্পূৰ্ণ নকৰালৈকে প্ৰতিষ্ঠানটোৱে নতুন নিবিদাত ভাগ ল’ব নোৱাৰিব৷ কিবাকৈ কোম্পানীটোৱে নিবিদাত ভাগ ল’লেও সেই নিবিদা গ্ৰহণ নকৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে গাডকাৰিয়ে৷ ৰাজপথ নিৰ্মাণৰ বিলম্বিত গতি অবিলম্বে খৰতকীয়া নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সংশ্লিষ্ট সকলোকে সকীয়াই দিয়ে গাডকাৰিয়ে৷ বুধবাৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ পৰ্যালোচনা বৈঠকতে কামত গাফিলতি কৰা ঠিকাদাৰ-বিষয়াক অন্তিমবাৰৰ বাবে সকীয়াই দিয়ে গাডকাৰিয়ে৷ গাডকাৰিয়ে স্পষ্ট কৰি দিয়ে যে অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমীয়া হৈছে৷ ইয়াৰ বাবে বিষয়াসকলৰ লগতে ঠিকাদাৰকো জবাবদিহি কৰি গাডকাৰিয়ে সকীয়াই দিয়ে যে ইয়াৰ কাৰণ এমাহৰ ভিতৰত দিল্লীৰ ওচৰত ব্যাখ্যা কৰিব লাগিব সংশ্লিষ্ট সকলে৷ গাডকাৰিয়ে কয়– মই সকলোৰে ‘কুণ্ডলী’ অধ্যয়ন কৰিছোঁ৷ কোনে কি কৰি আছে মই ভালদৰে জানো৷ সেয়ে কোনেও যেন মোৰ আগত মিছা কথা নকয়৷ হিমন্তবিশ্ব শৰ্মাৰ দিনত বহু কামৰ অগ্ৰগতি হৈছে৷ বুধবাৰে গুৱাহাটীত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ আৰম্ভণিতে  গাডকাৰিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম-কাজ আৰু দলং নিৰ্মাণৰ অগ্ৰগতি দেখি বাৰুকৈয়ে অসন্তুষ্ট হয় আৰু তাৰ বাবে বিষয়াসকলক জবাবদিহি কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কাষত লৈ ঠিকাদাৰক ধমক দিয়ে৷ গাডকাৰিয়ে একাধিকবাৰ ইউপি ষ্টেট ব্ৰীজ কৰ্পোৰেশ্বন লিমিটেডক শীঘ্ৰে কাম এৰি দিয়াৰ নিৰ্দেশ দিয়ে৷ অন্যথা বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে৷ বুধবাৰৰ বৈঠকত কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী জেনেৰেল ড॰ ভি কে সিং, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকে৷ বৈঠকত গাডকাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে প্ৰশংসা কৰে৷ ইফালে, পৰ্যালোচনা বৈঠকৰ পাছতে অনুষ্ঠিত সংবাদমেলত নীতিন গাডকাৰিয়ে অসমৰ বাবে ৫০ হাজাৰ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰে৷ ইয়াৰে প্ৰথম পৰ্যায়ত দিয়া হ’ব ২৫ হাজাৰ কোটি টকা৷ ২,১০০ কোটি টকাৰ প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ কৰা হয়৷ কেৱল সেয়ে নহয়, ২০২৪ চনপৰ্যন্ত অসমক ২ লাখ কোটি টকাৰ পেকেজ আগবঢ়োৱা হ’ব বুলিও ঘোষণা কৰে গাডকাৰিয়ে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে সদৰী কৰা মতে, অসমত ৰিংৰোড নিৰ্মাণৰ বাবে ৪,৫০০ কোটি, দহখন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে ৪৮০ কোটি, পাঁচটা নতুন ৰোপৱে’ৰ বাবে ২,১০০ কোটি, খানাপাৰা-গুৱাহাটী সংযোগী ৬শৰীয়া পথৰ বাবে ৫৫০ কোটি টকা আগবঢ়োৱা হ’ব৷ কাজিৰঙাত ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া পথ নিৰ্মাণ কৰাৰ লগতে ৬,০০০ কোটি টকা ব্যয়সাপেক্ষ চাৰিশৰীয়া এলিভেটৰ কৰিড’ৰ নিৰ্মাণ কৰা হ’ব৷