Logo
image

ভূমিকম্পৰ ফলত অভিনেতা আদিল হুছেইন ‘গৃহহাৰা’

আমাৰ অসম, ১০ নৱেম্বৰঃ বুধবাৰে নিশা ২ বজাত নেপালত হোৱা ভূমিকম্পৰ কঁপনিত নতুন দিল্লীত থকা অভিনেতা আদিল হুছেইনে আতংকত ঘৰ এৰি নিশা নিজ ঘৰত কটোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ নেপালৰ ভূমিকম্পই দিল্লী, উত্তৰাখণ্ড, হাৰিয়ানা, উত্তৰ প্ৰদেশতো ভয়াৱহ কম্পনৰ সৃষ্টি কৰিছিল৷ সৰ্বাধিক জোকাৰণি অনুভূত হৈছিল জনবহুল নতুন দিল্লী আৰু তাৰ চৌপাশৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত৷ এই অঞ্চলৰ বাসিন্দা অধিক পৰিমাণে  আতংকিত হৈ পৰিছিল প্ৰায় সকলোৰে বাসস্থান সুউচ্ছ অট্টালিকা হোৱাৰ বাবে৷ আতংকত সকলো বাসিন্দা ঘৰৰ বাহিৰলৈ ওলাই আহিছিল আৰু ৰাজধানীৰ বাসিন্দাক অধিক আতংকিত কৰি এঘণ্টাৰ ভিতৰতে দ্বিতীয়টো ভূমিকম্পই দিল্লীক জোকাৰি পেলাইছিল৷ দিল্লীবাসীৰ দৰে সেই আতংকৰ বলি হ’ল বলীউডৰ প্ৰখ্যাত অভিনেতা, অসমৰ আদিল হুছেইনো৷ ভূমিকম্পৰ প্ৰথমটো জোকাৰণিতে আদিল হুছেইন ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল৷ ভূমিকম্পই সৃষ্টি কৰা আতংকত ভীতিগ্ৰস্ত হৈ ওলাই আহোঁতে আদিল হুছেইনে হাতত একো লৈ আহিবলৈ সক্ষম নহ’ল৷ একমাত্ৰ ম’বাইলটো হাতত লৈ আদিল হুছেইন ঘৰৰ পৰা ওলাই অহাৰ পাছতে তেওঁৰ এপাৰ্টমেণ্টৰ দুৱাৰ আপোনাআপুনি বন্ধ হৈ গৈছিল৷ আতংকৰ শেষত যেতিয়া তেওঁ এপাৰ্টমেণ্টলৈ উভতি গৈছিল তেতিয়ালৈ তেওঁৰ এপাৰ্টমেণ্টৰ দুৱাৰ স্বয়ংক্ৰিয়ভাৱে তলাবন্ধ হৈ গৈছিল৷ নিৰাপত্তাৰ বাবে আজিকালি এপাৰ্টমেণ্টত ব্যৱহৃত লক আপোনাআপুনি বন্ধ হয়৷ আদিলৰো সেই অৱস্থাই হ’ল৷ তেওঁৰ হাতত ছাবি নাছিল, নাছিল এটাও টকা৷ কিয়নো আতংকত দৌৰি ঘৰৰ পৰা ওলাই আহোঁতে ছাবি, পাৰ্ছ লগত লৈ অহাটো সম্ভৱ নহ’ল৷ শেষনিশা বলীউডৰ অভিনেতাজন নিজৰ ঘৰ থাকিও ৰাজধানীত ‘গৃহহীন’ হৈ পৰিল৷ উপায়হীন হৈ আদিল হুছেইনে তেওঁৰ এজন বন্ধুক ফোন কৰিলে আৰু বন্ধুৱে শেষনিশা আশ্ৰয় দিলে তেওঁক৷ বন্ধুৰ ঘৰৰ পৰাই টুইট কৰি অভিনেতা আদিল হুছেইনে জনালে তেওঁৰ অৱস্থাৰ কথা৷ টুইটাৰত তেওঁ লিখিলে– ‘ভূমিকম্পৰ সময়ত ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ভুলবশতঃ ঘৰৰ দুৱাৰো লক হৈ গ’ল৷ সকলো কাৰ্ড, নগদ ধন ভিতৰতে থাকিল৷ সৌভাগ্যবশতঃ বন্ধু দিবাং সাৰ পাই আছিল৷ তেওঁ আমাক আশ্ৰয় দিছে৷ এতিয়া তেওঁৰ ঘৰৰ গেষ্টৰূমত শুবলৈ লৈছোঁ৷ ভগৱানে তেওঁৰ মংগল কৰক, এই সময়তো সাৰ পাই থকাৰ বাবে আৰু মোৰ ফোনৰ শব্দ শুনাৰ বাবে৷’ উল্লেখ্য, দিবাং হৈছে এজন সাংবাদিক আৰু তেওঁক নেটিজেনে এই কামৰ বাবে প্ৰশংসাৰে ওপচাই দিছে৷