Logo
image

বিদেশী ক্ৰাইম ছিৰিজৰ দৰে মুখা পিন্ধি ডকাইতি

আমাৰ অসম, ১১ নৱেম্বৰঃ   অসমৰ কোনো এখন গাঁও বা চহৰত কোনো দুৰ্বৃত্তই মুখা পিন্ধি ডকাইতি কৰাৰ কথা আপুনি কল্পনা কৰিব পাৰেনে? অসমৰ দৰে এখন ঠাইত এনে ঘটনা ঘটিব পাৰে বুলি ভাবিব পাৰিনে? আপুনি কল্পনা কৰক বা নকৰক, এইখন অসমতে ঘটি গ’ল দুৰ্বৃত্তই মুখা পিন্ধি ডকাইতি কৰাৰ দৰে দুঃসাহসিক ঘটনা৷ গোটেই ঘটনাটো বিদেশী ক্ৰাইম ছিৰিজৰ দৰে৷ পৃথিৱী তোলপাৰ লগোৱা জনপ্ৰিয় স্পেনিছ ৱেব ছিৰিজ ‘মানী হেইষ্ট’ৰ চৰিত্ৰসমূহৰ দ্বাৰা ‘অনুপ্ৰাণিত’ হৈয়েই সেই চৰিত্ৰসমূহৰ দৰে ৰং-বিৰঙী মুখা পিন্ধি ডকাইতি কৰা ৯টা দুৰ্বৃত্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ এই মুখাধাৰী ডকাইতৰ দলটোৰ সদস্য সংখ্যা কুৰিৰো অধিক হ’ব বুলি আৰক্ষীয়ে  সন্দেহ কৰিছে আৰু সেইসূত্ৰেই মুখাধাৰী ডকাইতৰ দলটোৰ পলাতক সদস্যৰ সন্ধানত দিন-ৰাতি একাকাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনাটো সংঘটিত হৈছে হোজাই জিলাত৷ আৰক্ষীয়ে দিয়া ঘটনাৰ বিৱৰণী মতে, বিগত ৪৮ ঘণ্টাত হোজাই আৰক্ষীয়ে ৯টা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে৷ চুৰি-ডকাইতিৰে জড়িত এই দুৰ্বৃত্তকেইটা অগৰু কাঠৰ চোৰাং সৰবৰাহৰ সৈতেও জড়িত৷ হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত হোজাই আৰু মোৰাঝাৰ আৰক্ষীয়ে বুধবাৰে নীলবাগানৰ আশীনগৰত অভিযান চলাই চাৰিটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে৷ দুৰ্বৃত্তকেইটাৰ পৰা আৰক্ষীয়ে এখন নম্বৰপ্লেটবিহীন বগা এল্টো গাড়ী, গ্ৰীল কটা অস্ত্ৰৰ লগতে বিভিন্ন ধৰণৰ কেইবাখনো মুখা উদ্ধাৰ কৰে৷ বুধবাৰে ধৃত চাৰি দুৰ্বৃত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে হোজাইৰ পূব ধনীৰাম পথাৰৰ পৰা আন এটা ডকাইতক গ্ৰেপ্তাৰ কৰে৷ ধৃত ডকাইতটোৰ গুদামৰ পৰা বৃহৎ পৰিমাণৰ মূল্যৱান অগৰু কাঠৰ উপৰি বহুসংখ্যক ৰং-বিৰঙী মুখা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ জেৰাত দুৰ্বৃত্তকেইটাই স্বীকাৰ কৰা মতে, বিগত সময়ছোৱাত নীলবাগান, মোৰাঝাৰ, ইছলাম নগৰ আৰু গোপাল নগৰকে ধৰি হোজাই জিলাৰ বিভিন্ন ঠাইৰ বহুসংখ্যক ব্যৱসায়ী আৰু আঢ্যৱন্ত লোকৰ ঘৰত ডকাইতৰ দলটোৱে মুখা