Logo
image

বিজেপিৰ দখলত দেউৰী পৰিষদ

আমাৰ অসম, ১১ নৱেম্বৰঃ  দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বৃহস্পতিবাৰে অনুষ্ঠিত ভোট গণনাত শাসনাধিস্থ বিজেপি দলে সৰ্বাধিক ১১খন আসন লাভ কৰি পৰিষদ দখল কৰে৷ ২২খন আসনৰ বাবে ৮ নৱেম্বৰত অনুষ্ঠিত ভোটদানত বিজেপিয়ে ১১টা পৰিষদীয় সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ মিত্ৰদল অগপই এটা, কংগ্ৰেছ দলে দুটা আৰু জিমচিয়া পিপল্‌ছ পাৰ্টীয়ে [জেপিপ] ৮টা পৰিষদীয় সমষ্টিত জয়লাভ কৰে৷ নিৰ্বাচনত বিজেপি দলে সৰ্বাধিক আসন লাভ কৰাত দলৰ নেতা-কৰ্মীৰ মাজত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷ উল্লেখ্য, কংগ্ৰেছ  দলে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো শোচনীয় পৰাজয়ৰ মুখ দেখে৷ আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টি বিহপুৰীয়াত দলে এখনো আসন লাভ নকৰিলে৷ দলৰ এই শোচনীয় পৰাজয়ত আক্ষেপ প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– কংগ্ৰেছে কিছু সংশোধন কৰিব লাগিব৷ কংগ্ৰেছৰ কিছু ভুল আছে৷ উল্লেখ্য, দেউৰী স্বায়ত্তশাসিত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে ‘সংকল্প পত্ৰ’ প্ৰকাশ কৰিছিল৷ য’ত দেউৰী স্বায়ত্তশাসিত পৰিষদ এলেকাৰ ভোটাৰক বহু প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সংকল্প-পত্ৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিছিলে৷ ৮ নৱেম্বৰত অনুষ্ঠিত এই নিৰ্বাচনত জেপিপিয়ে শাসনাধিস্থ বিজেপি দলক যথেষ্ট প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয়৷ আনকি ভোটদানৰ দিনাও বিজেপিৰ বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা আৰু মাজুলীৰ বিধায়ক ভুৱন গামে ভোটাৰৰ মাজত ধন বিতৰণ কৰিবলৈ গৈ অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ আনহাতে, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই সদ্য ঘোষিত দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজয় লাভ কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে৷ কলিতাই কয়– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ডাবোল ইঞ্জিনৰ চৰকাৰখনৰ প্ৰতি দেউৰী পৰিষদীয় সমষ্টিৰ ৰাইজে সমষ্টিৰ সৰ্বাঙ্গীণ উন্নয়নৰ স্বাৰ্থত বিপুল সংখ্যক সমৰ্থন প্ৰদান কৰি মিত্ৰজোঁটৰ চৰকাৰখনৰ লগতে প্ৰাৰ্থী কেইজনক যি মৰম আৰু সমৰ্থন আগবঢ়ালে তাৰ বাবে দেউৰী পৰিষদীয় সমষ্টিৰ সকলো ৰাইজক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ৷ এই অভূতপূৰ্ব সফলতাৰ বাবে ৰাজ্যিক সভাপতিজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদসকল, মিত্ৰদল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়া সকল, বিভিন্ন মৰ্চাৰ বিষয় ববীয়া সকল, মিত্ৰদল অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আৰু ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ দলীয় কাৰ্যকৰ্তা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ ফলাফলক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ২০১৭ চনত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আমি সাতখন আসন পাইছিলোঁ৷ সেইবাৰ আমি সংখ্যাগৰিষ্ঠতা পোৱা নাছিলোঁ৷ এইবাৰ আমি ১১খন আসন লাভেৰে সংখ্যাগৰিষ্ঠা পালোঁ৷ আনহাতে, সাংসদ গৌৰৱ গগৈয়ে কয়– টকা-পইচা বিতৰণ কৰি আৰু মদৰ বটল দি বিজেপিয়ে ৰাইজৰ ভোট কিনিব নোৱাৰে৷ বিজেপিয়ে ৰাইজৰ ওপৰত কৰা অত্যাচাৰৰ ফল নিৰ্বাচনত পালে৷

