Logo
image

মিত্ৰতাৰ বাবে ‘ওপৰৰ পৰা’ অৰ্ডাৰ আনিব আজমলে

আমাৰ অসম, ১১ নৱেম্বৰঃ  প্ৰদেশ কংগ্ৰেছ সেউজ সংকেট নিদিলেও কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ উত্ৰাৱল বদৰুদ্দিন আজমল৷ মিত্ৰতাৰ প্ৰস্তাৱ লৈ আজমল কংগ্ৰেছ হাইকমাণ্ডৰ ওচৰলৈ যাব৷ মিত্ৰতাৰ বাবে ওপৰৰ পৰা অৰ্দাৰ আনিব আজমলে৷ বৃহস্পতিবাৰে পুনৰবাৰ এই কথা স্পষ্ট কৰি দিয়ে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ তেওঁ কয়–প্ৰদেশ কংগ্ৰেছে মিত্ৰতা কৰা-নকৰা সন্দৰ্ভত কোনো সিদ্ধান্ত ল’ব নোৱাৰে৷ ওপৰত এই সন্দৰ্ভত সিদ্ধান্ত হ’লে প্ৰদেশ কংগ্ৰেছে সেই সিদ্ধান্ত মানিবই লাগিব৷ প্ৰদেশ কংগ্ৰেছে আমাৰ সৈতে বাৰে বাৰে বিশ্বাসঘটাকতা কৰিছে৷ তাৰ পাছতো আমি বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী সকলো শক্তি ঐক্যবদ্ধ হোৱাটো বিচাৰিছোঁ৷ মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ কাম-কাজ ৰাইজে দেখি আছে৷  ৰাইজে সিদ্ধান্ত ল’ব৷ ইউ ডি এফৰে মিত্ৰতা নকৰাকৈ নিৰ্বাচন খেলাৰ পাছত কংগ্ৰেছৰ অৱস্থা কি হ’ল সেয়া সকলো দেখিছে৷ আমাৰ ধাৰণা কংগ্ৰেছৰ যিমান নেতা আছে, যিসকলে ভাৰত জোড়ো কাৰ্যসূচী লৈ আছে তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ ‘পেইড চাৰ্ভেণ্ট’৷ মাহিলী পইচা লয় হিমন্ত বিশ্ব শৰ্মাৰ পৰা৷ তেওঁলোকে কেনেকৈ বিজেপিৰ বিৰুদ্ধে মাত মাতিব? সেইবাবে কংগ্ৰেছে এতিয়া ইউডিএফকহে মূলক শত্ৰু ৰূপে লৈছে৷ ইউডিএফক বিজেপিৰ ‘বি’ টীম আখ্যা দিয়া দল কংগ্ৰেছক ‘এটু জেড টীম’ আখ্যা দিয়ে আজমলে৷ তেওঁ আৰু কয়–নীতিশ কুমাৰৰ নেতৃত্বত দেশত মহাজোঁট গঠন হ’বলৈ গৈ আছে৷ আমি এতিয়াও ইউপিএৰ লগত আছোঁ৷ যদি নতুন মহাজোঁটত ইউপিএ থাকে নিশ্চিতভাৱে আমি সৰ্বভাৰতীয় মহাজোঁটত থাকিম৷ দুই এমাহৰ ভিতৰত নীতিশ কুমাৰ অসমলৈ আহিব৷ আচলতে এআইইউডিএফৰ জনপ্ৰিয়তাত শংকিত হৈছে কংগ্ৰেছ৷ কংগ্ৰেছে ভাৰত জোড়ো কাৰ্যসূচী ল’লেও ধুবুৰীত পূৰ্বতকৈ অধিক ভোটত জয়ী হ’ব ইউডিএফ৷