পিন্ধি ডকাইতি কৰে৷ নীলবাগানৰ অগৰু ব্যৱসায়ী জাকিৰ উদ্দিন চৌধুৰীৰ ঘৰৰ গ্ৰীল কাটি কিছুদিন পূৰ্বে এই মুখাধাৰী ডকাইতৰ দলটোৱে প্ৰায় ৮০ কিলোগ্ৰাম সুগন্ধী অগৰু কাঠ লুট কৰি নিয়ে– যিখিনিৰ মূল্য এক কোটি টকাৰো অধিক৷ চিচি টিভিৰ ফুটেজত যাতে দুষ্কাৰ্যকাৰীৰ মুখ বন্দী নহয়, তাৰ বাবেই চুৰি-ডকাইতিৰ সময়ত ৰং-বিৰঙী মুখা পিন্ধে ডকাইতৰ দলটোৱে৷ আৰক্ষীৰ ধাৰণা– এয়া ক্ৰাইম ছিৰিজৰ পৰা গ্ৰহণ কৰা কৌশল৷ বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটা ক্ৰমে হোজাইৰ ঠিকাদাৰবস্তিৰ ফইজউদ্দিন আৰু ৰিয়াজুল আহমেদ, ডবকাৰ আছিক আহমেদ আৰু ৰনং কাকীৰ চাহাবউদ্দিন৷ পূব ধনীৰাম পথাৰৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইতৰ দলটোৰ মাষ্টাৰমাইণ্ডৰ নাম আব্দুছ ছুবুৰ চৌধুৰী৷ কেউটা ডকাইতকে ইতিমধ্যে আদালতে জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷ ইপিনে, এইকেইটা ডকাইতৰ পৰা পোৱা তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে পুৱতিনিশা যোগীজাৰ পৰা আৰক্ষীয়ে আব্দুল গফুৰ, আবিদুল ইছলাম, ফইজুৰ ৰহমান আৰু আজিজুৰ ৰহমান নামৰ আন চাৰিটা ডকাইতক গ্ৰেপ্তাৰ কৰে৷ সিহঁতৰ পৰা উদ্ধাৰ কৰা হয় চাৰিটা অত্যাধুনিক মোবাইল ফোনৰ লগতে নগদ দুই লাখ টকা, তিনি কেজি সাঁচিকাঠ আৰু এএছ০১ ইএফ ৮১৮২ নম্বৰৰ এখন গাড়ীৰ উপৰি বহু আপত্তিজনক নথি-পত্ৰৰ লগতে বহু পৰিমাণৰ ৰং-বিৰঙী মুখা৷ এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ২৪৪/২০২২ নম্বৰ গোচৰ ৰুজু কৰিছে৷ সাধাৰণ দৃষ্টিত সাধাৰণ অপৰাধ যেন লগা এই ঘটনাই ইতিমধ্যে অসম আৰক্ষীকো জোকাৰি গৈছে৷ উল্লেখ্য, সমগ্ৰ পৃথিৱী সম্প্ৰতি এখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰিত হৈছে– ইণ্টাৰনেট আৰু অন্যান্য কাৰণত৷ সেইসূত্ৰে অসমৰ কথা সমগ্ৰ পৃথিৱীয়ে জানে আৰু সমগ্ৰ পৃথিৱীৰ কথা অসমে জানে৷ এই জনা কথাবোৰৰ ভিতৰত ভাল আৰু বেয়া দুয়োটাই আছে৷ ইণ্টাৰনেটত ক্ৰাইম ছিৰিজ চোৱাটো এতিয়া তেনেই সহজ হৈ পৰিছে৷ কেৱল ইংৰাজীয়েই নহয়, বিভিন্ন ভাষাৰ আৰু বিভিন্ন দেশৰ ক্ৰাইম ছিৰিজ এতিয়া অসমৰ কোনো এখন গাঁৱত বহিয়েই চাব পাৰি৷ পৃথিৱীজুৰি জনপ্ৰিয়তাৰ লহৰ লেখা স্পেনিছ ৱেব ছিৰিজ ‘মানী হেইষ্ট’ত