থাওৰাৰ ৰাজীৱ ভৱনত আনন্দমুখৰ পৰিৱেশ

 বহু উৎকণ্ঠাৰ অন্তত আজি দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ আন ১৯ টা সমষ্টিৰ লগতে ৰজাবাৰী, কটিয়ৰী আৰু টেঙাপানী সমষ্টিৰ ভোটগণনা  কৰা হয়৷ শিৱসাগৰ জিলা পৰিষদৰ কাযাৰ্লয়ৰ চৌহদত স্থাপন কৰা অস্থায়ী ভোটগণনা কক্ষত পুৱা আঠ বজাৰ পৰা ভোটগণনা আৰম্ভ হয়৷ ভোটগণনাৰ অন্তত ঘোষিত ফলাফল অনুসৰি ৭ নং ৰজাবাৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী বৈকুণ্ঠ দেউৰীক ৫৫৩ টা ভোটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে৷ ভৈৰৱ দেউৰীয়ে ৯৭০ টা ভোট লাভ কৰাৰ বিপৰীতে বৈকুণ্ঠ দেউৰীয়ে ৪১৭টা ভোট লাভ কৰে৷ ৰজাবাৰী সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপাঞ্জল দেউৰীয়ে ১১৭ টা লাভ কৰি তৃতীয় স্থানত থাকে৷ ৰজাবাৰী সমষ্টিত ২০৩৩ জন ভোটাৰৰ ভিতৰত ১৫৫৮ জনে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল৷ ইফালে ৬ নং কটিয়ৰী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হীৰণজিৎ বীৰেশ্বৰ দেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী তথা সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হৰিগোবিন্দ দেউৰীক ১০৯ টা ভোটত পৰাস্ত কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ কটিয়ৰীত হীৰণজিৎ বীৰেশ্বৰ দেউৰীয়ে ৫২৭ টা , নিৰ্দলীয় হৰিগোবিন্দ দেউৰীয়ে ৪১৮ টা, কংগ্ৰেছ দলৰ বসন্ত দেউৰীয়ে ১১৫ টা আৰু ৰাইজৰ দলৰ ধৰ্মেশ্বৰ দেউৰীয়ে ৫৬ টা ভোট লাভ কৰে৷ সমষ্টিটো নিৰ্দলীয় প্ৰাৰ্থী হৰিগোবিন্দ দেউৰীয়ে বিজেপি দলক তীব্ৰ প্ৰত্যাহবান জনাবলৈ সক্ষম হয়৷ কটিয়ৰীত মুঠ ১৪৩৬ জন ভোটাৰৰ ভিতৰত মুঠ ১১৫৭ জনে নিজৰ ভোট সাব্যস্ত কৰিছিল৷  ইফালে এইবাৰৰ নিবাৰ্চনৰ আটাইতকৈ আকৰ্ষণীয় যুঁজখন দেখিবলৈ পোৱা যায় প্ত নং টেঙাপানী সমষ্টিত৷ এই সমষ্টিটো কংগ্ৰেছ প্ৰাৰ্থী সোণেশ্বৰ দেউৰীয়ে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেন দেউৰীক পৰাজিত কৰি চাৰিটা ভোটত জয় লাভ কৰে ৷ টেঙাপানীৰ জনপ্ৰিয় যুৱক তথা প্ৰাক্তন কাউন্সিলাৰ সোণেশ্বৰ দেউৰীয়ে অগপ দলৰ ভৱেন দেউৰীক প্ৰতিটো চুবুৰীতে আঘাত হানিবলৈ সক্ষম হয়৷ এই সমষ্টিটো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হয়৷ সমষ্টিটোত সোণেশ্বৰ দেউৰীয়ে ৩০৮ টা ভোট লাভ কৰে৷ ইফালে অগপ দলৰ ভৱেন দেউৰীয়ে ৩০৪ টা আৰু জিম’ছায়া পিপুলছ পাটীৰ হেমৰঞ্জন দেউৰীয়ে ৩০৩ টা ভোট লাভ কৰে আৰু আপৰ প্ৰাথ¹ অসীম দেউৰীয়ে মাত্ৰ ১৬ টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ এই সমষ্টিত ১১৫৩  জন ভোটাৰৰ ভিতৰত ৯৬০  জনে ভোট সাব্যস্ত কৰিছিল৷ জেপিপিৰ প্ৰাৰ্থী হেমৰঞ্জন দেউৰীয়ে অগপৰ প্ৰাৰ্থী ভৱেন দেউৰীক তীব্ৰ প্ৰত্যাহবান জনাবলৈ সক্ষম হয়৷ উল্লেখ্য যে সুশান্ত বৰগোহাঁইয়ে বিজেপি দলত যোগদান কৰি বিধায়ক নিবাৰ্চিত হোৱাৰ পিছৰে পৰা থাওৰাত কংগ্ৰেছ দলটো এক প্ৰকাৰ নিশকটীয়া হৈ পৰিছিল যদিও শেহতীয়াকৈ যুৱ নেতা তথা এপিচিচিৰ সম্পাদক অজয় কুমাৰ গগৈৰ সৱল নেতৃত্বত দলটোৱে সাংগঠনিক ভেটি মজবুত কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰে ফলশ্ৰুতিত কংগ্ৰেছ প্ৰাৰ্থী সোণেশ্বৰ দেউৰীয়ে বিজয় সাব্যস্ত কৰে আৰু কংগ্ৰেছ শিবিৰলৈ আনন্দৰ জোৱাৰ আনিবলৈ সক্ষম হয়৷ আজি ডিমৌত থকা কংগ্ৰেছৰ ৰাজীৱ ভৱনত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে আৰু সকলোৱে আটচবাজী ফুটাই কংগ্ৰেছ জিন্দবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ ইফালে বিজেপি দলৰ দুয়োগৰাকী বিজয়ীকে  দলীয় কৰ্মীসকলে ডিমৌ চাৰিআলিৰ পৰা সমদল কৰি আদৰি নিয়ে আৰু দলীয় কৰ্মীসকলে ফুলাম গামোচাৰে আদৰণি জনায়৷

