Logo
image

সাংসদ সঞ্জয় ৰাউতৰ গ্ৰেপ্তাৰ আছিল অবৈধ

আমাৰ অসম, ১১ নৱেম্বৰঃ   ‘শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউতক অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল৷’ সাংসদগৰাকীক জামিন দিয়াৰ সময়ত এই মন্তব্য আগবঢ়াইছে মুম্বাইৰ বিশেষ আদালতৰ ন্যায়াধীশ এম জি দেশপাণ্ডেই৷ ন্যায়াধীশ গৰাকীৰ এই মন্তব্যৰ লগে লগে প্ৰমাণিত হৈছে যে শাসকীয় দলসমূহে বিৰোধীক দুৰ্বল কৰিবলৈ বা ভয়-ভাবুকি প্ৰদান কৰিবলৈ তদন্তকাৰী সংস্থাসমূহকো ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ বুধবাৰে সঞ্জয় ৰাউতৰ জামিনৰ ৰায়দান কৰাৰ সময়ত ন্যায়াধীশ দেশপাণ্ডেই কয়– মুম্বাইৰ এটা বস্তি অঞ্চলক লৈ হোৱা বিবাদ সন্দৰ্ভত সঞ্জয় ৰাউতৰ বন্ধু প্ৰবীন ৰাউতক গ্ৰেপ্তাৰ কৰা হৈছিল৷ কিন্তু সঞ্জয় ৰাউতক যিটো কাৰণত গ্ৰেপ্তাৰ কৰা হৈছিল সেয়া গ্ৰেপ্তাৰৰ বাবে যথেষ্ট নহয়৷’ অৰ্থাৎ এক কথাত ক’বলৈ গ’লে কাৰণ অবিহনেই গ্ৰেপ্তাৰ কৰা হৈছিল সাংসদগৰাকীক৷ ন্যায়াধীশগৰাকীয়ে ‘বিত্তীয় খেলিমেলি আৰু অৰ্থনৈতিক অপৰাধৰ অভিযোগত এজন নীৰিহক গ্ৰেপ্তাৰ কৰা’ বুলিও উল্লেখ কৰে৷ এনেক্ষেত্ৰত ৰাউতৰ গ্ৰেপ্তাৰক বিশেষ ন্যায়াধীশগৰাকীয়ে ‘অবৈধ’ বুলি উল্লেখ কৰে৷ স্মৰ্তব্য মুম্বাইৰ এটা বস্তি অঞ্চলৰ নিৰ্মাণকাৰ্যত হোৱা অনিয়মৰ সৈতে সাঙোৰ খাই পৰিছিল শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউত আৰু তেওঁৰ পত্নীৰ নাম৷ ইয়াৰ পাছত যোৱা এক আগষ্টত ইডিয়ে সাংসদ ৰাউতৰ ঘৰত তালাচী চলোৱাৰ লগতে পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰে৷ সাংসদ ৰাউত যোৱা ৩ মাহ ধৰি মুম্বাইৰ আৰ্থাৰ ৰোড জে’লত বন্দী হৈ থকাৰ পাছত বুধবাৰে বিয়লি জামিনত মুক্তি পায়৷