অপৰাধৰ বিভিন্ন কৌশল দেখুওৱা হয়৷ ছিৰিজটোত অপৰাধী চক্ৰটোৰ মাষ্টাৰমাইণ্ডৰ চৰিত্ৰটো এজন অধ্যাপকৰ৷ ইউৰো ছপা কৰাৰ দৰে দুঃসাহসিক কামত জড়িত হৈ পৰা এটা অপৰাধী চক্ৰৰ কাহিনীও অংকন কৰা হৈছে ৱেব ছিৰিজটোত৷ অপৰাধী চক্ৰটোৰ নায়কজনে তেওঁৰ অপৰাধ সাম্ৰাজ্য বিস্তাৰ কৰিবৰ বাবে বিভিন্ন ঠাইৰ পৰা আঠজন অতি উচ্ছাকাংক্ষী মানুহ নিৰ্বাচন কৰে– যিসকলৰ হেৰুৱাবলৈ একোৱেই নাই, কিন্তু পাবৰ বাবে আছে প্ৰচণ্ড হাবিয়াস৷ এই স্পেনিছ ৱেব ছিৰিজটোৰ জৰিয়তে এটা অতি ভয়ংকৰ অপৰাধৰ কাহিনী প্ৰথমবাৰলৈ ইণ্টাৰনেটত দিয়া হৈছিল– ২০১৭ চনৰ ২ মে’ত৷ ৱেব ছিৰিজটোৰ চৰিত্ৰসমূহৰ মুখত স্পেনিছ ভাষা দিয়া হৈছে যদিও এই ছিৰিজটো এতিয়া ইমানেই জনপ্ৰিয় যে পৃথিৱীৰ বহু ভাষাৰ বহু লোকে এই ছিৰিজটো ভালদৰে ‘বুজি’ পায়৷ নেটফ্লিক্সৰ শীৰ্ষস্থান দখল কৰিবলৈও সক্ষম হৈছে ‘মানী হেইষ্ট’৷ কেৱল ‘মানী হেইষ্টে’ই নহয়– ইণ্টাৰনেটত সম্প্ৰতি উপলব্ধ অসংখ্য ৱেব ছিৰিজ, ক্ৰাইম থ্ৰিলাৰ, ক্ৰাইম ছিৰিজ৷ ইণ্টাৰনেটৰ উপৰি টেলিভিছনতো সহজেই উপলব্ধ এনেধৰণৰ ক্ৰাইম ছিৰিজ৷ এতিয়াতো ক্ৰাইম ছিৰিজ মানুহৰ মোবাইলে মোবাইলে৷ এনেধৰণৰ ক্ৰাইম ছিৰিজে মানুহৰ মানসিকতাত, বিশেষকৈ যুৱপ্ৰজন্ম, হতাশগ্ৰস্ত লোক, অতি উচ্ছাকাংক্ষী লোক আৰু আৱেগিক লোকৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছে– এই কথা কৈছে পৃথিৱীৰ বিভিন্ন ঠাইৰ বহু সমাজ বিজ্ঞানী আৰু মনোবৈজ্ঞানিকে৷ আমেৰিকা, ব্ৰিটেইন, ৰাছিয়াৰ দৰে দেশৰ আৰক্ষী-চোৰাংচোৱায়ো অপৰাধৰ ক্ষেত্ৰত ক্ৰাইম ছিৰিজৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি স্বীকাৰ কৰিছে৷ অৰ্থনৈতিক অনগ্ৰসৰতা, সামাজিক অস্থিৰতা আৰু অত্যধিক প্ৰাণচাঞ্চল্যৰ লগতে লেকামবিহীন ক্ৰাইম ছিৰিজ পৃথিৱীৰ বহু অপৰাধৰ কাৰণ বুলি বহু বিশেষজ্ঞই মত পোষণ কৰিছে৷ নক’লেও হ’ব যে দেশৰ বিভিন্ন ঠাইত ক্ৰাইম ছিৰিজৰ আৰ্হিত বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত হৈছে৷ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইতো ঘটিছে এনেধৰণৰ ঘটনা৷ এইবাৰ হোজাইত ঘটিল এনেধৰণৰ দুঃসাহসিক অপৰাধৰ ঘটনা– যাৰ আধাৰ হৈছে এখন পৃথিৱী বিখ্যাত স্পেনিছ ৱেব ছিৰিজ– যাৰ চৰিত্ৰসমূহে মুখা পিন্ধি ডকাইতি কৰে...৷