তিনি নং মাৰ্ঘেৰিটা দেউৰী পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী যোগেন দেউৰীৰ জয় লাভ

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত তিনি নং মাৰ্ঘেৰিটা [এছ টি..] সমষ্টিত বিজেপি প্ৰাৰ্থী যোগেন দেউৰীয়ে জয়লাভ কৰে চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা থকা সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী বিমল দেউৰীক মাত্ৰ ১৮৮ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয় ভোটদানদান হোৱা ১২৯২ টা ভোটৰ ভিতৰত বিজেপি প্ৰাৰ্থী যোগেন দেউৰীয়ে ৬৪৪ টা, নিৰ্দলীয় প্ৰাৰ্থী বিমল দেউৰীয়ে ৪৫৬ টা, নিৰ্দলীয় প্ৰাৰ্থী হেৰম্ব দেউৰীয়ে ১১৬ টা আৰু কংগ্ৰেছ প্ৰাৰ্থী খগেশ্বৰ দেউৰীয়ে মাত্ৰ ৬৬ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয় দহটা ভোট নাকচ হয় যোৱা ৮নৱেম্বৰত পাঁচটা কেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণত ৮২.০৮শতাংশ ভোটদান হৈছিল ফলাফল ঘোষনাৰ পাছতে মাৰ্ঘেৰিটাত বিজেপি দলৰ কৰ্মী সমৰ্থকৰ মাজত ব্যাপক উল্লাস সৃষ্টি হয়৷

