Logo
image

জেলেনস্কিক দিয়া হ’ল ‘অস্কাৰ’

আমাৰ অসম, ১১ নৱেম্বৰঃ  ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমাইৰ জেলেনস্কিয়ে অস্কাৰ লাভ কৰিছে৷ এই বাতৰিয়ে খলকনি তুলিছে বিশ্বত৷ আচলতে অস্কাৰ বিজয়ী মাৰ্কিন অভিনেতা শন পেনে লাভ কৰা দুটা অস্কাৰৰ এটা জেলেনস্কিক উপহাৰ হিচাপে আগবঢ়াইছে৷ বুধবাৰে জেলেনস্কিৰ টেলিগ্ৰাম চেনেলৰ পোষ্টত অভিনেতা শন পেনে নিজৰ এটা ‘অস্কাৰ ষ্টেচু’ জেলেনস্কিক উপহাৰ হিচাপে দিয়া দেখা যায়৷ ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পেনক ইউক্ৰেইনৰ ‘অৰ্ডাৰ অৱ মেৰিট’ সন্মানেৰে সন্মানিত কৰে৷  ২০০৩ আৰু ২০০৪ চনত শন পেনে একেৰাহে দুবাৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে অস্কাৰ লাভ কৰিছিল৷ তাৰেই এটা জেলেনস্কিক উপহাৰ হিচাপে আগবঢ়ায় তেওঁ৷ উল্লেখ্য, এগৰাকী দক্ষ অভিনেতা হোৱাৰ লগতে ৰাজনৈতিকভাৱেও সচেতন শন পেনে শেহতীয়াকৈ ইউক্ৰেইন ভ্ৰমণ কৰাৰ লগতে ৰাছিয়াৰ সামৰিক অভিযানক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷ ইউক্ৰেইন ভ্ৰমণৰ পাছত তেওঁ এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয়– ‘ইউক্ৰেইনৰ পৰিৱেশে মোক সিহঁৰিত কৰি তুলিছে৷ কিন্তু দুৰ্যোগৰ এই কঠিন সময়ছোৱাত জেলেনস্কিয়ে যিদৰে সাহস, বুদ্ধি, প্ৰেম আৰু আত্মসন্মানৰ প্ৰতীক হৈ থিয় দিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়৷’ অভিনেতা শন পেনে জেলেনস্কিৰ সৈতে হোৱা সাক্ষাতৰ কেইটামান মুহূৰ্ত নিজৰ টুইটাৰ একাউণ্টযোগেও শ্বেয়াৰ কৰে৷