Logo
image

২৬ জিলাত ডেংগু ,মহানগৰীও আক্ৰান্ত

আমাৰ অসম,১০ নৱেম্বৰঃ  ডেংগুৱে এতিয়া মহামাৰীৰ ৰূপ লৈছে সমগ্ৰ ৰাজ্যতে৷ এখনৰ পাছত আন এখন জিলালৈ সংক্ৰমণ ঘটিছে ডেংগুৰ৷ কাৰ্বি পাহাৰৰ পাছতেই ৰাজ্যৰ ২৬ খন জিলাত ডেংগুৱে সংহাৰ আৰম্ভ কৰিছে৷ এক কথাত ডেংগু প্ৰতিৰোধৰ ব্যৰ্থ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ আশ্চৰ্যজনক বিষয়টো হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কতৃৰ্পক্ষই কাৰ্বি আংলঙত ঘৰে ঘৰে নাগৰিকৰ ডেংগু পৰীক্ষাৰ ব্যৱস্থা কৰিছে যদিও ৰাজ্যৰ আন জিলাসমূহত ডেংগু প্ৰতিৰোধৰ কোনো পদক্ষপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ যাৰ বাবে এখনৰ পাছত আন এখন জিলালৈ বিয়পিছে ডেংগু৷ স্বাস্থ্য বিভাগৰ তথ্যত  প্ৰকাশ পোৱা মতে বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ডেংগুত আক্ৰান্ত হৈছে ১২৪জন লোক৷ ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই পৰ্যন্ত ২৯জন লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে গুৱাহাটীত চিকিৎসাধীন হৈ আছে ১৩ জন লোক৷ মহানগৰীৰ তিনিখন ব্যক্তিগত হাস্পতালৰ লগতে জিএমচি এইচত এইসকল ডেংগুত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে৷ ইফালে স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি বিগত ৮ দিনত ৰাজ্যৰ ২৬খন জিলাত ডেংগুত মুঠ ৫৫১জন লোক আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত কাৰ্বি আলংঙত সৰ্বাধিক ৪৭৮জন লোক আৰু কামৰূপ মহানগৰ জিলাত ২৯ জন লোক ডেংগুত আক্ৰান্ত হৈছে৷ তদুপৰি হোজাই, কামৰূপ, নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া জিলাত ৩জনকৈ লোকৰ বিপৰীতে বঙাইগাঁও, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা-হাচাও, গোৱালপাৰা, কৰিমগঞ্জ, নগাঁও আৰু শিৱসাগৰত ২ জনকৈ লোকৰ তেজৰ নমুনা পৰীক্ষাত ডেংগু পজিটিভ ধৰা পৰিছে৷ আনহাতে, বাগ্‌সা, চৰাইদেউ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, লখিমপুৰ, মৰিগাঁও, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং জিলাতো এজনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে৷ এডিছ ইজিপ্তা মহে কামুৰিলে ডেংগুত আক্ৰান্ত হয় যদিও এই মহবিধৰ বংশ বৃদ্ধি ধবংস কৰাৰ বাবে স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে৷