অসমৰ চৌদিশে এতিয়া কেৱল ইউডিএফ/ আজমল

যিদৰে সমগ্ৰ বিশ্বই ক্ৰিকেটাৰ বুলিলে শচীন তেণ্ডুলকাৰৰ নাম লয়; টেনিছ বুলিলে ছানীয়া মিৰ্জা, চলচ্ছিত্ৰকাৰ অমিতাভ বচ্ছন ঠিক সেইদৰে যাৰ জনপ্ৰিয়তা বেছি সেই নাম উচ্ছাৰিত হয়৷ এইদৰে এক উপমাৰে ধুবুৰীত সংবাদ মাধ্যমৰ সন্মুখত ইউডিএফৰ জনপ্ৰিয়তাৰ ঢাক–ঢোল পিটা দেখা পোৱা গ’ল স্থানীয় সাংসদ তথা ইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ৷ তেওঁৰ দাবী কেৱল ধুবুৰীতেই নহয়; সমগ্ৰ অসমতে ইউডিএফ, ইউডিএফ, ইউডিএফ৷ সেয়া লৈ কংগ্ৰেছৰ জ্বলন আৰম্ভ হোৱা বুলি কটাক্ষ কৰি তেওঁ আৰু কয় যে, ‘আৰে কালিৰ ল’ৰা; ১৮ বছৰ মাথোঁ হৈছে৷ ইমান নাম হৈ গ’ল ইউডিএফৰ; এওঁলোকক শেষ কৰিব লাগিব৷  লগতে কংগ্ৰেছক লৈ তেওঁৰ চাঞ্চল্যকৰ মন্তব্য, ‘বিজেপি তেওঁলোকৰ শত্ৰু নহয়৷ তেওঁলোকে বিজেপিৰ পৰা পইছা পায়৷ মইতো বাৰম্বাৰ কৈ আছোঁ তেওঁলোক পেইড ছাৰভেণ্ট৷  যিদৰে মানুহে চাকৰি কৰে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত তেওঁলোক সকলোৱে চাকৰি কৰে৷ সেয়ে হিমন্তৰ বিৰূদ্ধে একো নক’ব; বিজেপিৰ বিৰূদ্ধে নক’ব; কেৱল ইউডিএফক শেষ কৰিব লাগে৷’ আজমলৰ দাবী কংগ্ৰেছে ইউডিএফক বিজেপিৰ বি টিম বুলি অভিহিত কৰে যদিও দৰাচলতে কংগ্ৰেছ হ’ল বিজেপিৰ এবিচিডিই....জেড্‌ টিম৷ কংগ্ৰেছৰ একো একোজন বিজেপিৰ টিম৷ তেওঁলোকৰ সৈতে তিনিবাৰকৈ ‘গদ্দাৰি’, বেইমানি কৰা স্বত্ত্বেও বিজেপিক ৰোধ কৰাৰ স্বাৰ্থত; অসম আৰু কেন্দ্ৰৰ পৰা বিজেপিক বিদায় দিয়াৰ বাবে তেওঁ বাৰম্বাৰ কংগ্ৰেছৰে মিত্ৰতাৰ কথা কৈ অহা বুলিও সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰা দেখা যায়৷ উল্লেখ্য, আজি ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ পদ্মেৰ আলগাত নৈৰ খহনীয়া ৰোধ কৰাৰ বাবে আয়োজিত এক সমূহীয়া দোৱা অনুষ্ঠানত অংশ লয় তেওঁ৷ বিজ্ঞানৰ এই যুগত এইদৰে ঈশ্বৰৰ ওচৰত খহনীয়া ৰোধ কৰাৰ বাবে আশিস¸ মাগিলেই বৰলুইতৰ খহনীয়া বন্ধ হ’ব নে নহয় সেয়া নিশ্চিত নহয় যদিও বিজেপি চৰকাৰখনে দক্ষিণ শালমাৰাত খহনীয়া ৰোধ কৰাৰ বাবে কোনো পদক্ষেপ নোলোৱা বুলিও সংবাদিকৰ সন্মুখত অভিযোগ কৰে সাংসদ আজমলে৷