Logo
image

অৱসৰপ্ৰাপ্ত সেনা বিষয়াই প্ৰশিক্ষণ দিব অসম আৰক্ষীক

আমাৰ অসম, ১০ নৱেম্বৰঃ  অসম আৰক্ষীক অধিক সক্ৰিয়, সক্ষম আৰু শাৰীৰিকভাৱে ‘ফিট’ বনাবৰ প্ৰশিক্ষণ দিবলৈ ৩৪জন অৱসৰপ্ৰাপ্ত সেনা বিষয়াক অসম আৰক্ষীত নিযুক্তি দিব ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰণণ কৰিছে৷ এই সিদ্ধান্তৰ বিষয়ে এক সংবাদ মেলত সদৰি কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰে ইচ্ছুক অৱসৰপ্ৰাপ্ত সেনা বিষয়াই অসম আৰক্ষীৰ প্ৰশিক্ষক চাকৰিৰ বাবে আবেদন কৰিব পাৰিব৷ অৱশ্যে তেওঁলোক মেজৰ বা কৰ্ণেল ৰেংকৰ হ’ব লাগিব৷ তেওঁলোকৰ কাম হ’ব– অসম আৰক্ষীৰ যিমানবোৰ বেটেলিয়ন আছে তাত প্ৰশিক্ষণ প্ৰদান কৰা৷ এই বিষয়াসকলক এএছপি [ট্ৰেইনিং] বুলি কোৱা হ’ব৷ অসম আৰক্ষীৰ ট্ৰেইনিঙৰ বিশেষ ডিআইজিক তেওঁলোকে ৰিপ’ৰ্ট কৰিব লাগিব৷ ইফালে ৰাজ্যিক কেবিনেটৰ আন সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰি মন্ত্ৰী হাজৰিকাই কয়– এপিডিচিএলে অসমত ৫৮ লাখ স্মাৰ্ট মিটাৰ লগাব৷ অসমৰ বহু ঠাইত পাইলট প্ৰজেক্ট হিচাপে এই মিটাৰ লগোৱাৰ কাম চলি আছে৷ কিন্তু কেবিনেটে এই স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত এটা সৰু নতুন সিদ্ধান্ত সংযোগ কৰিছে৷ সেইটো হৈছে ৩০ দিনৰ বাবে পুৰণা মেন্যুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটাই থাকিব৷ মানুহৰ যাতে কোনো অসুবিধা নহয়, ইয়াৰ বাবেই এনে কৰা হ’ব৷ যদি এমাহলৈ একো কমপ্লেইন নাহে তেন্তে পুৰণা মিটাৰটো আঁতৰাই দিয়া হ’ব আৰু স্মাৰ্টমিটাৰটো স্থায়ী কৰা হ’ব৷ কেবিনেটে ৫৬.৭৬ কোটি টকা ব্যয়সাপেক্ষে হাটশিঙিমাৰী, ছালাকাটি আৰু বৰপেটাত তিনিটা নতুন পাৱাৰগ্ৰীড স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এচিএছ আৰু এপিএছৰ পদোন্নতিৰ ক্ষেত্ৰত জটিলতা দূৰ কৰি কেবিনেটে এই পদোন্নতি ব্যৱস্থা আইএএছ, আইপিএছৰ দৰে কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ এতিয়াৰে পৰা এচিএছ, এপিএছ বিষয়াসকলে সময়মতে পদোন্নতি লাভ কৰিব৷’