Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক অভিযোগমুক্ত

আমাৰ অসম, ১০ নৱেম্বৰঃ  অৱশেষত অভিযোগমুক্ত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড॰ ধ্ৰুৱজ্যোতি চৌধুৰী৷ সেইসূত্ৰে ড॰ চৌধুৰীৰ নিলম্বন প্ৰত্যাহাৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে ৯ নৱেম্বৰত জাৰি কৰা নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে৷ পঞ্জীয়কে নিৰ্দেশনাত উল্লেখ কৰা মতে, ৭ নৱেম্বৰত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ   প্ৰস্তাৱ [আৰ/ইচি-০৪/২০২২/৪৪] অনুসৰি ড॰ ধ্ৰুৱজ্যোতি চৌধুৰীৰ নিলম্বনৰ নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰা হৈছে আৰু ড॰ চৌধুৰীক তাৎক্ষণিকভাৱে পৰীক্ষা নিয়ন্ত্ৰকৰ পদত পুনৰ যোগদান কৰিবলৈ অনুমতি-পৰামৰ্শ দিয়া হৈছে৷ একে নিৰ্দেশনাত উল্লেখ কৰা মতে, নিলম্বনৰ সময়ছোৱাত ড॰ চৌধুৰীয়ে পাবলগীয়া দৰমহাৰ অনাদায় ধন ড॰ চৌধুৰীক আদায় দিয়া হ’ব৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনুমোদন সাপেক্ষে ৯ নৱেম্বৰত ড॰ ধ্ৰুৱজ্যোতি চৌধুৰীৰ নিলম্বনৰ নিৰ্দেশ প্ৰত্যাহাৰৰ নিৰ্দেশনা জাৰি কৰা বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে নিৰ্দেশনাত উল্লেখ কৰিছে৷ পঞ্জীয়কৰ নিৰ্দেশনাৰ প্ৰতিলিপি [মেমো নম্বৰ জিইউ/আৰইজিআৰ[এছএফ]/ইএছটিটি/অ’চিআৰ/পিএফ/০৬/২০২২/৩৫০] পৰীক্ষা নিয়ন্ত্ৰক ড॰ ধ্ৰুৱজ্যোতি চৌধুৰীৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোষাধ্যক্ষ, উপ-পঞ্জীয়ক, উপাচাৰ্যৰ সচিব, পঞ্জীয়কৰ সচিব, আইন বিষয়া আৰু বিল সহকাৰী বিষয়ালৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা ডিচিপ্লিনাৰী অথৰিটীয়ে এই বছৰৰে ১৮ আগষ্টত জাৰি কৰা নিৰ্দেশমৰ্মে ড॰ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন কৰিছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল ঘোষণাত বিলম্ব আৰু খেলিমেলিৰ বাবে ড॰ চৌধুৰীক নিলম্বন কৰা হৈছিল৷ অৱশেষত প্ৰায় ২ মাহ ২০ দিনৰ মূৰত গুৱাহাটী বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক ড॰ ধ্ৰুৱজ্যোতি চৌধুৰীৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ জৰিয়তে ড॰ চৌধুৰীক কাৰ্যতঃ অভিযোগমুক্ত বুলি ঘোষণা কৰে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