মন্ত্ৰী ৰণোজ পেগুৰ সমষ্টিত এখন আসনতে সন্তুষ্ট থাকিবলগীয়া হ’ল বিজেপি

দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত এইবাৰ জিমচিয়া পিপলচ পাৰ্টি [জেপিপি]ৰ হাতত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল বিজেপি দল৷ ৰাজ্যিাক বিজেপিয়ে ৰাজ্যখনৰ ২২ খন আসনতে জয়লাভ কৰিব বুলি দাবী জনাই আহিছিল যদিও ঘোষিত ফলাফলত বিজেপি দেল ১১ খন আসনতে ক্ষান্ত থাকিবলগা হয়৷ বিজেপিৰ প্ৰৱল প্ৰচাৰৰ পিছতো জেপিপিৰ প্ৰতি ৰাইজৰ সমৰ্থনৰ বাবেই বিজেপিয়ে আশা কৰাৰ দৰে আসন লাভ কৰিবলৈ সক্ষম হয়৷ আজি ঘোষিত ফলাফলত ৰাজ্যখনৰ ২২ টা পৰিষদীয় সমষ্টিৰ ভিতৰত লখিমপুৰত বিজেপিয়ে সাতখন আসনৰ ভিতৰত তিনিখন আৰু অগপই এখন আসন লাভ কৰে৷ জিলাখনত জেপিপিয়ে তিনিখন আসনত বিজেপিয়ে প্ৰৱল প্ৰত্যাহ্বান জনায় জয়লাভ কৰিবলৈ সক্ষম হয়৷ একেদৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সমষ্টিত বিজেপি দলে মুখ থেকেচা খাবলগীয়া হ’ল৷ বিজেপি দলৰ শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতা আহিও ৰক্ষা কৰিব নোৱাৰিলে পৰিষদীয় চাৰিটা  সমষ্টি৷ তেওঁৰ নিকট মন্ত্ৰীগৰাকীৰ সমষ্টিত বিজেপিয়ে মাত্ৰ এখন আসন লাভ কৰাৰ বিপৰীতে জে পিপিয়ে দুখন, নিৰ্দলীয়াই এখন আৰু জোনাই সমষ্টিৰ আসনখনো জেপিপিয়ে লাভ কৰে৷ উল্লেখ যে ধেমাজি জিলাখনৰ ১৩ নং বৰদলনী সমষ্টিত জেপিপিৰ প্ৰাৰ্থী জিন্টুচান দেউৰীয়ে বিজেপিৰ চিদানন্দ দেউৰীক ৪১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ১০ নং চিচিবৰগাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী দেৱকান্ত দেউৰীয়ে বিজেপিৰ প্ৰাৰ্থী ভৱানী দেউৰীক ১৩৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ ১৪ নং গোগামুখ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাকেশ দেউৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হেমচন্দ্ৰ বৰদেউৰীক চ্ছটা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ১১ নং শ্ৰীপানি সমষ্টিত জেপিপিৰ প্ৰাৰ্থী বীণাপানি দেউৰীয়ে কংগ্ৰেছৰ টুটুমণি দেউৰীক ১৬২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয়৷ ইপিনে ১২ নং জোনাই সমষ্টিত জেপিপিৰ ৰাকেশ দেউৰী ৬টা ভোটৰ ব্যৱধানত জয় লাভ কৰে৷ লক্ষণীয় যে সমষ্টিটোত কংগ্ৰেছে মাত্ৰ ২ টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ লখিমপুৰ জিলাখনৰ সাত সমষ্টিৰ বিপৰীতে ২০ নং বঙালমৰা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰফুল্ল দেউৰীয়ে ১৫৪ টা ভোটৰ ব্যৱধানত জয়ী হয়৷ ২১ নং গাভৰু টুনিজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমা দেউৰীয়ে ২৬ টা ভোটৰ ব্যৱধানত জেপিপিৰ প্ৰাৰ্থী মহেশ দেউৰীক পৰাজিত কৰে৷ ১৮নং পিছলা সমষ্টিত জেপিপিৰ ৰিংকুমণি দেউৰী জয়ী হয়৷ ১৭ নং কাচিকটা সমষ্টিত জেপিপিৰ বীৰেণ দেউৰী জয়ী হয়৷ আনহাতে ১৬ নং বাঁহগড়া সমষ্টিত এজিপি প্ৰাৰ্থী নন্দিতা দেউৰী জয়ী হয়৷ ১৯নং কিনাপথাৰ সমষ্টিত জেপিপিৰ প্ৰৰ্থী বিজুমণি দেউৰী বিজয়ী হয় আৰু ১৫ নং বৰদেউৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অমৃতপ্ৰভা দেউৰী ১৫৬ টা ভোটৰ ব্যৱধানত জয়ী হয়৷ লক্ষণীয় কথা যে দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত এইবাৰ দেউৰী ৰাইজে শাসনাধিষ্ঠ দল তথা অন্যান্য দলৰ ধনবল, ব্যাপক প্ৰচাৰ অভিযানৰ বিপৰীতে যোগ্য প্ৰাৰ্থীকহে  গুৰুত্ব দিলে সেয়া নিৰ্বাচনী ফলাফলে প্ৰমাণিত কৰিলে৷ বিশেষকৈ শাসনত দলৰ মন্ত্ৰী বিধায়কে ১২-১৩ দিন ধৰি গিজ্‌ গিজাই থকা লখিমপুৰৰ ৭ টা সমষ্টিত বিজেপিয়ে মাথো তিনিখন আসন লাভ কৰাৰ বিপৰীতে অগপই এখন আৰু জেপিপিয়ে তিনিখন আসন লাভ কৰে৷

