টীম ইণ্ডিয়াৰ বিপৰ্যয়
কৰ’না ভাইৰাছে সৃষ্টি কৰা স্থবিৰতাৰ পাছত বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাত ভাগ লৈছিল৷ টুৱেণ্টী২০ শৃংখলাত ২-ৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত প্ৰত্যাৱৰ্তন কৰি তিনিখন খেলৰ এদিনীয়া শৃংখলাত অনুৰূপ ব্যৱধানত জয়ী হৈছিল বিৰাট কোহলিৰ দলটো৷ কিন্তু টেষ্ট শৃংখলাৰ প্ৰথমখন খেলতে চৰম বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল বিশ্বৰ অন্যতম শক্তিশালী দলটো৷ দীৰ্ঘসময় টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানত থকা ভাৰতে এডিলেইডৰ প্ৰথম টেষ্টত অষ্ট্ৰেলিয়াৰ ইনিংছ ১৯১ ৰানত সীমিত ৰাখি ৫৩ ৰানৰ অগ্ৰগতি লাভ কৰিলেও দ্বিতীয় ইনিংছত দেখা গ’ল দলটোৰ বেটছমেনৰ চৰম ব্যৰ্থতা৷ অষ্ট্ৰেলিয়াৰ পেচ বলাৰদ্বয় পেট কামিন্ছ আৰু জোছ হেজেলউদৰ সন্মুখত ভাৰতীয় বেটছমেনৰ দুৰ্বলতা দৃষ্টিকটু হৈ পৰিছিল৷ ২১.২ অভাৰ বেটিং কৰি মাত্ৰ ৩৬ ৰানত দ্বিতীয় ইনিংছ সমাপ্ত হৈছিল ভাৰতৰ, যিটো হৈছে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত ভাৰতৰ সৰ্বনিম্ন স্ক’ৰ৷ ভাৰতৰ এই প্ৰদৰ্শনৰ পাছত অষ্ট্ৰেলিয়া প্ৰথম টেষ্টত অনায়াসে জয়ী হৈছিল আঠ উইকেটত৷ এই শোচনীয় প্ৰদৰ্শনৰ পাছত কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় দলটো৷ প্ৰথম টেষ্টৰ বাবে ভাৰতৰ মূল একাদশ নিৰ্বাচনক লৈও সমালোচনাৰ সন্মুখীন হৈছে টীম মেনেজমেণ্ট৷ পৃথ্বি শ্ব’ আৰু মায়ংক আগৰৱালাক ইনিংছ মুকলি কৰাৰ দায়িত্ব দিয়াৰ পৰিৱৰ্তে অভিজ্ঞ লোকেশ ৰাহুল আৰু শুভমন গীলক সুযোগ দিয়া উচিত আছিল বুলি প্ৰাক্তন ক্ৰিকেটাৰ বীষেণ সিং বেদীৰ লগতে আন কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰে মন্তব্য কৰিছে৷ তাৰ মাজতে অৱশ্যে প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰ থিয় হৈছে বিৰাট কোহলিবাহিনীৰ পক্ষত৷ গাভাস্কাৰৰ মতে, কেৱল ভাৰতীয় দলেই নহয়, এডিলেইড টেষ্টৰ দ্বিতীয় ইনিংছত কামিন্ছ আৰু হেজেলউদে যি বলিং কৰিছিল, তাৰ সন্মুখত যিকোনো বেটছমেনেই অসহায় হৈ পৰিলহেঁতেন৷ গাভাস্কাৰৰ এই যুক্তি মানি ল’ব পাৰিলেও মাত্ৰ ৩৬ ৰানত ইনিংছ সামৰাৰ কোনো অজুহাতেই মানি ল’ব পৰা নাযায়৷
প্ৰথম টেষ্টত হোৱা বিপৰ্যয়ৰ পাছত ২৬ ডিচেম্বৰৰ পৰা মেলব’ৰ্ন ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হ’বলগীয়া দ্বিতীয় টেষ্টৰ বাবে মনস্তাত্ত্বিক দিশত বহুখিনি পিছপৰি ৰ’ল ভাৰতীয় দল৷ দ্বিতীয় টেষ্টৰ বাবে মূল একাদশত কোন কোন ক্ৰিকেটাৰক স্থান দিয়া হ’ব, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ অধিনায়ক বিৰাট কোহলিও পিতৃত্বকালীন ছুটী লৈ স্বদেশলৈ উভতিব৷ তেনে স্থিতিত দলটোক নেতৃত্ব দিয়াটোও এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব অজিংক্য ৰাহানেৰ বাবে৷ উল্লেখ্য, ২০১৮-১৯ বৰ্ষত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মেলব’ৰ্নত অনুষ্ঠিত বক্সিং ডে’ টেষ্টত [২৬ ডিচেম্বৰত আৰম্ভ হোৱা টেষ্ট] ভাৰত জয়ী হৈছিল ১৩৭ ৰানত৷ এইবাৰ সেই প্ৰদৰ্শনৰ পুনৰাবৃত্তি সম্ভৱ হ’বনে? ২০১৮-১৯ বৰ্ষত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিহাস গঢ়িছিল বিৰাট কোহলিৰ দলটোৱে৷ কিন্তু এইবাৰ কি হ’ব? মেলব’ৰ্ন ক্ৰিকেট গ্ৰাউণ্ডত ভাৰতৰ ৰেকৰ্ড একেবাৰে উৎসাহজনক নহয়৷ এইপৰ্যন্ত মেলব’ৰ্নত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩খন টেষ্টত ভাগ লৈ কেৱল তিনিখনত জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছে আঠখন টেষ্টত৷ তাৰ বিপৰীতে অমীমাংসিত হৈছে দুখন টেষ্ট৷ তাৎপৰ্যপূৰ্ণ যে ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়াত জয় কৰা প্ৰথমখন টেষ্ট আছিল মেলব’ৰ্নত৷ সেয়া আছিল ১৯৭৭ চনত৷ আনহাতে, ২০১৪ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত মেলব’ৰ্নত অনুষ্ঠিত টেষ্টখন অমীমাংসিত হৈ ৰৈছিল৷ এতিয়া সকলোৰে লক্ষ্য হ’ব ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় টেষ্টত ভাৰতীয় দলৰ ৰণকৌশল কি হ’ব৷ বিৰাট কোহলিৰ অনুপস্থিতিত দলটো ২০১৮-১৯ বৰ্ষৰ প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাবলৈ সক্ষম হ’বনে?