গহপুৰত বিজেপি প্ৰাৰ্থী বিজয়ী

 আজি ঘোষিত দেউৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত বিশ্বনাথ জিলাৰ ২২ নং গহপুৰ দেউৰী পৰিষদীয় সমষ্টিটো পুনৰবাৰ বিজেপিয়ে দখলত ৰাখিবলৈ সক্ষম হয়৷ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত অনুষ্ঠিত ভোট গণনাত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শশাংক বৰদেউৰীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি প্ৰাৰ্থী হেমন্ত দেউৰীক ৯৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ১৪৯০টা বৈধ ভোটৰ বিপৰীতে শশাংক বৰদেউৰীয়ে ৭৭৯টা ভোট লাভ কৰাৰ বিপৰীতে হেমন্ত দেউৰীয়ে ৬৮৪টা ভোট লাভ কৰে৷ অন্যহাতে আম আদমিৰ প্ৰাৰ্থী ৰাজু দেউৰীয়ে মাত্ৰ ২৬টা ভোটহে লাভ কৰে৷ ৰটা ভোট ন’টাত দিয়াৰ বিপৰীতে ৩২টা ভোট অবৈধ ঘোষিত হয়৷

এয়া বিজেপিৰ পতনৰ আৰম্ভণিঃ অজাপ

দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৭খন আসনত বিজয় সাব্যস্ত কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জে পি পি দলক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতি যোগে দেউৰী পৰিষদৰ নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী নৱনিৰ্বাচিত পাৰিষদক অভিনন্দন জনাই কয় যে শাসনাধিষ্ঠিত দল বিজেপিয়ে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি ভীষণ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ পাছতো জে পি পি দলে ২২খনৰ ৭খন আসন দখল কৰিব পৰাটো আঞ্চলিকতাবাদৰ প্ৰতি ৰাইজৰ আস্থাৰ কথা সূচায় আৰু সেই দৃষ্টিকণত জে পি পি দলটোক সকলোৱে অভিনন্দন জনোৱা উচিত৷ আনহাতে ২২খনৰ আটাইকেইখন আসন পাম বুলি দাবী কৰা বিজেপিয়ে মাত্ৰ ১১খন আসন লাভ কৰাটোৱে বিজেপিক যে ৰাইজে প্ৰত্যাখ্যান কৰিবলৈ লৈছে, তাৰে ইংগিত দিয়ে৷ এয়া বিজেপিৰ পতনৰ আৰম্ভণিহে৷ অনাগত দিনত অধিক ৰাজনৈতিক পতনৰ বাবে বিজেপি দল সাজু থাকক৷